--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে  আজি ৭৭ সংখ্যক  স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বশ্যতাৰ শৃংখলা ভাঙি দেশক মুক্ত কৰিবলৈ প্ৰাণ ত্যাগ কৰা স্বাধীনতা সংগ্ৰামীসকললৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ  ভাষণৰ আৰম্ভণিতে মণিপুৰৰ হিংসাৰ প্ৰসংগটো  উত্থাপন কৰে।

লালকিল্লাৰ পৰা   প্ৰধানমন্ত্ৰীয়ে কয়, "মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বহুলোকৰ মৃত্যু হৈছে। মণিপুৰ যোৱা কেইসপ্তাহমান ধৰি উত্তেজনাপূৰ্ণ হৈ আছে। মাতৃ আৰু ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশখন মণিপুৰৰ সৈতে আছে। শান্তি লাহে লাহে তালৈ ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই হৈছে আমাৰ শক্তি। " 

প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত 'ডিজিটেল ইণ্ডিয়া'ৰ সফলতাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি কেৱল দিল্লী বা মুম্বাইৰ দৰে চহৰতে নহয়, আজি ভাৰতৰ দূৰৱৰ্তী অঞ্চলতো উপনীত হৈছে। মোদীয়ে কয় "আজি লাখ লাখ শিশু প্ৰযুক্তিৰ জৰিয়তে আগবাঢ়িছে। আজি সৰু চহৰৰ শিশুসকলকো প্ৰযুক্তিয়ে উপকৃত কৰিছে । আজি ১.৪ বিলিয়ন ভাৰতীয়ই  শ্ৰমিকসকলক সন্মান জনাইছে। তেওঁলোকে দেশক উন্নয়নৰ পথত আগুৱাই নিছে। আজি আমি এনে এক সন্ধিক্ষণত উপনীত হৈছো যিয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিব। "   

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস