--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে খাদ্য, বিবাহ, প্ৰথম চাকৰি আৰু পৰিয়ালক লৈ মুকলিকৈ মন্তব্য প্ৰদান কৰিছিল। এটা সাক্ষাৎকাৰত ৰাহুলে বহু কথা মুকলিকৈ কৈছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেতিয়া আৰু কাৰ সৈতে বিয়াত বহিব, তাকে লৈ যথেষ্ট চৰ্চা হয়। ৰাহুল গান্ধীক এই সন্দৰ্ভত বহুবাৰ প্ৰশ্নও কৰা দেখিবলৈ পোৱা গৈছে। 

ৰাহুলে শেহতীয়াকৈ কয় যে বিবাহৰ ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই। উপযুক্ত যুৱতী বিচাৰি পালে নিশ্চয় মই বিয়া পাতিম। মোৰ মা-দেউতাৰ বিয়াখন আছিল অসাধাৰণ। সেইবাবেই মোৰ বিবাহৰ চিন্তা বহুত উচ্চ। মইও বিচাৰিছো এনে এগৰাকী জীৱনসংগী।

বৰ্তমান ভাৰত জোড়ো যাত্ৰাৰ বাবে জম্মুত আছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰি ৰাহুল গান্ধীয়ে যোৱা ১২৯ দিনত ১২ খন ৰাজ্যৰ মাজেৰে পদযাত্ৰা কৰি বৰ্তমান জম্মুত আছে। যোৱা বৰ্ষৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত অন্ত পৰিব।

শেহতীয়া এক সাক্ষাৎকাৰত কোনো যুৱতীৰ নাম নোলোৱাকৈ তেওঁ কয় যে যেতিয়াই তেওঁৰ বাবে উপযু্ক্ত যুৱতী বিচাৰি পাব তেতিয়াই তেওঁ বিয়াত বহিব। ৰাহুল গান্ধীৰ এই মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে।

৫২ বৰ্ষীয় ৰাহুল গান্ধীক সাক্ষাৎকাৰত সোধা হৈছিল যে জীৱন সংগীৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে কোনো বিশেষত্ব বিচাৰে নেকি? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে তেনে কোনো কথা নাই, মাত্ৰ জীৱনসংগীগৰাকী মৰমিয়াল আৰু বুদ্ধিমান হোৱা প্ৰয়োজন।
 
উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতো গান্ধীয়ে এক ইউটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ সংগীৰ ক্ষেত্ৰত তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গুণ থকাটো বিচাৰে বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement