--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ প্ৰাপ্য প্ৰেম বিচাৰি ধৰ্ণাত বহিল এগৰাকী প্ৰেমিকা। সেই ধৰ্ণাত বহি প্ৰেমিকা অৱশ্যে সফলো হ'ল। সেই হেৰুৱা প্ৰেম তেওঁ বিচাৰি পালে। কেৱল প্ৰেম বিচাৰি পোৱাই নহয়, এই ধৰ্ণাৰ বলতে প্ৰেমিকৰ লগত তেওঁ বিয়াতো বহিল। হাড় কপোৱা ঠাণ্ডাত প্ৰায় ৮০ ঘণ্টা ধৰি ৰাস্তাত ধৰ্ণাত বহি থকা ছোৱালীজনীৰ দাবী অৱশেষত পূৰণ হ’ল। এই দাবী আছিল বিবাহৰ দাবী। এই ঘটনা ঝাৰখণ্ডৰ ধনবাদ জিলাৰ। 

চাৰি বছৰীয়া প্ৰেমৰ অন্তত প্ৰেমিক-প্ৰেমিকাৰ বিয়া ঠিক হৈছিল। কিন্তু শেষ মুহূৰ্তত প্ৰেমিকজনে প্ৰেমিকাক বিয়া পাতিবলৈ অস্বীকাৰ কৰে। আনকি প্ৰেমিকাৰ ফোন নম্বৰৰ লগতে সকলোতে ব্লক কৰি দিয়ে প্ৰেমিকে। 

ইয়াৰ প্ৰতিবাদ স্বৰূপে প্ৰেয়সীয়ে প্ৰেমিকৰ ঘৰৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণাত বহা যুৱতীগৰাকীৰ নাম নিশা। বয়স ২০ বছৰ। তেওঁ ইষ্ট ভাছুৰিয়াৰ বাসিন্দা। নিশাই কয় যে চাৰি বছৰ আগতে মহেশপুৰৰ বাসিন্দা উত্তম পেটেলক তেওঁ লগ পাইছিল। তেতিয়া নিশাই SSLNT কলেজত পঢ়িছিল। কলেজৰ ওচৰতে দুয়ো দুয়োকে লগ পাই লাহে লাহে প্ৰেমত পৰে। আজীৱন একেলগে থকাৰ আৰু বিয়া পতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ইজনে সিজনক।

নিশাই কয় যে দুয়োৰে পৰিয়ালৰ লোকে এই সম্পৰ্কৰ কথা জানিছিল। দুয়োঘৰৰ মাজত আহ-যাহো আছিল। বিবাহ সন্দৰ্ভতো দুয়োটা পৰিয়ালৰ মাজত আলোচনা হৈছিল আৰু বিবাহৰ তাৰিখো নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু বিয়াৰ ২০ দিন আগত উত্তমে সকলো উলট-পালট কৰি দিয়ে। তেওঁ নিশাক বিয়া নকৰাও বুলি কয়।

কোনো উপায় নোপোৱাত নিশাই উত্তমৰ ঘৰৰ বাহিৰত ধৰ্ণাত বহে। খবৰ অনুসৰি ইয়াৰ মাজতে উত্তম আৰু তেওঁৰ পৰিয়ালে ঘৰৰ পৰা পলায়ন কৰে। ৮০ ঘণ্টা ধৰি নিশাই উত্তমৰ ঘৰৰ বাহিৰত ধৰ্ণাত বহে। অৱশেষত নিশাৰ পিতৃয়ে ৰাজগঞ্জ থানাত গোচৰ ৰুজু কৰে। তাৰ পাছত ল'ৰাটোৰ পৰিয়ালে নিশাৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু দুয়োখন ঘৰৰ সহমতত নিশা-উত্তমৰ বিয়া বন্দোৱস্ত কৰা হয়।

মন্দিৰত দুয়োটা পৰিয়ালৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহ সম্পন্ন হয় নিশা আৰু উত্তমৰ। নিশাই কয় যে তেওঁ এই বিয়াত বহুত সুখী। নিজৰ প্ৰেমক ঘূৰাই পাই তেওঁ বহুত সুখ অনুভৱ কৰিছে। নিশাই লগতে কয় যে প্ৰেমিক উত্তম পেটেলৰ বিৰুদ্ধে থানাত দাখিল কৰা এজাহাৰ তেওঁ উঠাই ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক