--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাক লৈ বৰ্তমান দেশৰ পৰিস্থিতি উত্তাল৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এই বিষয়টোক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। ইফালে, মণিপুৰৰ হিংসাত বিদেশী বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাক্তন সেনা প্ৰধান জেনেৰেল  এম এম নাৰৱনে। শুকুৰবাৰে (২৮ জুলাই) তেওঁ কয় যে মণিপুৰৰ হিংসাত বিদেশী সংস্থাৰ জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি।

জেনেৰেল এম এম নাৰৱনে কয় যে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ অস্থিৰতা দেশৰ সামগ্ৰিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে শুভ নহয়। মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহক চীনে দি থকা সহায়ৰ কথাও উল্লেখ কৰে।উল্লেখ্য যে দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিভংগীৰ ওপৰত আলোচনাৰ সময়ত মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছিল প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে।

এম এম নাৰৱনে আৰু কয় যে যিসকল ক্ষমতাত আছে আৰু যিসকলে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইসকলো গ্ৰহণৰ দায়িত্বত আছে, তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে বুলি মই নিশ্চিত। চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চীনে এই বিদ্ৰোহী সংগঠনসমূহক বহু বছৰ ধৰি সহায় কৰি আহিছে আৰু এতিয়াও সহায় কৰি যাব।

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত ড্ৰাগছ সৰবৰাহৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে ড্ৰাগছ সৰবৰাহ অতি দীৰ্ঘদিন ধৰি চলি আহিছে আৰু যোৱা কেইবছৰমানৰ পৰা জব্দ কৰা ড্ৰাগছৰ পৰিমাণ বৃদ্ধি পাইছে। সোণালী ত্ৰিভুজ (থাইলেণ্ড, ম্যানমাৰ আৰু লাওছৰ সীমাৰেখা লগ হোৱা অঞ্চল)ৰ পৰা আমি মাত্ৰ অলপ দূৰত্বত আছো। ম্যানমাৰ সদায় অশান্তি আৰু সামৰিক শাসনৰ অৱস্থাত বাস কৰি আহিছে। সেইবাবেই ড্ৰাগছ সৰবৰাহ সদায় চলি আহিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস