--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন৷ মেগা ৰে’ল প্ৰকল্পস্থলীত বৃহৎ ভূমিস্খলনৰ ফলত ৭জন লোক নিহত হোৱাৰ লগতে ২৩জন লোক এতিয়াও সন্ধানহীন হৈ আছে৷ পশ্চিম মণিপুৰৰ নোনি জিলাৰ এখন চহৰত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত কমেও সাতজন লোক নিহত আৰু ১৩ জন আহত হয়। ঘটনাটো কালি নিশা টুপুৰ য়াৰ্ড ৰে’ল নিৰ্মাণ শিবিৰত সংঘটিত হৈছিল।

ভূমিস্খলনৰ ফলত নদীৰ প্ৰবাহত বাধা আহি পৰাত বান্ধসদৃশ জলাশয়ৰ সৃষ্টি হৈছিল, যাৰ ফলত এতিয়া ধ্বংসাৱশেষ আঁতৰ কৰিলে বান হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

সম্প্ৰতি ননি আৱাসীসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু শিশুসকলক নদীৰ ওচৰলৈ যাবলৈ নিদিবলৈ অনুৰোধ জনোৱা হৈছে৷ জিলা প্ৰশাসনে অনুসন্ধান, উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি আছে।
আৱাসীসকলক নিৰন্তৰ বৰষুণৰ বাবে সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে, যাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি টুপুলত ভূমিস্খলনৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান ইতিমধ্যে চলি আছে।  

বিগত কেইদিনমানধৰি ধাৰাসাৰ বৰষুণৰ মাজত ভূমিস্খলনৰ ফলত একাধিক বাধাৰ বাবে লোকসকলক এই অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত পৰিহাৰ কৰিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ঘটনাটো সংক্ৰান্তত ইতিমধ্যে বুজ লোৱা বুলি জানিব পৰা গৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ