--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ফ্লেটত  অসমৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অভিনেত্ৰী নূৰ মালাবিকা দাসক মৃত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি  সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে। 

নূৰ মালবিকা দাস কাটাৰ এয়াৰৱেজৰ এগৰাকী প্ৰাক্তন এয়াৰ হোষ্টেছো আছিল । পৰৱৰ্তী সময়ত তেওঁ অভিনয় আৰু মডেলুঙৰ জগতত ভৰি দিয়ে। কাজল অভিনীত ৱেব চিৰিজ ট্ৰায়েলত নূৰ মালবিকা দাসে সুন্দৰ অভিনয় কৰিছিল। মুম্বাইৰ লোখাণ্ডৱালাত বাস কৰিছিল অভিনেত্ৰী নূৰ মালবিকাই। ২০২৩ চনত 'দ্য ট্ৰায়েল'ত কাজলৰ সহ-অভিনেত্ৰী হিচাপে কাম কৰাৰ উপৰি তেওঁ আন কেইবাখনো ছিৰিজতো কাম কৰিছিল। 

বৃহস্পতিবাৰেই  অভিনেত্ৰীগৰাকীৰ মৃত্যু ঘটিছিল যদিও এতিয়াহে খবৰটো  ৰাজহুৱা হৈছে। । জানিব পৰা মতে ফ্লেটটোত বাস কৰা আন একাংশ বাসিন্দাই খবৰ দিয়াৰ পিছত আৰক্ষীয়ে দুৱাৰ ভাঙি ৩৭  বছৰীয়া অভিনেত্ৰী গৰাকীৰ  মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে।  আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে সেৱন কৰা  কেতবোৰ ঔষধ আৰু মোবাইল ফোন। ইতিমধ্যে ভাৰতীয় চিনে ৱৰ্কাৰ্ছ  এচ’ছিয়শ্যনে মহাৰাষ্ট্ৰৰ  মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ  পুংখানুপুংখ তদন্তৰ আহ্বান জনাইছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ