--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ স্মাৰ্ট চিটি সপোনৰ দৌৰত ব্যস্ত থকা মহানগৰবাসী৷ সচাকৈয়ে আপোনাৰ চহৰখন স্মাৰ্ট হ’লনে? স্মাৰ্টৰ কথাটো বাৰু পাছত উলিয়াম, মহানগৰত থাকি আপুনি এটুপি বিশুদ্ধ খোৱা পানী খাবলৈ পাইছেনে? কৃত্ৰিম বানৰ সমস্যৰ পৰা আপুনি সকাহ লাভ কৰিছেনে? মহানগৰৰ সকলো অঞ্চলতে আপুনি ষ্ট্ৰীট লাইটৰ পোহৰ দেখিছেনে? মুঠতে অনেক প্ৰশ্ন৷ এই আটাইবিলাক প্ৰশ্নৰ উত্তৰ আমি যদি বিছাৰিবলৈ যাওঁ, সকলোৰে উত্তৰত মহানগৰবাসীয়ে এটাই ক’ব যে, নাই, নাই আৰু একো নাই৷


সচাকৈয়ে মহানগৰবাসীয়ে এটুপি খোৱা পানীৰ নামত জীয়াতু ভূগিব লগা হৈছে৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে গুৱাহাটী মহানগৰত৷ তদুপৰি মহানগৰবাসীৰ বাবে ভূতৰ ওপৰত দানৱ পৰাদি কৃত্ৰিম বানৰ সমস্যটো আছেই৷ এজাক মুষলধাৰ বৰষুণৰ কথাটো বাদেই দিলো, কিন-কিনীয়া বৰষুণজাকো মহানগৰবাসীৰ বাবে অথাই সাগৰত পৰা পৰিস্থিতি সদৃশ৷

কৃত্ৰিম বানৰ সমস্য দূৰ কৰিবলৈ চৰকাৰে ভিন্ন সময়ত ডাঙৰ-ডাঙৰ প্ৰকল্প কথা ক’লে, বুলজাৰেৰে ভৰলু নদী খান্দি কৃত্ৰিম বানৰ সমস্য দূৰ কৰিম বুলি ক’লে, কিন্তু সময়ত যেন সকলো হৈ পৰিল ফোপোলাস্বৰূপ৷ তাৰ পাছত গুৱাহাটী মহানগৰত আকৌ ষ্ট্ৰীট লাইটৰ লুকা-ভাকুৰ সমস্যটো আছেই৷ মহানগৰত থকা বিকল ষ্ট্ৰীট লাইটৰ পোহৰৰ সুযোগ গ্ৰহণ কৰি এচাম দুষ্ট চক্ৰই মহানগৰত বিভিন্ন অসামাজিক কাম কৰাৰো বহুটো ঘটনাৰ উদাহৰণ উলাব৷

এই সকলোবোৰ সমস্যৰ উত্তৰ দিব কোনে? নিশ্চয়কৈ আপোনাৰ প্ৰথমে আঙুলিটো যাব মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়ালৈ৷ কিয়নো অশোক সিংঘল হৈছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী৷ সচাকৈযে গুৱাহাটীৰ এই জলন্ত সমস্যসমূহ মন্ত্ৰী ডাঙৰীয়াই নুশুনো, নুবুজো বুলি সংকল্প ল’লে নেকি? শুনিবলৈ বেয়া যেন লাগিলেও সেই কথাই যেন৷ মন্ত্ৰী ডাঙৰীয়াই সচাকৈয়ে যেন চকু মুদা কুলিৰ ভাওঁ ধৰিছে, সেয়া যেন এতিয়া প্ৰমাণিত হৈছে৷

শেহতীয়াকৈ গুৱাহাটীৰ আন এটা উন্নয়নৰ ফোপোলা স্বৰূপ উদঙালে দেশৰ সৰ্বোচ্ছ সংস্থা নিটি আয়োগে৷ পৰিস্কাৰ পৰিচ্ছনতাৰ ক্ষেত্ৰত দেশৰ চহৰ সমূহৰ ভিতৰত তিনিশতকৈ নিম্ন স্থান লাভ কৰা গুৱাহাটীয়ে এইবাৰ নিটি আয়োগে প্ৰকাশ কৰা পিছপৰা চহৰতে নাম অন্তৰ্ভূক্ত হৈছে গুৱাহাটী৷ ৫৫.৭৯ নম্বৰ লাভ কৰি তালিকাৰ শেষৰ স্থান লাভ কৰিছে গুৱাহাটীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু