--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ   মণিপুৰ কাণ্ড সন্দৰ্ভত  চিবিআই-এ অভিযোগনামা প্ৰস্তুত কৰিছে। অভিযোগনামাত ৰাজ্য খনৰ আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।  মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল।  চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত হিংসাৰ সময়ত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আগতে দুয়োগৰাকী মহিলাক  উলংগ কৰি পেৰেড কৰা হৈছিল।

 অভিযোগনামাখনত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে  এগৰাকী  মহিলা  কাৰ্গিল যুদ্ধৰ যোদ্ধাৰ পত্নী আছিল। তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱাত আৰক্ষী কৰ্মীসকলে হেমাহী কৰিছিল। আৰক্ষীয়ে কৈছিল যে "বাহনখনৰ কোনো চাবি নাই"। সেইবুলি কৈয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছিল আৰু মহিলাকেইগৰাকীক কোনো  সহায় আগবঢ়োৱা নাছিল। সেইসময়ত তিনিৰ পৰা চাৰিজন আৰক্ষী কৰ্মী বাহনখনৰ বাহিৰত আছিল। এজন পুৰুষে চালকজনক তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যাবলৈ অনুৰোধ কৰি আছিল কিন্তু  "গাড়ীৰ কোনো চাবি নাই" বুলি  তেওঁক কোৱা হৈছিল। ভুক্তভোগী মহিলাসকলৰ মাজৰ এগৰাকীৰ স্বামীয়ে অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাপে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল।  আৰক্ষীৰ জিপচীৰ চালকজনে বাহনখন প্ৰায় ১,০০০ লোকৰ ভিৰৰ ফালে লৈ গৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ  সন্মুখত ৰখাই দিছিল। 

প্ৰতিবাকাৰীসকলে মহিলা কেইগৰাকীক  টানি নিছিল, তেওঁলোকৰ কাপোৰ খুলি পেলাইছিল আৰু তেওঁলোকক যৌন নিৰ্যাতন কৰাৰ আগতে উলংগ কৰি পেৰেড কৰাইছিল।। চিবিআইয়ে জুলাইত মণিপুৰ আৰক্ষীয়ে আটক কৰা হুইৰেম হেৰোদাস মেইটেই আৰু আন পাঁচজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে দলবদ্ধ ধৰ্ষণ, হত্যা,  মহিলাৰ শালীনতা হানি  আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ  ধাৰা আদি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু