--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মহাৰাষ্ট্ৰৰ পুনেত সোমবাৰে সংঘটিত হৈছে এক হৃদয় বিদাৰক হত্যা-আত্মহত্যাৰ ঘটনা। এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰিলে নিজৰ পত্নী আৰু ভতিজাক। তাৰ পাছতে নিজেও কৰিলে আত্মহত্যা। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে পত্নী আৰু ভতিজাক গুলীয়াই হত্যা কৰাৰ পাছত তেওঁ নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে। মহানগৰীৰ বানেৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। তেওঁ পুৱা প্ৰায় ৩.৩০ বজাত নিজৰ চৰকাৰী বাংলোত এই ঘটনা সংঘটিত কৰে।

আৰক্ষীয়ে জনোৱা মতে, নিহত লোককেইজন হৈছে এচিপি ভাৰত গাইকৱাড়, তেওঁৰ পত্নী মনি গাইকৱাড় (৪৪) আৰু ভতিজা দীপক (৩৫)। চতুৰ্শ্ৰিংগি আৰক্ষী থানাৰ বিষয়াই কয় যে এই ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাৰম্ভিক তদন্তত এই বিষয়টোক পাৰিবাৰিক বিবাদৰ সৈতে জড়িত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভাৰত গাইকৱাড়ক অমৰাৱতীত এচিপি হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ দুটা সন্তান, পত্নী আৰু ভতিজাৰ সৈতে পুনেৰ বেনাৰত বাস কৰিছিল। শনিবাৰে অমৰাৱতীৰ পৰা ছুটীৰ বাবে ঘৰলৈ আহিছিল এচিপি।

এই ঘটনাটো গম পোৱাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হয়। তদন্তত প্ৰকাশ পাইছে যে সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত এই ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বেও এচিপিয়ে পত্নীৰ মূৰত গুলী চলাইছিল বুলি অভিযোগ উঠিছে। বন্দুকৰ গুলীৰ শব্দ শুনি পুতেক আৰু ভতিজাজনে দৌৰি আহি দুৱাৰখন খুলি দিয়ে। কিন্তু দুৱাৰ খুলি দিয়াৰ লগে লগে এচিপিয়ে ভতিজাকৰ বুকুত গুলীয়াই বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, দুয়োজনক গুলীয়াই হত্যা কৰাৰ পিছত ভাৰত গাইকৱাড়ে নিজৰ মূৰত গুলীচালনা কৰে। তিনিওজনৰ থিতাতে মৃত্যু হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস