--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম সফল অভিনেতা অক্ষয় কুমাৰ। পত্নী টুইংকল খান্না আৰু দুই সন্তানৰ সৈতে অক্ষয় কুমাৰৰ আছে এখন সুখৰ সংসাৰ। নাম, যশ, টকা-পইচাৰ অভাৱ নাই অক্ষয় কুমাৰৰ। 

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ নিজৰ পুত্ৰ আৰাভৰ বিষয়ে মুকলিকৈ কয়। অক্ষয় কুমাৰে কয় যে তেওঁৰ পুত্ৰ চিনেমা উদ্যোগত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী নহয়। অভিনেতাজনে নিজৰ পুত্ৰক সহজ-সৰল বুলি আখ্যা দিছে।
Aarav Kumar: मार्शल आर्ट में फर्स्ट डिग्री ब्लैक बेल्ट विनर हैं अक्षय कुमार  के बेटे, जानिए कहां तक की है पढ़ाई | Jansatta
অক্ষয়ে কয়, ‘মোৰ ল’ৰা আৰাভে লণ্ডনৰ বিশ্ববিদ্যালয়ত পঢ়ি আছে। ১৫ বছৰ বয়সতে তেওঁ ঘৰৰ পৰা ওলাই আহিছিল। সদায় পঢ়া-শুনাৰ প্ৰতি আকৰ্ষিত আছিল আৰু অকলে থাকিব বিচাৰিছিল। মই তেওঁক যোৱাটো বিচৰা নাছিলোঁ যদিও স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত তেওঁৰ আছিল ৷ ১৪ বছৰ বয়সতে ঘৰৰ পৰা ওলাই অহাত মই তেওঁক বাধা দিব নোৱাৰিলোঁ।”

“আৰাভে নিজৰ কাপোৰ নিজে ধোৱে, তেওঁ ভাল ৰান্ধনী, বাচন-বৰ্তনো ধোৱে আৰু দামী কাপোৰ কেতিয়াও কিনিব নিবিচাৰে। আচলতে তেওঁ টকাৰ অপচয় কৰাটো একেবাৰে ভাল নাপায়। অবাবত আৰাভে এটকাও খৰচ নকৰে। আচলতে তেওঁ সৰুৰে পৰা টকাৰ মূল্য বুজি পায়।
Akshay Kumar says 'simple' son Aarav 'wears second-hand clothes', doesn't  want to be an actor | Bollywood - Hindustan Times
আৰাভে থ্ৰিফ্টী নামৰ ছেকেণ্ড হেণ্ড ষ্ট’ৰ এখনলৈ কাপোৰ কিনিবলৈ যায়। আমি কেতিয়াও তেওঁক কোনো কাম কৰিবলৈ জোৰ কৰা নাই। তেওঁ ফেশ্বনৰ প্ৰতি আগ্ৰহী, তেওঁ চিনেমাৰ অংশ হ’ব নিবিচাৰে। মোক আৰাভে কৈছিল যে মই চিনেমা কৰিব নিবিচাৰো। মই কৈছিলো এয়া তোমাৰ জীৱন, যি কৰিব বিচাৰা তাকে কৰা।’’
Aarav Kumar Turns 21
তেওঁলোকৰ পুত্ৰক সাধাৰণ মানুহ হিচাপে ডাঙৰ-দীঘল কৰাৰ বাবে অক্ষয় কুমাৰে পত্নী টুইংকল খান্নাক প্ৰশংসা কৰে। অক্ষয়ে লগতে কয় যে “টুইংকল আৰু মই আৰাভক যিদৰে ডাঙৰ-দীঘল কৰিছো, মই সুখী; তেওঁ এজন অতি সহজ-সৰল ল’ৰা। আনহাতে মোৰ ছোৱালীয়ে কাপোৰ ভাল পায়।’’

অক্ষয় কুমাৰৰ পুত্ৰৰ এই মনোভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু সকলোৱে তেওঁক প্ৰশংসা কৰিছে।
Akshay Kumar's son Aarav Bhatia's new look. : r/BollyBlindsNGossip
উল্লেখ্য যে শেহতীয়াকৈ অক্ষয় কুমাৰ ব্যস্ত হৈ আছে জলী এল এল বি ৩ৰ কামত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু