--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ৷ নিৰাপত্তাহীনতাত ভুগিছে মণিপুৰবাসী৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং চহৰত শুকুৰবাৰে সংঘটিত হৈছে ৰকেট চালিত গ্ৰেনেড আক্ৰমণৰ ঘটনা৷ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা আক্ৰমণে ৰাজ্যখনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে(COCOMI)মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে। 

আক্ৰমণস্থলীত সংবাদ মাধ্যমক সম্বোধন কৰি কোকমি(COCOMI)ৰ আহ্বায়ক থকচম ছ’ম’ৰেন্দ্ৰই আৱাসিক এলেকাত ৰকেট বোমা ব্যৱহাৰ কাৰ্যক গৰিহণা দিছে। উন্নত অস্ত্ৰ ব্যৱহাৰকাৰী উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰতি চৰকাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অভিযোগ উত্থাপন কৰি ছ’ম’ৰেন্দ্ৰই কেন্দ্ৰীয় বাহিনীৰ দুৰ্বলতাক তীব্ৰ সমালোচনা কৰিছে৷ ছ’ম’ৰেন্দ্ৰই মণিপুৰৰ জনসাধাৰণক স্বতস্ফুতভৱে নিজৰ ভূমি সুৰক্ষিত কৰিবলৈ আহ্বান জনাই কয় সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো।

COCOMI ৰ অহ্বায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে মেইটেই সম্প্ৰদায়ক কেন্দ্ৰ কৰি ‘চিন-কুকি ৰাষ্ট্ৰ’ গঠন কৰাৰ ষড়যন্ত্ৰ চলি আছে। ৰাজ্যখনৰ সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ বাবে ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু ৰাজ্যখনৰ পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে COCOMI-এ। ৰাজ্য চৰকাৰেও বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু