--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ নৃত্যশিল্পী মালাইকা আৰোৰাৰ পিতৃ অনিল আৰোৰাৰ আত্মহত্যা। বুধবাৰে পুৱা মালাইকা আৰোৰাৰ পিতৃয়ে আত্মহত্যা কৰে। মুম্বাইৰ বান্দ্ৰাস্থিত বিল্ডিঙৰ ছয় মহলাৰ পৰা তেওঁ জাপ দিয়ে। ইয়াৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 

ঘটনাৰ খবৰ পোৱাৰ লগে লগে মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খান তাত উপস্থিত হয়। পাছত তেওঁৰ ভগ্নী আলবিৰাও তালৈ আহে। সেই স্থানৰ পৰা কোনো ছুইচাইড নোট পোৱা নাই। এতিয়ালৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ফৰেনছিক দল আৰু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

জানিব পৰা মতে, ঘটনাৰ সময়ত মলাইকা আৰোৰা পুনেত আছিল। খবৰ পায়ে তেওঁ ততাতৈয়াকৈ মুম্বাইলৈ উভতে।

পৰিয়ালে এয়া এক দুৰ্ঘটনা বুলিহে দাবী কৰিছে। 

উল্লেখ্য যে অনিল অৰোৰাই মাৰ্চেণ্ট নেভিত কাম কৰিছিল। মালাইকাৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছে। সেই সময়ত মালাইকাৰ বয়স আছিল মাত্ৰ ১১ বছৰ। বিবাহ বিচ্ছেদৰ পাছত মাক আৰু দেউতাক পৃথকে পৃথকে থাকে। দুয়োগৰাকী কন্যা মালাইকা আৰু অমৃতাই মাক জয়ছ পলিকাৰ্পৰ লগত থাকিবলৈ আৰম্ভ কৰিলে। মালাইকাৰ মাক মালয়ালী খ্ৰীষ্টান আৰু দেউতাক আছিল পাঞ্জাবী হিন্দু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক