--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠীগত সংঘৰ্ষত ৰক্তাক্ত হৈ পৰা মণিপুৰত শান্তি-শৃংখলা ব্যাহত হোৱাৰ আশংকা কৰি বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা।  পাঁচ মাহ ধৰি জাতিগত হিংসা চলিথ কা ৰাজ্যখনৰ পৰা প্ৰায় প্ৰতিদিনেই সংঘৰ্ষৰ খবৰ পোৱা গৈছে।তাৰ মাজতো এতিয়া ৰাজ্য খনত পূৰ্বৰ তুলনাত ভালে খনি শান্তিৰ পৰিবেশ ঘূৰি আহিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ১০০ দিনৰ পিছত সেয়ে মণিপুৰত  ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ  নিৰ্দেশ দিছে।

 শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মণিপুৰীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ কথা  বুলি সকলো মণিপুৰী জনতাকে  অৱগত কৰা হৈছিল। আজিৰে পৰা সকলোৰে বাবে নেট সেৱা পুনৰ মুকলি  কৰা হৈছে।" উল্লেখ্য  ৩ মে'ত উত্তৰ-পূবৰ ৰাজ্যখনত মেটেই-কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা  সংঘৰ্ষৰ পিছতে ৰাজ্য খনত  উৰাবাতৰি বিয়পা আৰু হিংসাৰ প্ৰৰোচনা প্ৰতিহত কৰিবলৈ ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল। 

ইয়াৰ পিছত ২৫  জুলাইত, শিক্ষা, স্বাস্থ্য খণ্ডৰ দৰে কিছুমান স্থানত চৰ্তসাপেক্ষে ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰা হৈছিল। কিন্তু মোবাইল নেট সেৱা  বন্ধ হৈয়েই আছিল। ইণ্টাৰনেট সেৱা  বন্ধ হোৱাৰ বাবে সাধাৰণ মানুহে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সেয়ে জনতাই বাৰে বাৰে  চৰকাৰক ইণ্টাৰনেট সেৱা পুনৰ মুকলি  কৰিবলৈ অনুৰোধ জনাই আহিছিল। 

 ইয়াৰ মাজতে জুলাই মাহত ৰাজ্য খনত ব্ৰডবেণ্ড  ইণ্টাৰনেট সংযোগ পুনৰ মুকলি কৰা হৈছিল। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কেইবাটাও ঠাইত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ চৰ্তসাপেক্ষ অনুমতি দিছিল।

 অৱশ্যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল আছিল।  কুকি-মেইটেইৰ  মাজত সংঘৰ্ষৰ বাবে মণিপুৰত ১০০ দিনৰ  ধৰি  ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, বেংক , সংবাদসেৱা আৰু চিকিৎসালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত কাম ব্যাহত হৈ পৰিছিল। 

পৰিস্থিতি সামান্য উন্নত হোৱাত  মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ  কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এতিয়াৰে পৰা মণিপুৰৰ লোকসকলে  জইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব । উল্লেখ্য মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে ৩ মে'ত 'ট্ৰাইবেল ছলিডাৰিটি মাৰ্চ' আৰম্ভ কৰিছিল। সমদলটোৰ উদ্দেশ্য আছিল মেইটেই সকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াটো বন্ধ কৰা। এই সমদলৰ পিছতে ৰাজ্য খনত হিংসাৰ জুই জ্বলি উঠিছিল। হিংসাত্মক ঘটনাত  ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল