--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এবছৰত চাৰিৰ পৰা পাঁচখন ছবিত অভিনয় কৰে। এই বৰ্ষত তেওঁৰ দুখন ছবি ‘বড়ে মিয়া ছোটে মিয়া’ আৰু ‘ছাৰফিৰা’ ইতিমধ্যে মুক্তি লাভ কৰিছে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ আগমুহূৰ্তত তেওঁ লৈ আহিছে তেওঁৰ তৃতীয়খন ছবি ‘খেল-খেল মে’। ১৫ আগষ্টত মুক্তিৰ বাবে সাজু হৈ উঠিছে বহুতো তাৰকাই অভিনয় কৰা এই ছবিখন। 

অন্য অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে অক্ষয় কুমাৰ। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত তেওঁৰ জনপ্ৰিয় ছবি ‘গৰম মছলা’ক তেওঁৰ কৰ্মজীৱনৰ আটাইতকৈ কঠিন ছবি বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও অক্ষয় কুমাৰে ইয়াৰ আঁৰৰ কাহিনীও সকলোৰে আগত ব্যক্ত কৰিছে।

‘গৰম মছলা’ ছবিখন ২০০৫ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনত অক্ষয় কুমাৰৰ সৈতে জন আব্ৰাহাম আৰু পৰেশ ৰাৱলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ৰিমি সেন, নীতু চন্দ্ৰ আৰু নাৰ্গিছ বাঘেৰীও এই ছুপাৰহিট ছবিখনৰ অংশ আছিল। ইয়াত অক্ষয় কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছিল।

‘গৰম মছলা’ কিয় তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন ছবি আছিল তাৰ কাৰণ ব্যক্ত কৰি তেওঁ কয় যে ছবিখনৰ শ্বুটিংৰ সময়ত অভিনেতাজনে একেলগে এগৰাকীতকৈ অধিক অভিনেত্ৰীৰ সৈতে অভিনয় কৰিব লগা হৈছিল৷ পৰিচালক প্ৰিয়দৰ্শনে তেওঁৰ বহুতো দীঘলীয়া শ্বট লৈছিল যাৰ বাবে অক্ষয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু ইয়াৰ বাবে তেওঁ ভাগৰিও পৰিছিল৷ অক্ষয় কুমাৰে কয় যে এই বিষয়ে জন আব্ৰাহামক সুধিলে তেওঁ একেই কথাই ক’ব। 

সাক্ষাৎকাৰত অক্ষয়ক ইয়াৰ নিৰ্দিষ্ট কাৰণৰ বিষয়ে সোধাত অভিনেতাজনে কয় যে ‘‘একেটা শ্বটতে আৰু একে সময়তে মই বিভিন্ন এক্সপ্ৰেচন দিব লগা হৈছিল। কাৰণ চিত্ৰনাট্য অনুসৰি মই প্ৰতিগৰাকী ছোৱালীৰ বাবে বেলেগ বেলেগ চৰিত্ৰত আছিলো। এনে পৰিস্থিতিত সকলোৰে লগত বিভিন্ন ধৰণৰ এক্সপ্ৰেচন দিয়াটো প্ৰয়োজনীয় আছিল আৰু মোৰ বাবে এইটো বৰ কঠিন হৈ পৰিছিল৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু