--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। শনিবাৰে জিৰিবামত সংঘটিত দুটা পৃথক ঘটনাত ৫জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, শুই থকা অৱস্থাত এজন লোকক গুলীয়াই হত্যা কৰা হয়। ইয়াৰ পিছত পাৰস্পৰিক গুলীচালনাত আন চাৰিজন লোক নিহত হয়। জিৰিবাম জিলা সদৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত্বত সংঘটিত হয় প্ৰথমটো ঘটনা। জানিব পৰা মতে, সন্দেহযুক্ত পাহাৰীয়া উগ্ৰপন্থীয়ে এটা ঘৰত প্ৰৱেশ কৰি বৃদ্ধজনক শুই থকা অৱস্থাত গুলীচালনা কৰে। নিহত লোকজনৰ নাম কুলেন্দ্ৰ সিংহা। ঘৰখনত তেওঁ অকলে বাস কৰিছিল।


ইয়াৰ পিছতে সংঘটিত হয় দ্বিতীয়টো ঘটনা। কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত গুলীচালনা হয়। এই গুলীচালনাত ৪ জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ মতে, শনিবাৰে পুৱাৰে পৰা অঞ্চলটোত গুলীচালনাৰ খবৰ পোৱা গৈছে। এনে পৰিস্থিতিত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।


ঘটনাৰ পিছত ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিছে। শনিবাৰে পুৱাৰে পৰা ইম্ফলৰ সকলো দোকান বন্ধ। হিংসাৰ পৰিপ্ৰেক্ষিতত পথ-বজাৰ নিৰ্জন হৈ পৰিছে। ইয়াত চৰকাৰে আইন-শৃংখলা বলবৎ নকৰাৰ প্ৰতিবাদত মণিপুৰ অখণ্ডতা সমিতিয়ে বিদ্যালয়-মহাবিদ্যালয়, কাম-কাজ বন্ধ আৰু লগতে ৰাজহুৱা কাৰ্ফিউৰ আহ্বান জনাইছে।

তথ্য অনুসৰিযোৱা নিশা ইম্ফল পশ্চিম আৰু ইম্ফল পূবত থকা মণিপুৰ ৰাইফলছৰ মুখ্য কাৰ্যালয়ত দুৰ্বিত্তই আক্ৰমণ চলায়। ক্ষুব্ধ দলটোৱে নিৰাপত্তাৰক্ষীৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুট কৰিব বিচাৰিছিল। চি আৰ পি এফ জোৱানৰ সৈতে আৰক্ষীয়ে প্ৰতিশোধ লয়। তেওঁ পেলেট বন্দুক পৰা কেইবাটাও গুলী চলায়। মক বোমা আৰু কন্দুৱা গেছৰ বোমা নিক্ষেপ কৰা হয়। গোটেই নিশাটো নিৰাপত্তা বাহিনী আৰু জনসমাগমৰ মাজত সংঘাত অব্যাহত থাকে। ৫ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। জেএনআইএমএছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁলোকক। এই পৰ্যন্ত অস্ত্ৰ বা গোলাবাৰুদ লুণ্ঠনৰ কোনো নিশ্চয়তা পোৱা নাই। অৱশ্যে দুয়োটা স্থানত সংঘটিত হিংসাত্মক ঘটনাত মৃত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে এসপ্তাহৰ ভিতৰত মণিপুৰত সংঘটিত এয়া চতুৰ্থটো ঘটনা। ১ ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে, ৭ দিনৰ ভিতৰত ৪টা বৃহৎ হিংসাত্মক ঘটনা সংঘটিত হৈছে। ৭ ছেপ্টেম্বৰৰ ঘটনাৰ বাহিৰেও বাকী তিনিটা ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১২জন লোক আহত হৈছে।


বিগত বৰ্ষৰ মে’ ২০২৩ৰ পৰা মণিপুৰত অব্যাহত আছে হিংসা। এই হিংসাত এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে । শুকুৰবাৰে নিশা বিষ্ণুপুৰ আৰু ইম্ফল পূৱ জিলাত নিশা ড্ৰ’ন দেখা পোৱাত আতংকিত হৈ পৰিছিল ৰাইজ। ইয়াৰ পিছত মানুহে ঘৰৰ লাইট বন্ধ কৰি দিয়ে। আৰক্ষীয়ে জনোৱা মতে, বিষ্ণুপুৰ জিলাৰ নাৰায়ণসেনা, নামবোল কামং আৰু ইম্ফল পূৱৰ পুখাও, দোলাইথাবি, শান্তিপুৰ অঞ্চলত ড্ৰ’ন উৰি থকা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু