--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘অৱশেষত মই চিৰদিনৰ বাবে তেওঁৰ হৈ পৰিলোঁ’- এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়। [caption id="attachment_126168" align="alignnone" width="300"] source : Internet[/caption] প্ৰথা অনুসৰি, ৰঙা লেহেংগা পৰিধান কৰিছিল মৌনী ৰয়ে। শিৰত ডাঙৰ মাংটিকা, ডিঙিত সোণৰ গহণা আৰু ৰঙা ওৰণীখনেৰে কইনা সাজত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। ওৰণীখনত লিখা এটি শব্দই সকলোকে আকৰ্ষণ কৰিছে৷ ওৰণীখনত বাংলাভাষাত নহয়, সংস্কৃতত লিখা আছিল ‘আয়ুষ্মতী ভৱ৷’ [caption id="attachment_126169" align="alignnone" width="300"] source : internet[/caption] পৰম্পৰা অনুসৰি, পাণেৰে মুখখন ঢাকি ৰাখিলে আৰু পাৰিজৰ ওপৰত সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ আৱেগিক হৈ পৰিছিল৷ মালাবৰণ কৰাৰ আগতে দৰাৰ চাৰিওকাষে সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু সেই সময়তেই বাজি উঠে - 'আমাৰ পৰাণ যাহা চায়...' শীৰ্ষক গীতটি৷ বৃহস্পতিবাৰে মালায়ালী বিবাহৰ পাছত, মৌনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, 'অৱশেষত মই তেওঁৰ হৈ পৰিলো। হাতত হাত দি, পৰিয়ালৰ আশীৰ্বাদ লৈ, বন্ধুবৰ্গৰ প্ৰেমক শিৰোধাৰ্য কৰি আমি আজি বিবাহিত। মই আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰো। ইতি- সুৰজ আৰু মৌনী।' মৌনীৰ এই পোষ্টটোৱে আপ্লুট কৰিছিল অনুৰাগীসকলক৷ [caption id="attachment_126171" align="alignnone" width="300"] source : internet[/caption]   বিবাহৰ পূৰ্বে মৌনীয়ে কেতিয়াও সুৰজৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। বিবাহৰ দিনা পুৱা, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথম দৰাৰ এখন ফটো পোষ্ট কৰিছিল আৰু নিজৰ বিষয়ে এক অফিচিয়েল ছিল-মোহৰ মাৰিছিল। [caption id="attachment_126172" align="alignnone" width="300"] source : internet[/caption] উল্লেখ্য যে, ডুবাইৰ বিনিয়োগ বেংকাৰ সুৰজ নাম্বিয়াৰ। তেওঁৰ এটা ৰিয়েল ইষ্টেট ব্যৱসায়ো আছে। বাংগালুৰুত সুৰজৰ মূল ঘৰ বুলি জানিব পৰা গৈছে। দুয়োখন ঘৰৰ ৰীতি-নীতি অনুসৰি মৌনী আৰু সুৰজ বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত ভাইৰেল ফটো আৰু ভিডিঅ’বোৰে মুহিত কৰিছে সকলোকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু