--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিৰোধী মিত্ৰজোঁটৰ ইণ্ডিয়া নামটোকলৈ বিজেপিৰ আপত্তিৰ শেষ নাই।  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ  বিৰোধী মিত্ৰজোঁটৰ নাম  'ইণ্ডিয়া ' কৰাকলৈ বিৰোধী শিবিৰক তীব্ৰ সমালোচনা কৰিছে। 

বিহাৰৰ মধুবনীত বিজেপিৰ এক ৰেলীত ভাষণ প্ৰদান কৰি তেওঁ কয়, "ইয়াৰ পূৰ্বে তেওঁলোকে ইউপিএৰ নামত মিত্ৰতা গঠন কৰি ১২ লাখ কোটি টকাৰো অধিক টকাৰ দুৰ্নীতি কৰিছিল। এতিয়া তেওঁলোকে এটা নতুন নামৰ সৈতে দুৰ্নীতি কৰাৰ ষড়যন্ত্ৰ কৰিছে। লালু প্ৰসাদ যাদৱে ৰে’ল মন্ত্ৰী হৈ থাকোতে ডাঙৰ দুৰ্নীতি কৰিছিল। তেওঁলোকে ইউপিএৰ নাম লৈ পুনৰ মানুহৰ মাজলৈ ঘূৰি আহিব নোৱাৰিব বুলি অনুভৱ কৰিছে, সেয়া তেওঁলোকে তেওঁলোকৰ নতুন মিত্ৰজোঁটৰ নাম 'ইণ্ডিয়া' ৰাখিছে। তেওঁলোকৰ মিত্ৰজোঁটৰ নেতাসকলে ৰক্ষা বন্ধন, জন্মাষ্টমীৰ বন্ধ বাতিল কৰে আৰু ৰামচৰিতমানসক অসন্মান কৰে। পৰম্পৰাগত ধৰ্মক ৰোগৰ সৈতে তুলনা কৰা হয়। তেওঁলোকে কেৱল তোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত লিপ্ত হৈ আছে। "


লক্ষণীয়ভাৱে, গেৰুৱা দলে বিৰোধীৰ নতুন মিত্ৰজোঁট 'ইণ্ডিয়া'ক 'ইণ্ডি' মিত্ৰতা হিচাপে অভিহিত কৰি আহিছে। ইয়াৰ কাৰণো বাখ্যা  কৰা হৈছে। বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছিল "কিছুমান লোকে ইণ্ডিয়া এলায়েন্স বুলি কৈছে, কিন্তু আমি ইণ্ডি এলায়েন্স বুলি কোৱা উচিত। মিত্ৰতা শব্দটো কোৱাটো শুদ্ধ নহয়।’’ শ্বাহে বিহাৰত আৰজেডি-জেডি(ইউ) মিত্ৰতাক "তেল-পানী"ৰ মিত্ৰতা বুলিও অভিহিত কৰে। তেওঁৰ মতে, বিহাৰত লালু-নীতিশ মিত্ৰতাও "অবাস্তৱ" ঠিক যেনেদৰে তেল আৰু পানী মিহলি নহয়।

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ভাৰত মিত্ৰজোঁটে সনাতন ধৰ্ম ধ্বংস কৰিব বিচাৰে।মোদীয়ে কৈছিল "ইণ্ডিয়া  মিত্ৰজোঁটে সনাতন ধৰ্মৰ সমাপ্তি বিচাৰে। তেওঁলোকে স্বামী বিবেকানন্দ আৰু লোকমান্য তিলকৰ দৰে ব্যক্তিত্বক অনুপ্ৰাণিত কৰা সনাতন ধৰ্মক  দেশৰ পৰা মচি পেলাবলৈ চেষ্টা কৰি আছে। আজি তেওঁলোকে মুকলিকৈ আমাৰ ধৰ্মক আক্ৰমণ কৰিছে, কাইলৈ তেওঁলোকে দেশৰ জনসাধাৰণক আক্ৰমণ কৰিব। দেশৰ সকলো  মানুহে ইণ্ডিয়া  মিত্ৰতাৰ প্ৰতি সতৰ্ক হোৱা উচিত। যিসকলে দেশক ভালপায় তেওঁলোকে ইণ্ডিয়াৰ মিত্ৰতাক প্ৰতিৰোধ কৰা উচিত।’’ মোদীৰ পিছতে  এইবাৰ শ্বাহে বিৰোধী মিত্ৰজোঁটকো আক্ৰমণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক