--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ফ্লেটত  অসমৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অভিনেত্ৰী নূৰ মালাবিকা দাসক মৃত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি  সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ পিছতহে সকলো কথা পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে। 

নূৰ মালবিকা দাস কাটাৰ এয়াৰৱেজৰ এগৰাকী প্ৰাক্তন এয়াৰ হোষ্টেছো আছিল । পৰৱৰ্তী সময়ত তেওঁ অভিনয় আৰু মডেলুঙৰ জগতত ভৰি দিয়ে। কাজল অভিনীত ৱেব চিৰিজ ট্ৰায়েলত নূৰ মালবিকা দাসে সুন্দৰ অভিনয় কৰিছিল। মুম্বাইৰ লোখাণ্ডৱালাত বাস কৰিছিল অভিনেত্ৰী নূৰ মালবিকাই। ২০২৩ চনত 'দ্য ট্ৰায়েল'ত কাজলৰ সহ-অভিনেত্ৰী হিচাপে কাম কৰাৰ উপৰি তেওঁ আন কেইবাখনো ছিৰিজতো কাম কৰিছিল। 

বৃহস্পতিবাৰেই  অভিনেত্ৰীগৰাকীৰ মৃত্যু ঘটিছিল যদিও এতিয়াহে খবৰটো  ৰাজহুৱা হৈছে। । জানিব পৰা মতে ফ্লেটটোত বাস কৰা আন একাংশ বাসিন্দাই খবৰ দিয়াৰ পিছত আৰক্ষীয়ে দুৱাৰ ভাঙি ৩৭  বছৰীয়া অভিনেত্ৰী গৰাকীৰ  মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে।  আৰক্ষীয়ে কোঠাটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে সেৱন কৰা  কেতবোৰ ঔষধ আৰু মোবাইল ফোন। ইতিমধ্যে ভাৰতীয় চিনে ৱৰ্কাৰ্ছ  এচ’ছিয়শ্যনে মহাৰাষ্ট্ৰৰ  মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু গৃহমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছক অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ  পুংখানুপুংখ তদন্তৰ আহ্বান জনাইছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু