--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাক লৈ বৰ্তমান দেশৰ পৰিস্থিতি উত্তাল৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এই বিষয়টোক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। ইফালে, মণিপুৰৰ হিংসাত বিদেশী বাহিনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাক্তন সেনা প্ৰধান জেনেৰেল  এম এম নাৰৱনে। শুকুৰবাৰে (২৮ জুলাই) তেওঁ কয় যে মণিপুৰৰ হিংসাত বিদেশী সংস্থাৰ জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি।

জেনেৰেল এম এম নাৰৱনে কয় যে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ অস্থিৰতা দেশৰ সামগ্ৰিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে শুভ নহয়। মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহক চীনে দি থকা সহায়ৰ কথাও উল্লেখ কৰে।উল্লেখ্য যে দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিভংগীৰ ওপৰত আলোচনাৰ সময়ত মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছিল প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে।

এম এম নাৰৱনে আৰু কয় যে যিসকল ক্ষমতাত আছে আৰু যিসকলে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইসকলো গ্ৰহণৰ দায়িত্বত আছে, তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে বুলি মই নিশ্চিত। চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চীনে এই বিদ্ৰোহী সংগঠনসমূহক বহু বছৰ ধৰি সহায় কৰি আহিছে আৰু এতিয়াও সহায় কৰি যাব।

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত ড্ৰাগছ সৰবৰাহৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে ড্ৰাগছ সৰবৰাহ অতি দীৰ্ঘদিন ধৰি চলি আহিছে আৰু যোৱা কেইবছৰমানৰ পৰা জব্দ কৰা ড্ৰাগছৰ পৰিমাণ বৃদ্ধি পাইছে। সোণালী ত্ৰিভুজ (থাইলেণ্ড, ম্যানমাৰ আৰু লাওছৰ সীমাৰেখা লগ হোৱা অঞ্চল)ৰ পৰা আমি মাত্ৰ অলপ দূৰত্বত আছো। ম্যানমাৰ সদায় অশান্তি আৰু সামৰিক শাসনৰ অৱস্থাত বাস কৰি আহিছে। সেইবাবেই ড্ৰাগছ সৰবৰাহ সদায় চলি আহিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে