--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ স্মাৰ্ট চিটি সপোনৰ দৌৰত ব্যস্ত থকা মহানগৰবাসী৷ সচাকৈয়ে আপোনাৰ চহৰখন স্মাৰ্ট হ’লনে? স্মাৰ্টৰ কথাটো বাৰু পাছত উলিয়াম, মহানগৰত থাকি আপুনি এটুপি বিশুদ্ধ খোৱা পানী খাবলৈ পাইছেনে? কৃত্ৰিম বানৰ সমস্যৰ পৰা আপুনি সকাহ লাভ কৰিছেনে? মহানগৰৰ সকলো অঞ্চলতে আপুনি ষ্ট্ৰীট লাইটৰ পোহৰ দেখিছেনে? মুঠতে অনেক প্ৰশ্ন৷ এই আটাইবিলাক প্ৰশ্নৰ উত্তৰ আমি যদি বিছাৰিবলৈ যাওঁ, সকলোৰে উত্তৰত মহানগৰবাসীয়ে এটাই ক’ব যে, নাই, নাই আৰু একো নাই


সচাকৈয়ে মহানগৰবাসীয়ে এটুপি খোৱা পানীৰ নামত জীয়াতু ভূগিব লগা হৈছে৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে গুৱাহাটী মহানগৰত৷ তদুপৰি মহানগৰবাসীৰ বাবে ভূতৰ ওপৰত দানৱ পৰাদি কৃত্ৰিম বানৰ সমস্যটো আছেই৷ এজাক মুষলধাৰ বৰষুণৰ কথাটো বাদেই দিলো, কিন-কিনীয়া বৰষুণজাকো মহানগৰবাসীৰ বাবে অথাই সাগৰত পৰা পৰিস্থিতি সদৃশ৷

কৃত্ৰিম বানৰ সমস্য দূৰ কৰিবলৈ চৰকাৰে ভিন্ন সময়ত ডাঙৰ-ডাঙৰ প্ৰকল্প কথা ক’লে, বুলজাৰেৰে ভৰলু নদী খান্দি কৃত্ৰিম বানৰ সমস্য দূৰ কৰিম বুলি ক’লে, কিন্তু সময়ত যেন সকলো হৈ পৰিল ফোপোলাস্বৰূপ৷ তাৰ পাছত গুৱাহাটী মহানগৰত আকৌ ষ্ট্ৰীট লাইটৰ লুকা-ভাকুৰ সমস্যটো আছেই৷ মহানগৰত থকা বিকল ষ্ট্ৰীট লাইটৰ পোহৰৰ সুযোগ গ্ৰহণ কৰি এচাম দুষ্ট চক্ৰই মহানগৰত বিভিন্ন অসামাজিক কাম কৰাৰো বহুটো ঘটনাৰ উদাহৰণ উলাব৷

এই সকলোবোৰ সমস্যৰ উত্তৰ দিব কোনে? নিশ্চয়কৈ আপোনাৰ প্ৰথমে আঙুলিটো যাব মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়ালৈ৷ কিয়নো অশোক সিংঘল হৈছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী৷ সচাকৈযে গুৱাহাটীৰ এই জলন্ত সমস্যসমূহ মন্ত্ৰী ডাঙৰীয়াই নুশুনো, নুবুজো বুলি সংকল্প ল’লে নেকি? শুনিবলৈ বেয়া যেন লাগিলেও সেই কথাই যেন৷ মন্ত্ৰী ডাঙৰীয়াই সচাকৈয়ে যেন চকু মুদা কুলিৰ ভাওঁ ধৰিছে, সেয়া যেন এতিয়া প্ৰমাণিত হৈছে৷

শেহতীয়াকৈ গুৱাহাটীৰ আন এটা উন্নয়নৰ ফোপোলা স্বৰূপ উদঙালে দেশৰ সৰ্বোচ্ছ সংস্থা নিটি আয়োগে৷ পৰিস্কাৰ পৰিচ্ছনতাৰ ক্ষেত্ৰত দেশৰ চহৰ সমূহৰ ভিতৰত তিনিশতকৈ নিম্ন স্থান লাভ কৰা গুৱাহাটীয়ে এইবাৰ নিটি আয়োগে প্ৰকাশ কৰা পিছপৰা চহৰতে নাম অন্তৰ্ভূক্ত হৈছে গুৱাহাটী৷ ৫৫.৭৯ নম্বৰ লাভ কৰি তালিকাৰ শেষৰ স্থান লাভ কৰিছে গুৱাহাটীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ