--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মডেল গুণগুণ উপাধ্যায়ে দেওবাৰে ৰাজস্থানৰ যোধপুৰৰ এখন হোটেলৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল। যি ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কি কাৰণত গুণগুণে আত্মহত্যাৰ চেষ্টা চলাইছিল তাৰ কাৰণ বিচাৰি আৰক্ষীয়ে চলাইছিল ক্ষীপ্ৰ তদন্ত। তদন্তত ৰাজস্থান আৰক্ষীয়ে এই বিষয়টোৰ সন্দৰ্ভত এক ডাঙৰ কথা খোলাচা কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি এটা দলে ৰাজস্থানৰ কেবিনেট মন্ত্ৰী ৰামলাল জাটক হানিট্ৰেপিঙৰ জালত পেলাব বিচাৰিছিল আৰু দলটোৱে তেওঁলোকৰ কামৰ বাবে গুণগুণক ব্যৱহাৰ কৰিব বিচাৰিছিল। ইয়াৰ দ্বাৰা অতীষ্ঠ হৈয়ে গুণগুণে নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে জনোৱা অনুসৰি সেই দুষ্ট দলটোৰ লোকসকলে মডেল গুণগুণ উপাধ্যায়ক ব্লেকমেইল কৰি আছিল। তেওঁলোকে গুণগুণৰ জৰিয়তে কেবিনেট মন্ত্ৰী ৰামলাল জাটক হানিট্ৰেপিং কৰিব বিচাৰিছিল। এই উদ্দেশ্যৰ বাবে ব্লেকমেইলাৰ দলটোৰ লোকসকলে গুণগুণক ভিলৱাৰালৈ লৈ গৈছিল। কিন্তু গুণগুণে সেই কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। দলটোৰ সদস্যসকলে গুণগুণক মানসিক অত্যাচাৰ চলাবলৈ ধৰে। তেওঁলোকে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিল। অহৰহ পাই অহা মানসিক হেঁচাৰ বাবে গুণগুণ উপাধ্যায়ে হোটেল লৰ্ড ইনৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে। কিন্তু সৌভাগ্য ক্ৰমে তেওঁৰ প্ৰাণৰক্ষা পৰে। কিন্তু তেওঁৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। তেওঁ মথুৰাদাস মাথুৰ চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাটোত দলটোৰ মাষ্টাৰমাইণ্ড অক্ষত শৰ্মা আৰু দীপালীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত অক্ষত আৰু দীপালী ভিলৱাৰাৰ বাসিন্দা।অভিযুক্ত অক্ষত শৰ্মাই উদয়পুৰত মডেলিঙৰ বাবে গুণগুণক মাতিছিল।গুণগুণে কিছু সময়ৰ বাবে তাত মডেলিং কৰিছিল। নৱেম্বৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, সেয়েহে গুণগুণ যোধপুৰলৈ ঘূৰি আহিছিল। ডিচেম্বৰৰ শেষ সপ্তাহত দীপালীয়ে তেওঁক ফোন কৰি কৈছিল যে যদি আপুনি ঘূৰি নাহে তেন্তে আমাৰ ওচৰত আপোনাৰ কিছুমান নগ্ন ফটো আৰু ভিডিঅ' আছে,আমি সেইবোৰ ভাইৰেল কৰিম। তেওঁলোকে গুণগুণক নিৰন্তৰ ফোন কৰি ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। এই কথাত অতীষ্ঠ হৈ গুণগুণ উপাধ্যায় উদয়পুৰলৈ আহে। তাৰপাছত তেওঁক ব্লেকমেইলাৰ দলটোৱে ৰামলাল জাটক হানিট্ৰেপিং কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু গুণগুণে এই প্ৰস্তাৱ মানি নোলোৱাৰ বাবে তেওঁক পুনৰ মানসিক হেঁচা দিবলৈ লয়,যাৰবাবে ১৯ বছৰীয়া মডেলগৰাকীয়ে আত্মহত্যাৰ সিদ্ধান্ত লয়। আৰু পঢ়কঃ চেহেৰাই-পোছাকে সাইলাখ মোদী!নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অভিনন্দন পাঠক

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন