--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মই মুছলমান,যশ হিন্দু, আমাৰ পুত্ৰ হ'ব ছেক্যুলাৰ"-এই মন্তব্য অভিনেত্ৰী-সাংসদ নুছৰত জাহানৰ। নুছৰতে কয় যে "আমি সকলোৱে ভাল মানুহ হিচাপে ডাঙৰ হোৱা উচিত। মই এজন মুছলমান আৰু যশ এজন হিন্দু। আমাৰ পুত্ৰই দুয়োটা ধৰ্মৰ ভাল দিশটো জানিব। তেওঁ মানৱতাৰ সেৱা কৰিব।"  অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "অভিভাৱক হিচাপে আমি সকলো সময়তে মুক্ত মনৰ।  আমাৰ ঘৰত, আমি দেৱালী, দুৰ্গা পূজা, ঈদ, খ্ৰীষ্টমাছ সকলো উদযাপন কৰোঁ। মই ভাবো যে এনেদৰে আমি ঈশানৰ বাবে ধৰ্মনিৰপেক্ষ ভাৰতৰ সঠিক উদাহৰণ স্থাপন কৰিব পাৰোঁ। তেওঁ ডাঙৰ হৈ ধৰ্মনিৰপেক্ষ ভাৰতৰ এজন আদৰ্শ নাগৰিক হ'ব, মই সেই কথা বিশ্বাস কৰো।" যোৱা বছৰৰ ২৬ আগষ্টত নুছৰত জাহান আৰু যশ দাসগুপ্তৰ পুত্ৰ ঈশানৰ জন্ম হয়। ২৬ আগষ্টৰ দুপৰীয়া পাৰ্কষ্ট্ৰীটৰ এখন বেচৰকাৰী হাস্পতালত এটি পুত্ৰ সন্তানৰ জন্ম দিছিল টলীউদ অভিনেত্ৰী তথা বছিৰহাটৰ নুছৰত জাহানে। নুছৰত অন্তঃসত্ত্বা হোৱাৰে পৰা আৰম্ভ হৈছিল বিতৰ্ক। কিন্তু নীৰৱে থাকি কিদৰে বিতৰ্ক এৰাই চলিব লাগে, সেয়া দেখুৱাই দিছিল সাংসদ অভিনেত্ৰীগৰাকীয়ে। সন্তানৰ পিতৃ কোন সেয়া জানিবলৈ আগ্ৰহী নেটিজেনক প্ৰত্যুত্তৰ দি নুছৰতে কয়, ‘কোনোৱে তেওঁৰ সন্তানৰ পিতৃ কোন সেয়া জানিব বিচৰাতো তেওঁক অপমান কৰা। সন্তানৰ পিতৃয়ে জানে পিতৃ কোন, সেয়ে আন কাৰো জনাৰ প্ৰয়োজন নাই।’ নিজৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে। অভিনয় ক্ষেত্ৰৰ পৰা আহি ৰাজনৈতিক পথাৰত ভৰি দিয়া নুছৰত জাহানে বিবাহপাশত আবদ্ধ হৈছিল নিখিল জৈনৰ লগত। নুছৰত জাহান আৰু নিখিল জৈনে প্ৰায় তিনি বছৰ আগতে ২০১৯ চনত তুৰ্কীত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত দুয়োজনৰ মাজত মনোমালিন্য আৰম্ভ হয়। দুয়োগৰাকী পৃথকে পৃথকে থাকিবলৈ লয়। তাৰমাজতে নুছৰত জাহান অন্তঃসত্ত্বা হয়। নুছৰত জাহান অভিনেতা যশ দাসগুপ্তাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে বুলি খবৰ প্ৰকাশ পায়। সেই সন্তানৰ পিতৃ কোন সকলোৱে জানিব বিচাৰিছিল কাৰণ সেই সন্তানৰ পিতৃ স্বামী নিখিল জৈন নহয় বুলি নিখিলে নিজে প্ৰকাশ কৰিছিল। সকলোৱে যশ দাসগুপ্তাৰ ফালে আঙুলি টোঁৱাইছিল কিন্তু যশে এই কথা নাকচ কৰি গৈছিল। কিন্তু কিছু দিনৰ পাছতেই পোহৰলৈ আহে নুছৰতৰ পুত্ৰ ঈশানৰ পিতৃ পৰিচয়! জন্মৰ প্ৰমাণপত্ৰত ঈশানৰ নাম আছে ঈশান জে দাসগুপ্ত। তাত পিতৃৰ নাম হিচাপে আছে যশ দাসগুপ্ত। ইয়াৰ পাছতেই সকলো নিশ্চিত হয় যে যশ দাসগুপ্তাই হৈছে নুছৰতৰ সন্তানৰ পিতৃ। আৰু পঢ়কঃ মন্ত্ৰীক হানিট্ৰেপিং কৰিবলৈ মডেলক নিৰন্তৰ হেঁচা! অতীষ্ঠ হৈ মডেলৰ আত্মহত্যাৰ চেষ্টা ​

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য