--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰ নিজৰ নামত ঘৰ এটাও নাই.... এই কথা নিজমুখে স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী  মোদীয়ে বুধবাৰে কয় যে তেওঁৰ নামত ঘৰ নাই, কিন্তু তেওঁৰ চৰকাৰে দেশৰ  লাখ লাখ কন্যাক একোখন ঘৰৰ গৰাকীলৈ পৰিৱৰ্তন কৰিছে। মঙলবাৰৰ পৰা দুদিনীয়া গুজৰাট ভ্ৰমণ কাৰ্যসূচীলৈ অহা  প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ জনজাতীয় অধ্যুষিত ছোটাউদেপুৰ জিলাৰ বোডেলি চহৰত শিক্ষা খণ্ডৰ সৈতে জড়িত  ৪,৫০০ কোটিটকীয়া  প্ৰকল্পকে ধৰি ৫,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি নিজৰ নামত ঘৰ এটাও নথকাৰ কথা উল্লেখ কৰে। 

 মোদীয়ে কয় "যিহেতু মই আপোনালোকৰৰ সৈতে গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিলো, মই দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰ বুজি পাওঁ  আৰু মই সদায় সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছো। আজি মই সন্তুষ্ট কাৰণ মোৰ চৰকাৰে সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছে। পূৰ্বৱৰ্তী চৰকাৰৰ বিপৰীতে, দৰিদ্ৰ লোকসকলৰ বাবে এটা ঘৰ  আমাৰ বাবে এতিয়া কেৱল এটা সংখ্যা নহয়। আমি দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছো," । 

মোদীয়ে লগতে কয় "আমি দৰিদ্ৰ লোকসকলৰ প্ৰয়োজনীয়তা অনুসৰি ঘৰ নিৰ্মাণ কৰি আছো, সেয়াও কোনো মধ্যস্থতাকাৰীৰ উপস্থিতি অবিহনে। আমাৰ মহিলাসকলৰ নামত লাখ লাখ ঘৰ নিৰ্মাণ আৰু পঞ্জীয়ন কৰা হৈছে। যদিও মোৰ নামত কোনো ঘৰ নাই,আমাৰ চৰকাৰে লাখ লাখ কন্যাক ঘৰৰ মালিক কৰি তুলিছে। ’’ মোদীয়ে লগতে উল্লেখ কৰে যে বিশ্ব বেংকৰ অধ্যক্ষ অজয় বঙ্গই গান্ধীনগৰৰ গুজৰাট শিক্ষা বিভাগৰ কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ দেখি বাৰুকৈয়ে আপ্লুত হৈছে।  
তেওঁ সমগ্ৰ দেশতে এনে কেন্দ্ৰ আৰম্ভ কৰিব বুলিও কয় । 





মোদীয়ে কয় "বিশ্ব বেংকৰ অধ্যই (অজয় বঙ্গ) শেহতীয়াকৈ বিদ্যা সহিকশা কেন্দ্ৰ (গান্ধীনগৰত) পৰিদৰ্শন কৰিছিল। বৈঠকত তেওঁ মোক ভাৰতৰ সকলো জিলাতে এনে কেন্দ্ৰ আৰম্ভ কৰিবলৈ আহ্বান জনায় আৰু কয় যে বিশ্ব বেংক সেই প্ৰকল্পৰ অংশীদাৰ হ'বলৈ সাজু," । প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি দশক ধৰি অচল হৈ থকা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) অৱশেষত তেওঁৰ চৰকাৰে প্ৰৱৰ্তন কৰিছে। কাৰো  নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীপক্ষক আক্ৰমণ কৰি কয় যে "তেওঁলোকে সংৰক্ষণৰ ৰাজনীতিত লিপ্ত হৈছে"। কিন্তু মই মুখ্যমন্ত্ৰী নোহোৱালৈকে গুজৰাটৰ জনজাতীয় অঞ্চলত কোনো বিজ্ঞান বিদ্যালয় কাৰ্যকৰী হোৱা নাছিল... যদি  বিজ্ঞান বিদ্যালয় নাথাকে  তেন্তে  চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত কেনেকৈ নামভৰ্তি কৰিব পৰা যাব," ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন