--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মহাৰাষ্ট্ৰৰ পুনেত সোমবাৰে সংঘটিত হৈছে এক হৃদয় বিদাৰক হত্যা-আত্মহত্যাৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰিলে নিজৰ পত্নী আৰু ভতিজাক। তাৰ পাছতে নিজেও কৰিলে আত্মহত্যা। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে পত্নী আৰু ভতিজাক গুলীয়াই হত্যা কৰাৰ পাছত তেওঁ নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে। মহানগৰীৰ বানেৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। তেওঁ পুৱা প্ৰায় ৩.৩০ বজাত নিজৰ চৰকাৰী বাংলোত এই ঘটনা সংঘটিত কৰে।

আৰক্ষীয়ে জনোৱা মতে, নিহত লোককেইজন হৈছে এচিপি ভাৰত গাইকৱাড়, তেওঁৰ পত্নী মনি গাইকৱাড় (৪৪) আৰু ভতিজা দীপক (৩৫)। চতুৰ্শ্ৰিংগি আৰক্ষী থানাৰ বিষয়াই কয় যে এই ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাৰম্ভিক তদন্তত এই বিষয়টোক পাৰিবাৰিক বিবাদৰ সৈতে জড়িত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভাৰত গাইকৱাড়ক অমৰাৱতীত এচিপি হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ দুটা সন্তান, পত্নী আৰু ভতিজাৰ সৈতে পুনেৰ বেনাৰত বাস কৰিছিল। শনিবাৰে অমৰাৱতীৰ পৰা ছুটীৰ বাবে ঘৰলৈ আহিছিল এচিপি।

এই ঘটনাটো গম পোৱাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয়। তদন্তত প্ৰকাশ পাইছে যে সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত এই ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বেও এচিপিয়ে পত্নীৰ মূৰত গুলী চলাইছিল বুলি অভিযোগ উঠিছে। বন্দুকৰ গুলীৰ শব্দ শুনি পুতেক আৰু ভতিজাজনে দৌৰি আহি দুৱাৰখন খুলি দিয়ে। কিন্তু দুৱাৰ খুলি দিয়াৰ লগে লগে এচিপিয়ে ভতিজাকৰ বুকুত গুলীয়াই বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, দুয়োজনক গুলীয়াই হত্যা কৰাৰ পিছত ভাৰত গাইকৱাড়ে নিজৰ মূৰত গুলীচালনা কৰে। তিনিওজনৰ থিতাতে মৃত্যু হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে