--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ৷ নিৰাপত্তাহীনতাত ভুগিছে মণিপুৰবাসী৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং চহৰত শুকুৰবাৰে সংঘটিত হৈছে ৰকেট চালিত গ্ৰেনেড আক্ৰমণৰ ঘটনা৷ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা আক্ৰমণে ৰাজ্যখনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে(COCOMI)মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে। 

আক্ৰমণস্থলীত সংবাদ মাধ্যমক সম্বোধন কৰি কোকমি(COCOMI)ৰ আহ্বায়ক থকচম ছ’ম’ৰেন্দ্ৰই আৱাসিক এলেকাত ৰকেট বোমা ব্যৱহাৰ কাৰ্যক গৰিহণা দিছে। উন্নত অস্ত্ৰ ব্যৱহাৰকাৰী উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰতি চৰকাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অভিযোগ উত্থাপন কৰি ছ’ম’ৰেন্দ্ৰই কেন্দ্ৰীয় বাহিনীৰ দুৰ্বলতাক তীব্ৰ সমালোচনা কৰিছে৷ ছ’ম’ৰেন্দ্ৰই মণিপুৰৰ জনসাধাৰণক স্বতস্ফুতভৱে নিজৰ ভূমি সুৰক্ষিত কৰিবলৈ আহ্বান জনাই কয় সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো।

COCOMI ৰ অহ্বায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে মেইটেই সম্প্ৰদায়ক কেন্দ্ৰ কৰি ‘চিন-কুকি ৰাষ্ট্ৰ’ গঠন কৰাৰ ষড়যন্ত্ৰ চলি আছে। ৰাজ্যখনৰ সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ বাবে ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু ৰাজ্যখনৰ পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে COCOMI-এ। ৰাজ্য চৰকাৰেও বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ