--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনে দীৰ্ঘদিন ধৰি কুইজ ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৰৌড়পতি’ত আঁত ধৰি আহিছে। শেহতীয়াকৈ ছিজন-১৫ক বিদায় দিয়াৰ পাছত নতুন ছিজনৰ প্ৰথম দিনটোতে পুনৰ দৰ্শকৰ মাজত অলপ আৱেগ-অনুভূতিৰ সৃষ্টি হয়। জনসাধাৰণৰ চাহিদাত শ্ব’টোৰ ১৬ সংখ্যক ছিজন লৈ ঘূৰি আহিছে শতিকাৰ ছুপাৰষ্টাৰগৰাকীয়ে। কেবিচিৰ সৈতে মানুহৰ সংযোগ আৰু অমিতাভ বচ্চনৰ অনন্য অনুষ্ঠানে প্ৰমাণ কৰে যে বিগ বিক বাদ দি এই অনুষ্ঠানৰ বাবে কোনোৱেই উপযুক্ত ঘোষক নহয়। 

অমিতাভ বচ্চন কেবিচিৰ গৌৰৱ। ‘কৌন বনেগা কৰৌড়পতি’ বহু ভাষাত সম্প্ৰচাৰিত হয়। কিন্তু, অমিতাভ বচ্চনে আঁত ধৰা হিন্দী সংস্কৰণটোৱেই আটাইতকৈ জনপ্ৰিয়। ২৫ লাখ টকাৰ মাননি লৈ অমিতাভ বচ্চনে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল। এই অনুষ্ঠানটোৱে প্ৰতি বছৰে তেওঁৰ মাননি বৃদ্ধি কৰি আহিছে। অমিতাভ বচ্চনে এই ছিজনত বিশাল বাজেটেৰে উভতি আহিছে ।

চতুৰ্থ ছিজনলৈকে অমিতাভ বচ্চনৰ মাননি দুগুণ বৃদ্ধি পালে। ‘কেবিচি ৪’ত ঘোষক হিচাপে বাবে তেওঁ ৫০ লাখ টকা মাননি ল’বলৈ আৰম্ভ কৰে। কেবিচিৰ দৰ্শকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ষষ্ঠ ছিজনলৈ অমিতাভ বচ্চনৰ মাননি ১.৫ কোটি টকা হ’ল। অষ্টম ছিজনত তেওঁৰ মাননি প্ৰতিটো খণ্ডত ২ কোটি টকালৈ বৃদ্ধি পায়। নৱম ছিজন সম্প্ৰচাৰ হোৱাৰ সময়ত অমিতাভ বচ্চনে নিজৰ মাননি ২.৬ কোটি টকালৈ বৃদ্ধি কৰিছিল। 

দশম ছিজনত অমিতাভ বচ্চনে প্ৰতিটো খণ্ডত ৩ কোটি টকা উপাৰ্জন কৰি অনুষ্ঠানটোক সফল কৰি তুলিছিল। ইয়াৰ পিছত একাদশ ছিজনৰ পৰা ত্ৰয়োদশ ছিজনলৈকে তেওঁ প্ৰতিটো খণ্ডত ৩.৫ কোটি টকা লৈছিল। একে সময়তে এতিয়া অমিতাভে ‘কৌন বনেগা কৰৌড়পতি’ৰ ১৬ সংখ্যক ছিজনত ঘোষক হিচাপে ৫ কোটি টকা(প্ৰতি খণ্ড)মাননি লৈছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ