--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠীগত সংঘৰ্ষত ৰক্তাক্ত হৈ পৰা মণিপুৰত শান্তি-শৃংখলা ব্যাহত হোৱাৰ আশংকা কৰি বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা।  পাঁচ মাহ ধৰি জাতিগত হিংসা চলিথ কা ৰাজ্যখনৰ পৰা প্ৰায় প্ৰতিদিনেই সংঘৰ্ষৰ খবৰ পোৱা গৈছে।তাৰ মাজতো এতিয়া ৰাজ্য খনত পূৰ্বৰ তুলনাত ভালে খনি শান্তিৰ পৰিবেশ ঘূৰি আহিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ১০০ দিনৰ পিছত সেয়ে মণিপুৰত  ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ  নিৰ্দেশ দিছে।

 শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মণিপুৰীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ কথা  বুলি সকলো মণিপুৰী জনতাকে  অৱগত কৰা হৈছিল। আজিৰে পৰা সকলোৰে বাবে নেট সেৱা পুনৰ মুকলি  কৰা হৈছে।" উল্লেখ্য  ৩ মে'ত উত্তৰ-পূবৰ ৰাজ্যখনত মেটেই-কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা  সংঘৰ্ষৰ পিছতে ৰাজ্য খনত  উৰাবাতৰি বিয়পা আৰু হিংসাৰ প্ৰৰোচনা প্ৰতিহত কৰিবলৈ ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছিল। 

ইয়াৰ পিছত ২৫  জুলাইত, শিক্ষা, স্বাস্থ্য খণ্ডৰ দৰে কিছুমান স্থানত চৰ্তসাপেক্ষে ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰা হৈছিল। কিন্তু মোবাইল নেট সেৱা  বন্ধ হৈয়েই আছিল। ইণ্টাৰনেট সেৱা  বন্ধ হোৱাৰ বাবে সাধাৰণ মানুহে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সেয়ে জনতাই বাৰে বাৰে  চৰকাৰক ইণ্টাৰনেট সেৱা পুনৰ মুকলি  কৰিবলৈ অনুৰোধ জনাই আহিছিল। 

 ইয়াৰ মাজতে জুলাই মাহত ৰাজ্য খনত ব্ৰডবেণ্ড  ইণ্টাৰনেট সংযোগ পুনৰ মুকলি কৰা হৈছিল। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কেইবাটাও ঠাইত ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ চৰ্তসাপেক্ষ অনুমতি দিছিল।

 অৱশ্যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল আছিল।  কুকি-মেইটেইৰ  মাজত সংঘৰ্ষৰ বাবে মণিপুৰত ১০০ দিনৰ  ধৰি  ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। ফলস্বৰূপে, বেংক , সংবাদসেৱা আৰু চিকিৎসালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত কাম ব্যাহত হৈ পৰিছিল। 

পৰিস্থিতি সামান্য উন্নত হোৱাত  মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ  কৰাৰ সিদ্ধান্ত লৈছে। সেয়ে এতিয়াৰে পৰা মণিপুৰৰ লোকসকলে  জইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব । উল্লেখ্য মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে ৩ মে'ত 'ট্ৰাইবেল ছলিডাৰিটি মাৰ্চ' আৰম্ভ কৰিছিল। সমদলটোৰ উদ্দেশ্য আছিল মেইটেই সকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াটো বন্ধ কৰা। এই সমদলৰ পিছতে ৰাজ্য খনত হিংসাৰ জুই জ্বলি উঠিছিল। হিংসাত্মক ঘটনাত  ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা