--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মই মুছলমান,যশ হিন্দু, আমাৰ পুত্ৰ হ'ব ছেক্যুলাৰ"-এই মন্তব্য অভিনেত্ৰী-সাংসদ নুছৰত জাহানৰ। নুছৰতে কয় যে "আমি সকলোৱে ভাল মানুহ হিচাপে ডাঙৰ হোৱা উচিত। মই এজন মুছলমান আৰু যশ এজন হিন্দু। আমাৰ পুত্ৰই দুয়োটা ধৰ্মৰ ভাল দিশটো জানিব। তেওঁ মানৱতাৰ সেৱা কৰিব।"  অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "অভিভাৱক হিচাপে আমি সকলো সময়তে মুক্ত মনৰ।  আমাৰ ঘৰত, আমি দেৱালী, দুৰ্গা পূজা, ঈদ, খ্ৰীষ্টমাছ সকলো উদযাপন কৰোঁ। মই ভাবো যে এনেদৰে আমি ঈশানৰ বাবে ধৰ্মনিৰপেক্ষ ভাৰতৰ সঠিক উদাহৰণ স্থাপন কৰিব পাৰোঁ। তেওঁ ডাঙৰ হৈ ধৰ্মনিৰপেক্ষ ভাৰতৰ এজন আদৰ্শ নাগৰিক হ'ব, মই সেই কথা বিশ্বাস কৰো।" যোৱা বছৰৰ ২৬ আগষ্টত নুছৰত জাহান আৰু যশ দাসগুপ্তৰ পুত্ৰ ঈশানৰ জন্ম হয়। ২৬ আগষ্টৰ দুপৰীয়া পাৰ্কষ্ট্ৰীটৰ এখন বেচৰকাৰী হাস্পতালত এটি পুত্ৰ সন্তানৰ জন্ম দিছিল টলীউদ অভিনেত্ৰী তথা বছিৰহাটৰ নুছৰত জাহানে। নুছৰত অন্তঃসত্ত্বা হোৱাৰে পৰা আৰম্ভ হৈছিল বিতৰ্ক। কিন্তু নীৰৱে থাকি কিদৰে বিতৰ্ক এৰাই চলিব লাগে, সেয়া দেখুৱাই দিছিল সাংসদ অভিনেত্ৰীগৰাকীয়ে। সন্তানৰ পিতৃ কোন সেয়া জানিবলৈ আগ্ৰহী নেটিজেনক প্ৰত্যুত্তৰ দি নুছৰতে কয়, ‘কোনোৱে তেওঁৰ সন্তানৰ পিতৃ কোন সেয়া জানিব বিচৰাতো তেওঁক অপমান কৰা। সন্তানৰ পিতৃয়ে জানে পিতৃ কোন, সেয়ে আন কাৰো জনাৰ প্ৰয়োজন নাই।’ নিজৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে। অভিনয় ক্ষেত্ৰৰ পৰা আহি ৰাজনৈতিক পথাৰত ভৰি দিয়া নুছৰত জাহানে বিবাহপাশত আবদ্ধ হৈছিল নিখিল জৈনৰ লগত। নুছৰত জাহান আৰু নিখিল জৈনে প্ৰায় তিনি বছৰ আগতে ২০১৯ চনত তুৰ্কীত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত দুয়োজনৰ মাজত মনোমালিন্য আৰম্ভ হয়। দুয়োগৰাকী পৃথকে পৃথকে থাকিবলৈ লয়। তাৰমাজতে নুছৰত জাহান অন্তঃসত্ত্বা হয়। নুছৰত জাহান অভিনেতা যশ দাসগুপ্তাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে বুলি খবৰ প্ৰকাশ পায়। সেই সন্তানৰ পিতৃ কোন সকলোৱে জানিব বিচাৰিছিল কাৰণ সেই সন্তানৰ পিতৃ স্বামী নিখিল জৈন নহয় বুলি নিখিলে নিজে প্ৰকাশ কৰিছিল। সকলোৱে যশ দাসগুপ্তাৰ ফালে আঙুলি টোঁৱাইছিল কিন্তু যশে এই কথা নাকচ কৰি গৈছিল। কিন্তু কিছু দিনৰ পাছতেই পোহৰলৈ আহে নুছৰতৰ পুত্ৰ ঈশানৰ পিতৃ পৰিচয়! জন্মৰ প্ৰমাণপত্ৰত ঈশানৰ নাম আছে ঈশান জে দাসগুপ্ত। তাত পিতৃৰ নাম হিচাপে আছে যশ দাসগুপ্ত। ইয়াৰ পাছতেই সকলো নিশ্চিত হয় যে যশ দাসগুপ্তাই হৈছে নুছৰতৰ সন্তানৰ পিতৃ। আৰু পঢ়কঃ মন্ত্ৰীক হানিট্ৰেপিং কৰিবলৈ মডেলক নিৰন্তৰ হেঁচা! অতীষ্ঠ হৈ মডেলৰ আত্মহত্যাৰ চেষ্টা ​

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান