--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ   মণিপুৰ কাণ্ড সন্দৰ্ভত  চিবিআই-এ অভিযোগনামা প্ৰস্তুত কৰিছে। অভিযোগনামাত ৰাজ্য খনৰ আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।  মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল।  চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত হিংসাৰ সময়ত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আগতে দুয়োগৰাকী মহিলাক  উলংগ কৰি পেৰেড কৰা হৈছিল।

 অভিযোগনামাখনত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে  এগৰাকী  মহিলা  কাৰ্গিল যুদ্ধৰ যোদ্ধাৰ পত্নী আছিল। তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱাত আৰক্ষী কৰ্মীসকলে হেমাহী কৰিছিল। আৰক্ষীয়ে কৈছিল যে "বাহনখনৰ কোনো চাবি নাই"। সেইবুলি কৈয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছিল আৰু মহিলাকেইগৰাকীক কোনো  সহায় আগবঢ়োৱা নাছিল। সেইসময়ত তিনিৰ পৰা চাৰিজন আৰক্ষী কৰ্মী বাহনখনৰ বাহিৰত আছিল। এজন পুৰুষে চালকজনক তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যাবলৈ অনুৰোধ কৰি আছিল কিন্তু  "গাড়ীৰ কোনো চাবি নাই" বুলি  তেওঁক কোৱা হৈছিল। ভুক্তভোগী মহিলাসকলৰ মাজৰ এগৰাকীৰ স্বামীয়ে অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাপে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল।  আৰক্ষীৰ জিপচীৰ চালকজনে বাহনখন প্ৰায় ১,০০০ লোকৰ ভিৰৰ ফালে লৈ গৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ  সন্মুখত ৰখাই দিছিল। 

প্ৰতিবাকাৰীসকলে মহিলা কেইগৰাকীক  টানি নিছিল, তেওঁলোকৰ কাপোৰ খুলি পেলাইছিল আৰু তেওঁলোকক যৌন নিৰ্যাতন কৰাৰ আগতে উলংগ কৰি পেৰেড কৰাইছিল।। চিবিআইয়ে জুলাইত মণিপুৰ আৰক্ষীয়ে আটক কৰা হুইৰেম হেৰোদাস মেইটেই আৰু আন পাঁচজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে দলবদ্ধ ধৰ্ষণ, হত্যা,  মহিলাৰ শালীনতা হানি  আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ  ধাৰা আদি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ