--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে  আজি ৭৭ সংখ্যক  স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বশ্যতাৰ শৃংখলা ভাঙি দেশক মুক্ত কৰিবলৈ প্ৰাণ ত্যাগ কৰা স্বাধীনতা সংগ্ৰামীসকললৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ  ভাষণৰ আৰম্ভণিতে মণিপুৰৰ হিংসাৰ প্ৰসংগটো  উত্থাপন কৰে।

লালকিল্লাৰ পৰা   প্ৰধানমন্ত্ৰীয়ে কয়, "মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বহুলোকৰ মৃত্যু হৈছে। মণিপুৰ যোৱা কেইসপ্তাহমান ধৰি উত্তেজনাপূৰ্ণ হৈ আছে। মাতৃ আৰু ভগ্নীসকলৰ সন্মান হানি হৈছে। কিন্তু দেশখন মণিপুৰৰ সৈতে আছে। শান্তি লাহে লাহে তালৈ ঘূৰি আহিছে। আমাৰ বৈচিত্ৰ্যই হৈছে আমাৰ শক্তি। " 

প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত 'ডিজিটেল ইণ্ডিয়া'ৰ সফলতাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি কেৱল দিল্লী বা মুম্বাইৰ দৰে চহৰতে নহয়, আজি ভাৰতৰ দূৰৱৰ্তী অঞ্চলতো উপনীত হৈছে। মোদীয়ে কয় "আজি লাখ লাখ শিশু প্ৰযুক্তিৰ জৰিয়তে আগবাঢ়িছে। আজি সৰু চহৰৰ শিশুসকলকো প্ৰযুক্তিয়ে উপকৃত কৰিছে । আজি ১.৪ বিলিয়ন ভাৰতীয়ই  শ্ৰমিকসকলক সন্মান জনাইছে। তেওঁলোকে দেশক উন্নয়নৰ পথত আগুৱাই নিছে। আজি আমি এনে এক সন্ধিক্ষণত উপনীত হৈছো যিয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিব। "   

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী