--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ দুগৰাকী কুকি মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ভিডিঅ’ই  সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়া আছিল  ৪ মে'ৰ ঘটনা। নগ্ন পেৰেড কৰোৱাৰ পূৰ্বে মহিলা দুগৰাকীক গণ ধৰ্ষণ কৰা হৈছিল বুলিও অভিযোগ উঠিছে।  

কেৱল থৌবাল আৰু কাংপোকপি জিলাৰ সীমান্তত থকা নংপোক চেকমাই আৰক্ষী থানাৰ অন্তৰগত এলেকাতেই  নহয়, ৪ মে'ত মণিপুৰৰ ৰাজধানী ইম্ফলতো মহিলাৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেইদিনা দুগৰাকী মহিলাক  দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছে। প্ৰতিবেদন অনুসৰি এই ক্ষেত্ৰত থৌবালৰ দৰে ভুক্তভোগীসকল জনজাতীয় সম্প্ৰদায়ৰে আছিল।

ইম্ফলত দুগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। এই ঘটনাত জড়িত  পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত এজন ১৯ বছৰীয়া যুৱকো আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি মহিলা দুগৰাকীক  তেওঁলোকৰ কৰ্মস্থানৰ পৰা টানি নিয়া হৈছিল আৰু দলবদ্ধ ধৰ্ষণ কৰি  হত্যা কৰা হৈছিল।৩ মে'ত মণিপুৰত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এটিএছইউএম) নামৰ এটা জনজাতীয় ছাত্ৰ সংগঠনৰ কাৰ্যসূচীক লৈ অস্থিৰতাৰ সৃষ্টি হৈছিল। সেই নিশাৰ পৰাই জনজাতীয়  কুকি  আৰু বিভিন্ন অঞ্চলৰ সংখ্যাগৰিষ্ঠ মেইটেইসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। দুয়োটা সম্প্ৰদায়ৰ বহু মহিলাক অত্যাচাৰ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস