--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষৰ অচিলালৈ জ্বলিছে মণিপুৰ। এনে সময়তে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰা  বুলি ওলোৱা খবৰে বেছ আলোড়ণৰ সৃষ্টি কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বুলি সন্দেহ কৰা এখন পদত্যাগপত্ৰৰ ছিন্ন-ভিন্ন অৱশিষ্ট  উদ্ধাৰ হোৱাকলৈও ৰহস্যৰ সৃষ্টি হয়। ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে টুইট কৰি কয় যে তেওঁ কোনো পৰিস্থিতিতে  "পদত্যাগ নকৰে"।

সমৰ্থকসকলে ৰাজ্যপালৰ বাসগৃহত সমবেত হৈ তেওঁক পদত্যাগ নকৰিবলৈ আহ্বান জনাইছে। এই গুৰুত্বপূৰ্ণ সময়ত, মই স্পষ্ট কৰি দিব  বিচাৰো যে মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰো," ।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰিব বুলি চলি থকা আলোচনাৰ মাজতে একাংশ স্থানীয়  লোকে কৈছে, "আমি দুমাহৰ পৰা অস্থিৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছো। আমি সেই দিনটো বিচাৰি আছো যেতিয়া ভাৰত আৰু মণিপুৰ চৰকাৰে গণতান্ত্ৰিক ভাৱে এই সংঘাত সমাধান কৰিব। এনে পৰিস্থিতিত যদি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে, তেন্তে ইয়াত জনসাধাৰণ কেনেকৈ থাকিব? কোনে আমাক নেতৃত্ব দিব? তেওঁ বিবাদৰ আৰম্ভণিৰ পৰাই আমাক নেতৃত্ব দি আহিছে।আমি  তেওঁ পদত্যাগ কৰাটো নিবিচাৰো। আমি তেওঁক বিশ্বাস কৰোঁ।"

ইপিনে বীৰেন সিঙৰ পদত্যাগ সম্পৰ্কীয় বাতৰিক উৰা বাতৰি বুলি মন্ত্ব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ নেতা হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰত শৰ্মাই কয় যে এই সন্দৰ্ভত ওলোৱা খবৰ বোৰৰ কোনো ভিত্তি নাই। 

উল্লেখ্য মণিপুৰৰ সৰ্বাধিক জনসংখ্যাৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনোৱালৈয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আন সম্প্ৰদায় তথা গোষ্ঠীৰ লোকসকল চাকৰি বাকৰি আৰু আন সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা কৰি আহিছে। ৰাজ্য খনত যিহেতু নিৱনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দুগুণ সেয়ে কাম নোপোৱাৰ চিন্তাত আন জনগোষ্ঠীসমূহ শংকিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবেই কুকি আৰু মেইটেইৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল