--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ তেতিয়া জ্বলিছিল। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ সংঘৰ্ষত ৰাজ্য খনৰ প্ৰান্তে প্ৰান্তে উত্তেজনা বিয়পি পৰিছিল। ৪ মে'ৰ  পুৱা মণিপুৰৰ কিশোৰ নগামগৌহৌ মেটেই ইম্ফলৰ খোংচাই ভেঙত থকা  তেওঁৰ খুৰাকৰ ঘৰৰ পৰা ওলাই গৈছিল।  খুৰাকৰ ঘৰটো প্ৰতিবাদকাৰীৰ হেঁচাত খালী কৰিবলগীয়া  হৈছিল।  ভাৰতৰ  অনুৰ্ধ-১৬ ফুটবল দলৰ অধিনায়ক মণিপুৰৰ নগামগৌহৌ মেটেই তেওঁৰ  ফুটবল খেলা বুটযোৰ  আৰু শৈক্ষিক প্ৰমাণপত্ৰ বোৰ  বেগত সুমুৱাই কোনোমতে প্ৰাণটো বচাই ঘৰটোৰ পৰা ওলাই গৈছিল।  শেহতীয়াকৈ ভূটানত অনুৰ্ধ ১৬ এছএএফএফ কাপৰ খিতাপ অৰ্জন কৰা ১৫ বছৰীয়া যুৱকজনে নাজানিছিল যে তেওঁ বিগত চাৰি বছৰ ধৰি থকা ঠাইখনলৈ আৰু  কেতিয়াও ঘূৰি যাব নোৱাৰে। কাৰণ পূব ইম্ফলৰ কুকি সংখ্যালঘু অধ্যুষিত এলেকা  

খোনচাই ভেঙত থকা মেটেৰ খুৰাকৰ ঘৰটো  উন্মত্ত জনতাৰ জ্বলাই দিছিল।তাত এতিয়া ঘৰ বুলিবলৈ একোৱেই নাই।   মেট আৰু তেওঁৰ আত্মীয়সকলে আশ্ৰয় বিচাৰি ওচৰৰ বিদ্যালয়লৈ যোৱাৰ কেইঘণ্টামান পিছতে ঘৰটো জ্বলাই দিয়া হৈছিল।সেই দিনটোৰ কথা সুঁৱৰি মেটেই কয়  "মোৰ খুৰাৰ ঘৰটো জ্বলি গৈছিল। আমি সকলো হেৰুৱালোঁ। ক্লাবত অনুশীলন কৰিবলৈ যাওঁতে  মই ব্যৱহাৰ কৰা স্কুটিখনো  জ্বলাই দিয়া হৈছিল। মই মাত্ৰ মোৰ ফুটবল খেলা বুটযোৰ আৰু কিছু নথিপত্ৰ লৈ পলাই আহিছিলো। যি ঠাইত মোৰ ফুটবল যাত্ৰা আৰম্ভ হৈছিল সেই ঠাই খন এতিয়া  আৰু নাই। ভাৰতীয় সেনা মাজনিশা তাত উপস্থিত হৈছিল আৰু আমাক ওচৰৰ নাগা বসতিলৈ লৈ গৈছিল। আমি যোৱাৰ পিছত, জনতাই বিদ্যালয়খন আক্ৰমণ কৰিছিল আৰু চৌহদত ৰখাই থোৱা সকলো বাহন জ্বলাই দিছিল। পিছত, কোনোবাই মোলৈ মোৰ এলেকাৰ ফটো প্ৰেৰণ কৰিছিল আৰু সকলো বোৰ জ্বলাই দিয়া হৈছিল। সকলো...," । 

মেটেই দেশৰ গৌৰৱ বৃদ্ধি কৰি  ভূটানৰ পৰা উভতি অহাৰ পিছৰে পৰা গৃহহাৰা হৈয়েই  আছে। অৱশ্যে, মেটেই এতিয়াও স্থানীয় খেলপথাৰত নিয়মীয়াকৈ অনুশীলন কৰে আৰু তেওঁৰ প্ৰশিক্ষণৰ ৰুটিন অনুসৰি জিমত ব্যায়াম কৰে। মেটৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১০ ছেপ্টেম্বৰত বাংলাদেশক ফাইনেলত পৰাস্ত কৰি এছএএফএফ কাপ দখল  কৰিছিল। যদিও দেশৰ বাবে খেলি আছে তথাপি মেটেই মইপুৰত থকা তেওঁৰ  ঘৰৰ লোকসকলকলৈ আজিও উদ্বিগ্ন,তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়ে নিৰন্তৰ চিন্তিত । মালদ্বীপৰ বিৰুদ্ধে ছেমিফাইনেলৰ  খেল থকাৰ দিনা পুৱাই তেওঁ এটা বাৰ্তা পাইছিল যে টেংনুপাল জিলাৰ পালেলত থকা তেওঁৰ পিতৃ-মাতৃৰ স্থানত আক্ৰমণৰ কৰা হৈছে। মেটেই কয়"  মেচ শেষ হোৱাৰ পিছতে মই  মোৰ মা-দেউতাক ফোন কৰিবলৈ  দৌৰিছিলো ।  তেওঁলোক ঠিকে আছে নে-সেই প্ৰশ্নই মোৰ মগজুত বাৰে বাৰে খুন্দা মাৰিছিল।সৌভাগ্যৰ কথা যে  তেওঁলোকে ইতিমধ্যে অঞ্চলটোৰ পৰা পলাই গৈছিল," । 

তেওঁ আশা কৰিছিল যে কেইদিনমানৰ ভিতৰতে পৰিস্থিতি শান্ত হ'ব আৰু তেওঁ তেওঁৰ বিজয় পদক লৈ ঘৰলৈ উভতি আহি বিজয় উদযাপন কৰিবলৈ সক্ষম হ'ব।মেটেই কয় " মই ভাবিছিলো যে মই ঘৰলৈ যাম আৰু মোৰ পৰিয়ালৰ সৈতে বিজয়ৰ আনন্দ  উদযাপন কৰিম। মোৰ তিনিগৰাকী ডাঙৰ ভগ্নী আছে আৰু তেওঁলোক সকলো ভাল ৰান্ধনী। তেওঁলোকে মোৰ বাবে গাহৰি আৰু মুৰ্গীৰ মাংস ৰান্ধিলেহেঁতেন। কিন্তু পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে সেয়েহে মই ইয়াতে থাকিবলৈ বাধ্য হৈছোঁ"।  চাৰি মাহৰো অধিক সময় ধৰি পৰিয়ালক লগ পোৱা নাই মেটেই । 

ইম্ফলৰ ক্লাছিক ফুটবল একাডেমীত প্ৰশিক্ষণ ল'বলৈ খুৰাকৰ ঘৰলৈ যোৱা প্ৰতিভাশালী মিডফিল্ডাৰগৰাকীক ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ৰেনেডি সিঙে পৰামৰ্শ প্ৰদান কৰি আহিছে।  শিলিগুৰিত মেটেৰ বাবে হোষ্টেল আৰু প্ৰশিক্ষণৰ  ব্যৱস্থা কৰা হৈছিল। মেটেই আশা কৰিছে যাতে তেওঁ ইম্ফলত থকা তেওঁৰ ক্লাবত নিয়মীয়া অনুশীলন কৰিবলৈ  ঘূৰি যাব  পাৰে।কুকি সম্প্ৰদায়ৰ মেটেই কয়" ক্লাবত মেইটেই সম্প্ৰদায়ৰ মোৰ বন্ধু আছে আৰু আমি এতিয়াও নিয়মীয়াকৈ কথা পাতো। আমি বিবাদৰ বিষয়ে আলোচনা নকৰো।আমাৰ মাজত কোনো শত্ৰুতা নাই।কিন্তু ইমানৰ পিছতো  কি ঘটিছে সেয়া  দেখি মোৰ সঁচাকৈয়ে দুখ লাগে," । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা