--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এবছৰত চাৰিৰ পৰা পাঁচখন ছবিত অভিনয় কৰে। এই বৰ্ষত তেওঁৰ দুখন ছবি ‘বড়ে মিয়া ছোটে মিয়া’ আৰু ‘ছাৰফিৰা’ ইতিমধ্যে মুক্তি লাভ কৰিছে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ আগমুহূৰ্তত তেওঁ লৈ আহিছে তেওঁৰ তৃতীয়খন ছবি ‘খেল-খেল মে’। ১৫ আগষ্টত মুক্তিৰ বাবে সাজু হৈ উঠিছে বহুতো তাৰকাই অভিনয় কৰা এই ছবিখন। 

অন্য অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে অক্ষয় কুমাৰ। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত তেওঁৰ জনপ্ৰিয় ছবি ‘গৰম মছলা’ক তেওঁৰ কৰ্মজীৱনৰ আটাইতকৈ কঠিন ছবি বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও অক্ষয় কুমাৰে ইয়াৰ আঁৰৰ কাহিনীও সকলোৰে আগত ব্যক্ত কৰিছে।

‘গৰম মছলা’ ছবিখন ২০০৫ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনত অক্ষয় কুমাৰৰ সৈতে জন আব্ৰাহাম আৰু পৰেশ ৰাৱলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ৰিমি সেন, নীতু চন্দ্ৰ আৰু নাৰ্গিছ বাঘেৰীও এই ছুপাৰহিট ছবিখনৰ অংশ আছিল। ইয়াত অক্ষয় কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছিল।

‘গৰম মছলা’ কিয় তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন ছবি আছিল তাৰ কাৰণ ব্যক্ত কৰি তেওঁ কয় যে ছবিখনৰ শ্বুটিংৰ সময়ত অভিনেতাজনে একেলগে এগৰাকীতকৈ অধিক অভিনেত্ৰীৰ সৈতে অভিনয় কৰিব লগা হৈছিল৷ পৰিচালক প্ৰিয়দৰ্শনে তেওঁৰ বহুতো দীঘলীয়া শ্বট লৈছিল যাৰ বাবে অক্ষয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু ইয়াৰ বাবে তেওঁ ভাগৰিও পৰিছিল৷ অক্ষয় কুমাৰে কয় যে এই বিষয়ে জন আব্ৰাহামক সুধিলে তেওঁ একেই কথাই ক’ব। 

সাক্ষাৎকাৰত অক্ষয়ক ইয়াৰ নিৰ্দিষ্ট কাৰণৰ বিষয়ে সোধাত অভিনেতাজনে কয় যে ‘‘একেটা শ্বটতে আৰু একে সময়তে মই বিভিন্ন এক্সপ্ৰেচন দিব লগা হৈছিল। কাৰণ চিত্ৰনাট্য অনুসৰি মই প্ৰতিগৰাকী ছোৱালীৰ বাবে বেলেগ বেলেগ চৰিত্ৰত আছিলো। এনে পৰিস্থিতিত সকলোৰে লগত বিভিন্ন ধৰণৰ এক্সপ্ৰেচন দিয়াটো প্ৰয়োজনীয় আছিল আৰু মোৰ বাবে এইটো বৰ কঠিন হৈ পৰিছিল৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ