--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষৰ অচিলালৈ জ্বলিছে মণিপুৰ। এনে সময়তে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰা  বুলি ওলোৱা খবৰে বেছ আলোড়ণৰ সৃষ্টি কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বুলি সন্দেহ কৰা এখন পদত্যাগপত্ৰৰ ছিন্ন-ভিন্ন অৱশিষ্ট  উদ্ধাৰ হোৱাকলৈও ৰহস্যৰ সৃষ্টি হয়। ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে টুইট কৰি কয় যে তেওঁ কোনো পৰিস্থিতিতে  "পদত্যাগ নকৰে"।

সমৰ্থকসকলে ৰাজ্যপালৰ বাসগৃহত সমবেত হৈ তেওঁক পদত্যাগ নকৰিবলৈ আহ্বান জনাইছে। এই গুৰুত্বপূৰ্ণ সময়ত, মই স্পষ্ট কৰি দিব  বিচাৰো যে মই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰো," ।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰিব বুলি চলি থকা আলোচনাৰ মাজতে একাংশ স্থানীয়  লোকে কৈছে, "আমি দুমাহৰ পৰা অস্থিৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছো। আমি সেই দিনটো বিচাৰি আছো যেতিয়া ভাৰত আৰু মণিপুৰ চৰকাৰে গণতান্ত্ৰিক ভাৱে এই সংঘাত সমাধান কৰিব। এনে পৰিস্থিতিত যদি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে, তেন্তে ইয়াত জনসাধাৰণ কেনেকৈ থাকিব? কোনে আমাক নেতৃত্ব দিব? তেওঁ বিবাদৰ আৰম্ভণিৰ পৰাই আমাক নেতৃত্ব দি আহিছে।আমি  তেওঁ পদত্যাগ কৰাটো নিবিচাৰো। আমি তেওঁক বিশ্বাস কৰোঁ।"

ইপিনে বীৰেন সিঙৰ পদত্যাগ সম্পৰ্কীয় বাতৰিক উৰা বাতৰি বুলি মন্ত্ব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ নেতা হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰত শৰ্মাই কয় যে এই সন্দৰ্ভত ওলোৱা খবৰ বোৰৰ কোনো ভিত্তি নাই। 

উল্লেখ্য মণিপুৰৰ সৰ্বাধিক জনসংখ্যাৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনোৱালৈয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আন সম্প্ৰদায় তথা গোষ্ঠীৰ লোকসকল চাকৰি বাকৰি আৰু আন সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা কৰি আহিছে। ৰাজ্য খনত যিহেতু নিৱনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দুগুণ সেয়ে কাম নোপোৱাৰ চিন্তাত আন জনগোষ্ঠীসমূহ শংকিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবেই কুকি আৰু মেইটেইৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস