--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ বলীউডৰ শীৰ্ষ তাৰকাৰ ভিতৰত অন্যতম। তেওঁৰ ছবিয়ে কোটি কোটি টকাৰ ব্যৱসায় কৰে, কিন্তু অক্ষয় কুমাৰে নিজকে কঠোৰ পৰিশ্ৰমী শ্ৰমিক বুলিহে গণ্য কৰে। শেহতীয়াকৈ অক্ষয় কুমাৰে এটা শ্ব’ৰ সময়ত পত্নী টুইংকলক উচ্চ প্ৰশংসা কৰিছিল। তেওঁ কৈছিল যে ‘‘মই মাত্ৰ এজন গাধ শ্ৰমিক আনহাতে মোৰ পত্নী টুইংকল প্ৰকৃত বুদ্ধিমান।’’
Akshay Kumar is my editor: Twinkle Khanna - The Economic Times
ক্ৰিকেটাৰ শিখৰ ধাৱনৰ টক শ্ব’ত পত্নী টুইংকলৰ সৈতে উপস্থিত হোৱা অক্ষয় কুমাৰে নিজৰ কেৰিয়াৰ, জীৱনশৈলীৰ লগতে পৰিয়াল আৰু সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়।

পত্নী টুইংকলক প্ৰশংসা কৰি অক্ষয় কুমাৰে কয় যে ‘‘মই ভাগ্যৱান যে মই ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ কন্যাক বিয়া কৰাইছো, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মই এজন নিখুঁত সংগী পাইছো।’’

কথা-বতৰাৰ সময়ত অক্ষয় কুমাৰে কয় যে ‘‘মই বেছি পঢ়া-শুনা কৰিব নোৱাৰিলোঁ, মই কেৱল গাধৰ দৰে শ্ৰম কৰো, টুইংকল বুদ্ধিমান আৰু কথাবোৰ বেলেগ দৃষ্টিভংগীৰে চায়।’’ 
Happy wedding anniversary Akshay, Twinkle: 5 times the couple praised each  other | Bollywood - Hindustan Times
অক্ষয় কুমাৰে লগতে কয় যে ‘‘জীৱনত উপযুক্ত সংগী বিচাৰি উলিওৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ইয়াৰ লগে লগে আপোনাৰ জীৱনটো স্বয়ংক্ৰিয়ভাৱে নিখুঁত হৈ পৰে। মোৰ ভাগ্য ভাল যে টুইংকল কেৱল এগৰাকী ভাল পত্নীয়ে নহয় এগৰাকী মহান মাতৃও। আজিও তেওঁ নিজৰ দৃষ্টিকোণৰ পৰা কথাবোৰ চায়। মোৰ পত্নী পঞ্চাশ বছৰীয়া হ’ল যদিও আজিও তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰি আছে। স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত তেওঁ শেহতীয়াকৈ পি এইচ ডিও সম্পূৰ্ণ কৰিছে।’’
Akshay Kumar pens heartfelt note for Twinkle Khanna on her graduation day -  The Statesman
অক্ষয়ে লগতে হাঁহি হাঁহি কয় যে ‘‘মোৰো কলেজলৈ উভতি যোৱাৰ ইচ্ছা যায় কিন্তু কিতাপ দেখিলেই মোৰ কান্দিবলৈ মন যায়।’’

শ্ব’ৰ সময়ত অক্ষয় কুমাৰে কয় যে ‘‘মোৰ সৰুৰে পৰা খেলৰ প্ৰতি অধিক আগ্ৰহ আছিল। পঢ়া-শুনাত মই শূন্য বুলি মা-দেউতাইও বুজি পাইছিল। সেইবাবেই চাগে তেওঁলোকে মোক খেলৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ অনুমতি দিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু