--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঠ বছৰৰ সৰু শিৰীষ কুন্দেৰক বিয়া কৰি অনেক গঞ্জনা-উপহাসৰ সমুখিন হৈছিল ফাৰাহ খান। বলিউডৰ কৰিঅ’গ্ৰাফাৰগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে।

আইটেম গাৰ্ল মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ নামৰ এটা শ্ব’ত ফাৰাহ খানে এইদৰে কৈছে। উল্লেখ্য যে মালাইকাইও তেওঁতকৈ কম বয়সীয়া অৰ্জন কাপুৰৰ স’তে সম্পৰ্কত আৱদ্ধ হৈ আছে। ফাৰাহে মালাইকাক সুধে যে অৰ্জুনৰ স’তে হোৱা এই সম্পৰ্কক লৈ মানুহে কটুক্তি নকৰেনে?

তাৰ উত্তৰত মালাইকাই হাঁহি হাঁহি কয়- “তুমিও এতিয়া এইধৰণৰ কথাক লৈ চিন্তা কৰিছা? বয়স বাঢ়িলে মহিলাসকলে কি এইধৰণৰ চিন্তা কৰে নেকি?”

“বয়স্ক মহিলাসকলক লৈ নানা কথা চলে সমাজত। ল’ৰাই নিজতকৈ কম বয়সীয়া ছোৱালীৰ স’তে প্ৰেম কৰিলে সেয়া স্বাভাৱিক বিষয়। ১০ বছৰৰ ডাঙৰ প্ৰেমিকা থাকিলেতো এজন ল’ৰা পৃথিৱীৰ অধীস্বৰ। কিন্তু সেই একেটা সম্পৰ্কতে থকা ছোৱালীজনীক ককৰ্থনা কৰা হয়। কোনেও তাইক বাহ বাহ নিদিয়ে।”- মালাইকাই আক্ষেপ কৰে।

উল্লেখ্য যে ২০০৪ চনৰ ৪ ডিচেম্বৰত শিৰীষ কুন্দেৰৰ স’তে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰাহ খান। ২০০৮ চনত কৃত্ৰিম প্ৰজননৰ সহায়ত ফাৰাহ খানে সন্তানো জন্ম দিয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা