--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ-পূবৰ ৰাজনীতিত এয়া এক বৃহৎ সংঘটন বুলিব পাৰি। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তেওঁৰ ১৭জন বিধায়কৰ ভিতৰত ১১জনক লৈ যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। এই পদক্ষেপৰ পাছতে এতিয়া উত্তৰ পূবৰ ৰাজনীতিত এক বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তৃণমূলে পশ্চিমবংগৰ তেওঁলোকৰ দুৰ্ভেদ্য দুৰ্গৰ পৰাই এতিয়া সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। ত্ৰিপুৰা দখলৰ বাবে ইতিমধ্যে উঠি-পৰি লাগিছে তৃণমূল কংগ্ৰেছ। তাত ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ তীব্ৰ গতিত চলিছে। সংঘাতো আৰম্ভ হৈছে ঠায়ে ঠায়ে। সেয়া যিমান চৰ্চাৰ বিষয় সিমানে চৰ্চাৰ বিষয় হৈ পৰিছে তৃণমূলৰ এই সুচিন্তিত সাম্ৰাজ্য বিস্তাৰৰ এই কৌশল। কেৱল ত্ৰিপুৰাই নহয়, অসমতো কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবক লগত লৈ বৰাকৰ পৰা অভিযান আৰম্ভ কৰিছে তৃণমূলে। এতিয়া মেঘালয়ত তেওঁলোকৰ এই সাফল্য নিসন্দেহ এক উল্লেখযোগ্য পৰিঘটনা। পিছে ইয়াৰ আঁৰতো আছে এটা টুইষ্ট।


জানিব পৰা মতে, মেঘালয়ত কংগ্ৰেছৰ এই খহনীয়া আৰু তৃণমূলৰ এই অগ্ৰগতিৰ আঁৰৰ মানুহজন হৈছে প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰৰ দিশ নিৰ্দেশনাতেই তৃণমূলে এই খোপনি পুতিবলৈ আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে। শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মেঘালয় কংগ্ৰেছৰ মুৰব্বীৰ পদত ভিনচেণ্ট পালাক নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ অভ্যন্তৰত আৰম্ভ হৈছিল অসন্তুষ্টিৰ। তেতিয়াই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা কলকাতালৈ গৈছিল আৰু তেওঁ প্ৰশান্ত কিশোৰক লগ ধৰিছিল। দেশৰ আটাইতকৈ প্ৰভাৱশালী নিৰ্বাচনী কৌশল নিৰ্ধাৰকগৰাকীক লগ ধৰাটো তেওঁ ‘সৌজন্যমূলক’ আখ্যা দিছিল যদিও সেই সাক্ষাতৰ সৈতে শেহতীয়া এই পট পৰিৱৰ্তনৰ গভীৰ সম্পৰ্ক আছে বুলি বিভিন্ন নিৰ্বাচনী বিশেষজ্ঞই ঠাৱৰ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে প্ৰশান্ত কিশোৰৰ কৌশল নিৰ্ধাৰক কমিটীয়ে ৰাজ্যখনৰ ৰাজধানীত উপস্থিত হৈ ২০২৩চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এনে দীৰ্ঘকালীন পৰিকল্পনাৰে নিৰ্বাচনী সমৰৰ প্ৰস্তুতি চলোৱা তৃণমূলে ৰাজ্যখনৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন সংঘটিত কৰিব পাৰে।


ইফালে, তৃণমূলে অসমত তেওঁলোকৰ লক্ষ্য হিচাপে লৈছে অখিল গগৈৰ ৰাইজৰ দলক। নৱ গঠিত দলবোৰৰ ভিতৰত ৰাইজৰ দলে বিগত সময়ছোৱাত যথেষ্ট গণভিত্তি অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু তৃণমূল পৰ্যায়ত তেওঁলোকে নিষ্ঠাৰে কাম কৰি থকা দেখা গৈছে। ইফালে, নেতৃত্বৰ দুৰ্বলতা তথা ইজনৰ পাছত সিজন নেতাৰ বিজেপি গমনৰ পাছত ক্ৰমাৎ শক্তিহীন হৈ অহা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীকো লক্ষ্য হিচাপে লোৱাৰ সম্ভৱনা আছে তৃণমূলে। হয়তো, নিৰাপদ আৰু সম্ভাৱনাপূৰ্ণ আশ্ৰয়ৰ সন্ধানত তেওঁলোকে মমতাৰ ছত্ৰছায়া বাছি লোৱাৰ সম্ভাৱনা নথকা নহয়। যদি সঁচাকৈয়ে এনে হয় তেন্তে অসমত খোপনি পুতিবলৈও তৃণমূল কংগ্ৰেছে বৰ বেছি কষ্ট কৰিব নালাগিব। তেতিয়া হয়তো বিজেপিৰ আজিৰ এই সুখনিদ্ৰা বৰ বেছি দীঘলীয়া নহ’ব।

প্ৰশান্ত কিশোৰৰ কৌশল আৰু মমতাৰ দৃঢ় আৰু ভীতিহীন নেতৃত্বই অসমতো হিমন্ত বিশ্ব শৰ্মাৰ ভেটিত কঁপনি তোলাৰ আশংকা নথকা নহয়। ইমানদিনে, হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূবৰ ৰাজনীতিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। কিন্তু সেই প্ৰভাৱ কিমান দিনলৈ বৰ্তি থাকিব তাক লৈ প্ৰশ্ন উঠাতো স্বাভাৱিক। কিয়নো কেন্দ্ৰৰ শাসন পৰিৱৰ্তন হ’লেই উত্তৰ পূবৰ বহু ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাটো এটা পৰম্পৰাৰলেখীয়া কথা। ইফালে, ইতিমধ্যেই ২০২৬ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকে কৌশল নিৰ্ধাৰণ কৰি ৰাখিছে আৰু সেইমতে কামো আৰম্ভ কৰিছে। এতিয়া যিদৰে তেওঁলোকে সমগ্ৰ উত্তৰ পূবতে খোপনি পুতিবলৈ আৰম্ভ কৰিছে তালৈ লক্ষ্য কৰিলে সমগ্ৰ উত্তৰ পূবৰ ৰাজনীতিতে এক নতুন ধুমুহা বলাৰ সম্ভাৱনা নোহোৱা নহয়। কাৰণ, ইছ্যু এটাক কিদৰে নিজৰফলীয়া কৰি ব্যৱহাৰ কৰিব লাগে সেয়া প্ৰশান্ত কিশোৰৰ দৰে কৌশল নিৰ্ধাৰকে খুব ভালদৰে জানে আৰু তাৰ বহু উদাহৰণ দেশৰ ৰাজনীতিত জিলিকি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন