--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰু কিছুসময় পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব একনাথ সিন্দেই৷ আৰু মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পূৰ্বে একনাথ সিন্দেক দেৱেন্দ্ৰ ফাড়নবীশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰী নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দেৱেন্দ্ৰ ফাড়নবীশে বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিছে৷ মই তেওঁক ধন্যবাদ জনাইছোঁ৷ এই মন্তব্য একনাথ সিন্দে৷ 

শিৱসেনাৰ বিসম্বাদী নেতা তথা মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে আজি বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবীশক ধন্যবাদ জনাই কয় যে তেওঁ নিজেই মুখ্যমন্ত্ৰী হ’ব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেয়া নকৰি বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিছে৷ 

সিন্দেই কয়, ফাডনাভিছে মোক কৈছিল যে তেওঁ বাল ঠাকৰেৰ শিৱ সৈনিকসকলক সমৰ্থন কৰিব৷ ইয়াৰ জৰিয়তে তেওঁ বিশাল হৃদয়ৰ পৰিচয় দেখুৱাইছিল৷ কোনেও এনে নকৰে৷ পঞ্চায়ত বা নাগৰিক সংস্থাৰ মুৰব্বীৰ পদটোও কোনেও এৰি নিদিয়ে। এইটোতো মুখ্যমন্ত্ৰীৰ পদ৷

তেওঁ পুনৰ কয়, অভূতপূৰ্ব এই বৃহৎ ঘোষণাৰ পিছত ফাড়নবীশ তেওঁৰ কাষতে আছিল৷ ফাড়নবীশে মোৰ ওপৰত যি বিশ্বাস ৰাখিছে সেয়া মই বিশ্বাসঘাতকতা নকৰো৷ 

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ মুৰব্বী জে পি নাড্ডাক বাল থাকৰেৰ শিৱসৈনিকক বিশ্বাস কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ পুনৰ দাবী কৰিছিল যে বিদ্ৰোহীসকলে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ হিন্দুত্ব আৰু স্বৰ্গীয় সেনাৰ জ্যেষ্ঠ নেতা আনন্দ দিঘেৰ শিক্ষাৰ ধাৰণাক আগুৱাই নিবলৈ চেষ্টা কৰি আছে।

তেওঁ আৰু দাবী কৰিছিল যে বিদ্ৰোহী বিধায়কসকলে বাৰে বাৰে অনুৰোধ কৰিছিল যে সেনাই শুদ্ধ হ’ব লাগে আৰু সহযোগী বিজেপিৰ সৈতে ঘূৰি আহিব লাগে কিন্তু সেয়া শুনা হোৱা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ