--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ-পূবৰ ৰাজনীতিত এয়া এক বৃহৎ সংঘটন বুলিব পাৰি। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তেওঁৰ ১৭জন বিধায়কৰ ভিতৰত ১১জনক লৈ যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। এই পদক্ষেপৰ পাছতে এতিয়া উত্তৰ পূবৰ ৰাজনীতিত এক বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তৃণমূলে পশ্চিমবংগৰ তেওঁলোকৰ দুৰ্ভেদ্য দুৰ্গৰ পৰাই এতিয়া সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। ত্ৰিপুৰা দখলৰ বাবে ইতিমধ্যে উঠি-পৰি লাগিছে তৃণমূল কংগ্ৰেছ। তাত ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ তীব্ৰ গতিত চলিছে। সংঘাতো আৰম্ভ হৈছে ঠায়ে ঠায়ে। সেয়া যিমান চৰ্চাৰ বিষয় সিমানে চৰ্চাৰ বিষয় হৈ পৰিছে তৃণমূলৰ এই সুচিন্তিত সাম্ৰাজ্য বিস্তাৰৰ এই কৌশল। কেৱল ত্ৰিপুৰাই নহয়, অসমতো কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবক লগত লৈ বৰাকৰ পৰা অভিযান আৰম্ভ কৰিছে তৃণমূলে। এতিয়া মেঘালয়ত তেওঁলোকৰ এই সাফল্য নিসন্দেহ এক উল্লেখযোগ্য পৰিঘটনা। পিছে ইয়াৰ আঁৰতো আছে এটা টুইষ্ট।


জানিব পৰা মতে, মেঘালয়ত কংগ্ৰেছৰ এই খহনীয়া আৰু তৃণমূলৰ এই অগ্ৰগতিৰ আঁৰৰ মানুহজন হৈছে প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰৰ দিশ নিৰ্দেশনাতেই তৃণমূলে এই খোপনি পুতিবলৈ আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে। শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মেঘালয় কংগ্ৰেছৰ মুৰব্বীৰ পদত ভিনচেণ্ট পালাক নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ অভ্যন্তৰত আৰম্ভ হৈছিল অসন্তুষ্টিৰ। তেতিয়াই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা কলকাতালৈ গৈছিল আৰু তেওঁ প্ৰশান্ত কিশোৰক লগ ধৰিছিল। দেশৰ আটাইতকৈ প্ৰভাৱশালী নিৰ্বাচনী কৌশল নিৰ্ধাৰকগৰাকীক লগ ধৰাটো তেওঁ ‘সৌজন্যমূলক’ আখ্যা দিছিল যদিও সেই সাক্ষাতৰ সৈতে শেহতীয়া এই পট পৰিৱৰ্তনৰ গভীৰ সম্পৰ্ক আছে বুলি বিভিন্ন নিৰ্বাচনী বিশেষজ্ঞই ঠাৱৰ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে প্ৰশান্ত কিশোৰৰ কৌশল নিৰ্ধাৰক কমিটীয়ে ৰাজ্যখনৰ ৰাজধানীত উপস্থিত হৈ ২০২৩চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এনে দীৰ্ঘকালীন পৰিকল্পনাৰে নিৰ্বাচনী সমৰৰ প্ৰস্তুতি চলোৱা তৃণমূলে ৰাজ্যখনৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন সংঘটিত কৰিব পাৰে।


ইফালে, তৃণমূলে অসমত তেওঁলোকৰ লক্ষ্য হিচাপে লৈছে অখিল গগৈৰ ৰাইজৰ দলক। নৱ গঠিত দলবোৰৰ ভিতৰত ৰাইজৰ দলে বিগত সময়ছোৱাত যথেষ্ট গণভিত্তি অৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু তৃণমূল পৰ্যায়ত তেওঁলোকে নিষ্ঠাৰে কাম কৰি থকা দেখা গৈছে। ইফালে, নেতৃত্বৰ দুৰ্বলতা তথা ইজনৰ পাছত সিজন নেতাৰ বিজেপি গমনৰ পাছত ক্ৰমাৎ শক্তিহীন হৈ অহা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীকো লক্ষ্য হিচাপে লোৱাৰ সম্ভৱনা আছে তৃণমূলে। হয়তো, নিৰাপদ আৰু সম্ভাৱনাপূৰ্ণ আশ্ৰয়ৰ সন্ধানত তেওঁলোকে মমতাৰ ছত্ৰছায়া বাছি লোৱাৰ সম্ভাৱনা নথকা নহয়। যদি সঁচাকৈয়ে এনে হয় তেন্তে অসমত খোপনি পুতিবলৈও তৃণমূল কংগ্ৰেছে বৰ বেছি কষ্ট কৰিব নালাগিব। তেতিয়া হয়তো বিজেপিৰ আজিৰ এই সুখনিদ্ৰা বৰ বেছি দীঘলীয়া নহ’ব।

প্ৰশান্ত কিশোৰৰ কৌশল আৰু মমতাৰ দৃঢ় আৰু ভীতিহীন নেতৃত্বই অসমতো হিমন্ত বিশ্ব শৰ্মাৰ ভেটিত কঁপনি তোলাৰ আশংকা নথকা নহয়। ইমানদিনে, হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূবৰ ৰাজনীতিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। কিন্তু সেই প্ৰভাৱ কিমান দিনলৈ বৰ্তি থাকিব তাক লৈ প্ৰশ্ন উঠাতো স্বাভাৱিক। কিয়নো কেন্দ্ৰৰ শাসন পৰিৱৰ্তন হ’লেই উত্তৰ পূবৰ বহু ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাটো এটা পৰম্পৰাৰলেখীয়া কথা। ইফালে, ইতিমধ্যেই ২০২৬ চনৰ নিৰ্বাচনৰ বাবে তেওঁলোকে কৌশল নিৰ্ধাৰণ কৰি ৰাখিছে আৰু সেইমতে কামো আৰম্ভ কৰিছে। এতিয়া যিদৰে তেওঁলোকে সমগ্ৰ উত্তৰ পূবতে খোপনি পুতিবলৈ আৰম্ভ কৰিছে তালৈ লক্ষ্য কৰিলে সমগ্ৰ উত্তৰ পূবৰ ৰাজনীতিতে এক নতুন ধুমুহা বলাৰ সম্ভাৱনা নোহোৱা নহয়। কাৰণ, ইছ্যু এটাক কিদৰে নিজৰফলীয়া কৰি ব্যৱহাৰ কৰিব লাগে সেয়া প্ৰশান্ত কিশোৰৰ দৰে কৌশল নিৰ্ধাৰকে খুব ভালদৰে জানে আৰু তাৰ বহু উদাহৰণ দেশৰ ৰাজনীতিত জিলিকি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু