--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ দুগৰাকী কুকি মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ই  সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়া আছিল  ৪ মে'ৰ ঘটনা। নগ্ন পেৰেড কৰোৱাৰ পূৰ্বে মহিলা দুগৰাকীক গণ ধৰ্ষণ কৰা হৈছিল বুলিও অভিযোগ উঠিছে।  

কেৱল থৌবাল আৰু কাংপোকপি জিলাৰ সীমান্তত থকা নংপোক চেকমাই আৰক্ষী থানাৰ অন্তৰগত এলেকাতেই  নহয়, ৪ মে'ত মণিপুৰৰ ৰাজধানী ইম্ফলতো মহিলাৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেইদিনা দুগৰাকী মহিলাক  দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছে। প্ৰতিবেদন অনুসৰি এই ক্ষেত্ৰত থৌবালৰ দৰে ভুক্তভোগীসকল জনজাতীয় সম্প্ৰদায়ৰে আছিল।

ইম্ফলত দুগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। এই ঘটনাত জড়িত  পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত এজন ১৯ বছৰীয়া যুৱকো আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা দুগৰাকীক  তেওঁলোকৰ কৰ্মস্থানৰ পৰা টানি নিয়া হৈছিল আৰু দলবদ্ধ ধৰ্ষণ কৰি  হত্যা কৰা হৈছিল।৩ মে'ত মণিপুৰত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এটিএছইউএম) নামৰ এটা জনজাতীয় ছাত্ৰ সংগঠনৰ কাৰ্যসূচীক লৈ অস্থিৰতাৰ সৃষ্টি হৈছিল। সেই নিশাৰ পৰাই জনজাতীয়  কুকি  আৰু বিভিন্ন অঞ্চলৰ সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। দুয়োটা সম্প্ৰদায়ৰ বহু মহিলাক অত্যাচাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে