--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ নৃত্যশিল্পী মালাইকা আৰোৰাৰ পিতৃ অনিল আৰোৰাৰ আত্মহত্যা। বুধবাৰে পুৱা মালাইকা আৰোৰাৰ পিতৃয়ে আত্মহত্যা কৰে। মুম্বাইৰ বান্দ্ৰাস্থিত বিল্ডিঙৰ ছয় মহলাৰ পৰা তেওঁ জাপ দিয়ে। ইয়াৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 

ঘটনাৰ খবৰ পোৱাৰ লগে লগে মালাইকাৰ প্ৰাক্তন স্বামী আৰবাজ খান তাত উপস্থিত হয়। পাছত তেওঁৰ ভগ্নী আলবিৰাও তালৈ আহে। সেই স্থানৰ পৰা কোনো ছুইচাইড নোট পোৱা নাই। এতিয়ালৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ফৰেনছিক দল আৰু আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। 

জানিব পৰা মতে, ঘটনাৰ সময়ত মলাইকা আৰোৰা পুনেত আছিল। খবৰ পায়ে তেওঁ ততাতৈয়াকৈ মুম্বাইলৈ উভতে।

পৰিয়ালে এয়া এক দুৰ্ঘটনা বুলিহে দাবী কৰিছে। 

উল্লেখ্য যে অনিল অৰোৰাই মাৰ্চেণ্ট নেভিত কাম কৰিছিল। মালাইকাৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছে। সেই সময়ত মালাইকাৰ বয়স আছিল মাত্ৰ ১১ বছৰ। বিবাহ বিচ্ছেদৰ পাছত মাক আৰু দেউতাক পৃথকে পৃথকে থাকে। দুয়োগৰাকী কন্যা মালাইকা আৰু অমৃতাই মাক জয়ছ পলিকাৰ্পৰ লগত থাকিবলৈ আৰম্ভ কৰিলে। মালাইকাৰ মাক মালয়ালী খ্ৰীষ্টান আৰু দেউতাক আছিল পাঞ্জাবী হিন্দু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু