--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘অৱশেষত মই চিৰদিনৰ বাবে তেওঁৰ হৈ পৰিলোঁ’- এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়। [caption id="attachment_126168" align="alignnone" width="300"] source : Internet[/caption] প্ৰথা অনুসৰি, ৰঙা লেহেংগা পৰিধান কৰিছিল মৌনী ৰয়ে। শিৰত ডাঙৰ মাংটিকা, ডিঙিত সোণৰ গহণা আৰু ৰঙা ওৰণীখনেৰে কইনা সাজত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। ওৰণীখনত লিখা এটি শব্দই সকলোকে আকৰ্ষণ কৰিছে৷ ওৰণীখনত বাংলাভাষাত নহয়, সংস্কৃতত লিখা আছিল ‘আয়ুষ্মতী ভৱ৷’ [caption id="attachment_126169" align="alignnone" width="300"] source : internet[/caption] পৰম্পৰা অনুসৰি, পাণেৰে মুখখন ঢাকি ৰাখিলে আৰু পাৰিজৰ ওপৰত সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ আৱেগিক হৈ পৰিছিল৷ মালাবৰণ কৰাৰ আগতে দৰাৰ চাৰিওকাষে সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু সেই সময়তেই বাজি উঠে - 'আমাৰ পৰাণ যাহা চায়...' শীৰ্ষক গীতটি৷ বৃহস্পতিবাৰে মালায়ালী বিবাহৰ পাছত, মৌনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, 'অৱশেষত মই তেওঁৰ হৈ পৰিলো। হাতত হাত দি, পৰিয়ালৰ আশীৰ্বাদ লৈ, বন্ধুবৰ্গৰ প্ৰেমক শিৰোধাৰ্য কৰি আমি আজি বিবাহিত। মই আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰো। ইতি- সুৰজ আৰু মৌনী।' মৌনীৰ এই পোষ্টটোৱে আপ্লুট কৰিছিল অনুৰাগীসকলক৷ [caption id="attachment_126171" align="alignnone" width="300"] source : internet[/caption]   বিবাহৰ পূৰ্বে মৌনীয়ে কেতিয়াও সুৰজৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। বিবাহৰ দিনা পুৱা, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথম দৰাৰ এখন ফটো পোষ্ট কৰিছিল আৰু নিজৰ বিষয়ে এক অফিচিয়েল ছিল-মোহৰ মাৰিছিল। [caption id="attachment_126172" align="alignnone" width="300"] source : internet[/caption] উল্লেখ্য যে, ডুবাইৰ বিনিয়োগ বেংকাৰ সুৰজ নাম্বিয়াৰ। তেওঁৰ এটা ৰিয়েল ইষ্টেট ব্যৱসায়ো আছে। বাংগালুৰুত সুৰজৰ মূল ঘৰ বুলি জানিব পৰা গৈছে। দুয়োখন ঘৰৰ ৰীতি-নীতি অনুসৰি মৌনী আৰু সুৰজ বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত ভাইৰেল ফটো আৰু ভিডিঅ’বোৰে মুহিত কৰিছে সকলোকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ