--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলাই বিয়াৰ আশাৰে আন কোনো পুৰুষৰ সৈতে   লিভ-ইনত থাকিলে আৰু বিয়াৰ প্ৰতিশ্ৰুতি   ভংগ হ’লেও সেই  সঙ্গীৰ বিৰুদ্ধে  ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ ৰায় দান কৰি  এই নিৰ্দেশ  প্ৰদান কৰে। 

আদালতৰ মত এয়াই যে  আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই এই  ক্ষেত্ৰত আইনী সুৰক্ষা দাবী কৰিব নোৱাৰে। বিবাহৰ প্ৰতিশ্ৰুতি দিয়া আৰু তাৰ পিছত সম্পৰ্ক স্থাপন কৰাৰ পিছত ধৰ্ষণৰ অভিযোগ আনিবলৈ অভিযোগকাৰী 'অবিবাহিতা' হ'ব লাগিব। অৰ্থাৎ, বিবাহিতা মহিলাই আন পুৰুশৰ পৰা বিবাহৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছত ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিব।  কেৱল অবিবাহিতা যুৱতীৰহে এই ক্ষেত্ৰত  বিবাহৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ অধিকাৰ আছে।

ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই কয়, "যদি এজন প্ৰাপ্তবয়স্ক অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে কোনো বিবাহিতা মহিলাৰে সম্পৰ্ক  বজাই ৰাখে আৰু লোকজন  যদি কাৰোবাৰ সৈতে বৈবাহিক সম্পৰ্কত থাকে, তেন্তে এইক্ষেত্ৰত বিবাহিতা মহিলাগৰাকীক দিয়া  বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰ যুক্তিয়ে কাম নকৰিব। ""ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ অনুসৰি এই সুৰক্ষা  এজন ব্যক্তিয়েহে দাবী কৰিব পাৰে যিয়ে আইনীভাৱে ব্যক্তিজনক বিয়া কৰাব পৰা অৱস্থাত আছে," ন্যায়াধীশে কয়। আইনীভাৱে বিয়া কৰিব পৰা অৱস্থাত নথকা অৰ্থাৎ পূৰ্বে কাৰোবাৰ সৈতে বিয়াত বহা মহিলা  সুৰক্ষাৰ অধিকাৰী নহয়। 

উল্লেখ্য এহাল পুৰুষ-মহিলাই সিভ-ইনত আছিল। পুৰুষজনে ইতিমধ্যে  বিবাহিতা মহিলাগৰাকীক বিয়া কৰাম বুলি কৈছিল, কিন্তু বিয়া কৰোৱা নাছিল। কাৰণ তেঁৱো ইতিমধ্যে বিয়া পতা লোক। লিভ ইনত থকা মহিলাগৰাকীয়ে পিছত অভিযোগ কৰিছিল যে তেওঁৰ সংগীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁক ধৰ্ষণ কৰিছে।  মহিলাগৰাকী বিবাহিতা আছিল বাবেই আদালতে তেওঁৰ সপক্ষে ৰায়দান নকৰিলে।  মহিলাগৰাকীৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰ এটাও চলি আছিল। 

মহিলাগৰাকীৰ মতে মানুহজনে প্ৰথমতে নিজকে অবিবাহিত বুলি দাবী কৰিছিল। কিন্তু আদালতে মহিলাগৰাকীৰ অধিবক্তাৰ কোনো যুক্তিতেই পতিয়ন নগ’ল। 



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল