--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলাই বিয়াৰ আশাৰে আন কোনো পুৰুষৰ সৈতে   লিভ-ইনত থাকিলে আৰু বিয়াৰ প্ৰতিশ্ৰুতি   ভংগ হ’লেও সেই  সঙ্গীৰ বিৰুদ্ধে  ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ ৰায় দান কৰি  এই নিৰ্দেশ  প্ৰদান কৰে। 

আদালতৰ মত এয়াই যে  আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই এই  ক্ষেত্ৰত আইনী সুৰক্ষা দাবী কৰিব নোৱাৰে। বিবাহৰ প্ৰতিশ্ৰুতি দিয়া আৰু তাৰ পিছত সম্পৰ্ক স্থাপন কৰাৰ পিছত ধৰ্ষণৰ অভিযোগ আনিবলৈ অভিযোগকাৰী 'অবিবাহিতা' হ'ব লাগিব। অৰ্থাৎ, বিবাহিতা মহিলাই আন পুৰুশৰ পৰা বিবাহৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছত ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিব।  কেৱল অবিবাহিতা যুৱতীৰহে এই ক্ষেত্ৰত  বিবাহৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ অধিকাৰ আছে।

ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই কয়, "যদি এজন প্ৰাপ্তবয়স্ক অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে কোনো বিবাহিতা মহিলাৰে সম্পৰ্ক  বজাই ৰাখে আৰু লোকজন  যদি কাৰোবাৰ সৈতে বৈবাহিক সম্পৰ্কত থাকে, তেন্তে এইক্ষেত্ৰত বিবাহিতা মহিলাগৰাকীক দিয়া  বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰ যুক্তিয়ে কাম নকৰিব। ""ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ অনুসৰি এই সুৰক্ষা  এজন ব্যক্তিয়েহে দাবী কৰিব পাৰে যিয়ে আইনীভাৱে ব্যক্তিজনক বিয়া কৰাব পৰা অৱস্থাত আছে," ন্যায়াধীশে কয়। আইনীভাৱে বিয়া কৰিব পৰা অৱস্থাত নথকা অৰ্থাৎ পূৰ্বে কাৰোবাৰ সৈতে বিয়াত বহা মহিলা  সুৰক্ষাৰ অধিকাৰী নহয়। 

উল্লেখ্য এহাল পুৰুষ-মহিলাই সিভ-ইনত আছিল। পুৰুষজনে ইতিমধ্যে  বিবাহিতা মহিলাগৰাকীক বিয়া কৰাম বুলি কৈছিল, কিন্তু বিয়া কৰোৱা নাছিল। কাৰণ তেঁৱো ইতিমধ্যে বিয়া পতা লোক। লিভ ইনত থকা মহিলাগৰাকীয়ে পিছত অভিযোগ কৰিছিল যে তেওঁৰ সংগীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে তেওঁক ধৰ্ষণ কৰিছে।  মহিলাগৰাকী বিবাহিতা আছিল বাবেই আদালতে তেওঁৰ সপক্ষে ৰায়দান নকৰিলে।  মহিলাগৰাকীৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰ এটাও চলি আছিল। 

মহিলাগৰাকীৰ মতে মানুহজনে প্ৰথমতে নিজকে অবিবাহিত বুলি দাবী কৰিছিল। কিন্তু আদালতে মহিলাগৰাকীৰ অধিবক্তাৰ কোনো যুক্তিতেই পতিয়ন নগ’ল। 



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা