--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে খাদ্য, বিবাহ, প্ৰথম চাকৰি আৰু পৰিয়ালক লৈ মুকলিকৈ মন্তব্য প্ৰদান কৰিছিল। এটা সাক্ষাৎকাৰত ৰাহুলে বহু কথা মুকলিকৈ কৈছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেতিয়া আৰু কাৰ সৈতে বিয়াত বহিব, তাকে লৈ যথেষ্ট চৰ্চা হয়। ৰাহুল গান্ধীক এই সন্দৰ্ভত বহুবাৰ প্ৰশ্নও কৰা দেখিবলৈ পোৱা গৈছে। 

ৰাহুলে শেহতীয়াকৈ কয় যে বিবাহৰ ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই। উপযুক্ত যুৱতী বিচাৰি পালে নিশ্চয় মই বিয়া পাতিম। মোৰ মা-দেউতাৰ বিয়াখন আছিল অসাধাৰণ। সেইবাবেই মোৰ বিবাহৰ চিন্তা বহুত উচ্চ। মইও বিচাৰিছো এনে এগৰাকী জীৱনসংগী।

বৰ্তমান ভাৰত জোড়ো যাত্ৰাৰ বাবে জম্মুত আছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰি ৰাহুল গান্ধীয়ে যোৱা ১২৯ দিনত ১২ খন ৰাজ্যৰ মাজেৰে পদযাত্ৰা কৰি বৰ্তমান জম্মুত আছে। যোৱা বৰ্ষৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত অন্ত পৰিব।

শেহতীয়া এক সাক্ষাৎকাৰত কোনো যুৱতীৰ নাম নোলোৱাকৈ তেওঁ কয় যে যেতিয়াই তেওঁৰ বাবে উপযু্ক্ত যুৱতী বিচাৰি পাব তেতিয়াই তেওঁ বিয়াত বহিব। ৰাহুল গান্ধীৰ এই মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে।

৫২ বৰ্ষীয় ৰাহুল গান্ধীক সাক্ষাৎকাৰত সোধা হৈছিল যে জীৱন সংগীৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে কোনো বিশেষত্ব বিচাৰে নেকি? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে তেনে কোনো কথা নাই, মাত্ৰ জীৱনসংগীগৰাকী মৰমিয়াল আৰু বুদ্ধিমান হোৱা প্ৰয়োজন।
 
উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতো গান্ধীয়ে এক ইউটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ সংগীৰ ক্ষেত্ৰত তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গুণ থকাটো বিচাৰে বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জানুৱাৰীত আকৌ আহিব প্রধানমন্ত্রী; মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, স্থাপন কৰিব নামৰূপৰ নতুন সাৰ কাৰখানা, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা
ৰাছিয়াৰ বৃহত্তম তেল শোধনাগাৰত ইউক্রেইনৰ ড্ৰ'নৰ আক্ৰমণ
বাংলাদেশত এই বছৰ ৩৩ সহস্রাধিক মণ্ডপত দুর্গা পূজা
অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই ৮৫ বছৰ বয়সত আকৌ এবাৰ উৰুৱালে বিমান
পুৱা উঠাৰ পৰা নিশা শোৱালৈকে জনতাই পাবGST সংস্কাৰৰ লাভ: নিৰ্মলা সীতাৰমণ
'আমাৰ মৃত্যুৰ বাবে আমি দায়ী'! ১৩ মহলাৰ পৰা জঁপিয়াই মাতৃ-পুত্ৰৰ চৰম সিদ্ধান্ত
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক