--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। মণিপুৰত হিংসাৰ দাবানল এতিয়াও জ্বলিয়েই আছে। অশান্ত জৰ্জৰিত মণিপুৰত পুনৰ সাধাৰণ জনজীৱন সম্পূৰ্ণ বন্ধ হৈ পৰিছে। যোৱা এসপ্তাহত ৰকেট আক্ৰমণ আৰু ড্ৰোণৰ দ্বাৰা বোমা বিস্ফোৰণৰ ঘটনাই ৰাজ্যখনক অস্থিৰ কৰি ৰাখিছে। 

শুকুৰবাৰেও সন্দেহজনক কুকি বিদ্ৰোহীয়ে চলোৱা ড্ৰোণ আৰু স্নাইপাৰৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ লগতে এগৰাকী ১২ বছৰীয়া কিশোৰীকে ধৰি আন ৯ গৰাকী লোক আহত হয়। এই হিংসাত্মক ঘটনাত সাধাৰণ লোকৰ মৃত্যু হৈছে।

মণিপুৰৰ জিৰিবাম জিলাত মেইটাই-কুকিৰ হিংসাই এতিয়া ভয়ংকৰ ৰূপ লৈছে। মঙলবাৰে নিশা আকৌ জিলাৰ মোৰবুং-চেযাং আদি এলেকাত দুই গোষ্ঠীৰ মাজত ধাৰাসাৰ গুলীয়াগুলি আৰু বোমা নিক্ষেপৰ ঘটনা সংঘটিত হৈছে। ঘটনা এনে পর্যায় পাইছিল গৈ যে, ভয়-আতংকত সাধাৰণ ৰাইজে ঘৰ এৰি জংঘলত নিৰাপদ ঠাইত আশ্রয় ল’বলগীয়া হৈছেl কান্দোনত ভাঙি পৰিছে কণমানিসকল।

আনহাতে, জিলাখনত ইণ্টাৰনেট পৰিসেৱা কর্তন কৰা নাই যদিও সামাজিক মাধ্যমত পৰিস্থিতিক লৈ লাইভ ভিডিঅ’ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছেl যাৰ বাবে সাধাৰণ ৰাইজে পৰিস্থিতিকলৈ ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ ভয় খাইছেl


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু