--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এমাহ পূৰ্বে আমেৰিকা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক বিশেষ সন্মান প্ৰদান কৰিছিল আমেৰিকাই। মোদীৰ ভ্ৰমণতে ভাৰতক পৰম বন্ধু বুলি আখ্যা দিছিল আমেৰিকাই। কিন্তু সেই পৰম বন্ধু ভাৰতৰে আভ্যন্তৰীণ বিষয় মণিপুৰ সন্দৰ্ভত বাৰম্বাৰ মন্তব্য কৰিছে আমেৰিকাই। 

আমেৰিকাৰ এই ভূমিকাই সম্প্ৰতি অস্বস্তিত পেলাব ধৰিছে ভাৰতক। মণিপুৰত কুকি মহিলাক উলংগ কৰি পেৰেড কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাই। ৰাজ্যখনত ৪ মে’ত দুগৰাকী কুকি মহিলাক নগ্ন কৰি পেৰেড কৰোৱাৰ ভিডিঅ' ভাইৰেল হৈছিল। 

ইম্ফলৰ সমীপত এই দুগৰাকী মহিলাক ধৰ্ষণো কৰিছিল দুৰ্বৃত্তই। এই নিৰ্মম-কাণ্ডৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি এতিয়া বাকৰুদ্ধ আমেৰিকাৰ জো বাইডেন চৰকাৰ। অত্যন্ত অমানৱীয় ঘটনাটোৰ সন্দৰ্ভত মন্তব্য কৰিছে আমেৰিকাৰ বিদেশ বিভাগৰ প্ৰবক্তাই। আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ বেদান্ত পেটেলে ভিডিঅ’টো প্ৰত্যক্ষ কৰি বাকৰুদ্ধ হোৱা বুলি প্ৰকাশ কৰিছে। নিপীড়িত দুয়োগৰাকী মহিলাৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখপাত্ৰ পেটেলে। 

মহিলা দুগৰাকীক ন্যায় প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে চলোৱা প্ৰয়াসলৈ সমৰ্থন আগবঢ়াইছে মুখপাত্ৰগৰাকী তথা বাইডেন চৰকাৰে।‌ মণিপুৰ সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ দৰকাৰ বুলি কৈছে মুখপাত্ৰ পেটেলে। ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ লোকক সুৰক্ষিত ৰখাৰ দৰকাৰ বুলিও মন্তব্য কৰিছে চৰকাৰী মুখপাত্ৰগৰাকীয়ে। প্ৰতিটো সম্প্ৰদায়ৰ লোকৰ সা-সম্পত্তিৰ সুৰক্ষাতো গুৰুত্ব প্ৰদান কৰিছে বাইডেন চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে। ইয়াৰ পূৰ্বে আমেৰিকাত থকা আমেৰিকাৰ ৰাষ্ট্রদূতেও মণিপুৰ প্ৰসংগত মত প্ৰকাশ কৰিছিল। 

মণিপুৰ প্ৰসংগত ভাৰতে সহায় বিচাৰিলে আমেৰিকা সহায়ৰ বাবে সাজু বুলি কৈছিল মাৰ্কিন ৰাষ্ট্রদূত এৰিক গাৰছেটীয়ে। মণিপুৰক লৈ আমেৰিকাৰ এই স্থিতিয়ে দেশখনৰ গ্ল’বেল পুলিচিঙৰ মানসিকতাৰে প্ৰমাণ দাঙি ধৰিছে। বিশ্বৰ ছুপাৰ পাৱাৰ হিচাপে অন্য দেশৰ গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ অধিকাৰ আছে বুলি ভাবে আমেৰিকাই। সেই চিন্তাৰ আধাৰতে এতিয়া মণিপুৰ প্ৰসংগত বাৰম্বাৰ মন্তব্য কৰিছে দেশখনে। প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত ভাৰতৰ সৈতে আমেৰিকা সম্পৰ্ক উন্নত হৈছে। 

ব্যৱসায়িক কাৰণত আৰু চীনৰ আগ্ৰাসন ৰোধৰ বাবে দুয়ো দেশে শক্তিশালী বন্ধুত্ব গঢ়ি তুলিছে। কিন্তু ইয়াৰ বাবেই ছুপাৰ পাৱাৰ আমেৰিকাই ভাৰতৰ ক্ষেত্ৰত গ্ল’বেল পুলিচৰ ভূমিকা পৰিহাৰ কৰাত আগ্ৰহী নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰম বন্ধু আখ্যা দিলেও বাইডেন চৰকাৰে সেই সূত্ৰেই নিঃসংকোচে মন্তব্য কৰি গৈছে মণিপুৰ প্ৰসংগত। আমেৰিকাৰ এনে স্থিতিয়ে সম্প্ৰতি ভাৰত চৰকাৰক আন্তঃৰাষ্ট্রীয় প্ৰেক্ষাপটত শ’লঠেকত পেলাইছে। 

মণিপুৰ প্ৰসংগটোক আমেৰিকাই গুৰুত্বসহকাৰে লোৱাটোৱে প্ৰসংগটোৰ আন্তঃৰাষ্ট্রীয়কৰণ কৰিছে। মণিপুৰ প্ৰসংগৰ আন্তঃৰাষ্ট্রীয়কৰণত ভাৰতৰ ভাবমূৰ্তি ম্লান কৰাত অৰিহণা আগবঢ়াইছে। মণিপুৰত নিৰীহৰ ওপৰত নিৰ্মম নিৰ্যাতন ৰোধত ব্যৰ্থ হোৱাত আন্তঃৰাষ্ট্রীয় ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাবমূৰ্তিতো আঘাত লাগিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস