--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ বলীউডৰ শীৰ্ষ তাৰকাৰ ভিতৰত অন্যতম। তেওঁৰ ছবিয়ে কোটি কোটি টকাৰ ব্যৱসায় কৰে, কিন্তু অক্ষয় কুমাৰে নিজকে কঠোৰ পৰিশ্ৰমী শ্ৰমিক বুলিহে গণ্য কৰে। শেহতীয়াকৈ অক্ষয় কুমাৰে এটা শ্ব’ৰ সময়ত পত্নী টুইংকলক উচ্চ প্ৰশংসা কৰিছিল। তেওঁ কৈছিল যে ‘‘মই মাত্ৰ এজন গাধ শ্ৰমিক আনহাতে মোৰ পত্নী টুইংকল প্ৰকৃত বুদ্ধিমান।’’
Akshay Kumar is my editor: Twinkle Khanna - The Economic Times
ক্ৰিকেটাৰ শিখৰ ধাৱনৰ টক শ্ব’ত পত্নী টুইংকলৰ সৈতে উপস্থিত হোৱা অক্ষয় কুমাৰে নিজৰ কেৰিয়াৰ, জীৱনশৈলীৰ লগতে পৰিয়াল আৰু সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়।

পত্নী টুইংকলক প্ৰশংসা কৰি অক্ষয় কুমাৰে কয় যে ‘‘মই ভাগ্যৱান যে মই ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ কন্যাক বিয়া কৰাইছো, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মই এজন নিখুঁত সংগী পাইছো।’’

কথা-বতৰাৰ সময়ত অক্ষয় কুমাৰে কয় যে ‘‘মই বেছি পঢ়া-শুনা কৰিব নোৱাৰিলোঁ, মই কেৱল গাধৰ দৰে শ্ৰম কৰো, টুইংকল বুদ্ধিমান আৰু কথাবোৰ বেলেগ দৃষ্টিভংগীৰে চায়।’’ 
Happy wedding anniversary Akshay, Twinkle: 5 times the couple praised each  other | Bollywood - Hindustan Times
অক্ষয় কুমাৰে লগতে কয় যে ‘‘জীৱনত উপযুক্ত সংগী বিচাৰি উলিওৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ইয়াৰ লগে লগে আপোনাৰ জীৱনটো স্বয়ংক্ৰিয়ভাৱে নিখুঁত হৈ পৰে। মোৰ ভাগ্য ভাল যে টুইংকল কেৱল এগৰাকী ভাল পত্নীয়ে নহয় এগৰাকী মহান মাতৃও। আজিও তেওঁ নিজৰ দৃষ্টিকোণৰ পৰা কথাবোৰ চায়। মোৰ পত্নী পঞ্চাশ বছৰীয়া হ’ল যদিও আজিও তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰি আছে। স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত তেওঁ শেহতীয়াকৈ পি এইচ ডিও সম্পূৰ্ণ কৰিছে।’’
Akshay Kumar pens heartfelt note for Twinkle Khanna on her graduation day -  The Statesman
অক্ষয়ে লগতে হাঁহি হাঁহি কয় যে ‘‘মোৰো কলেজলৈ উভতি যোৱাৰ ইচ্ছা যায় কিন্তু কিতাপ দেখিলেই মোৰ কান্দিবলৈ মন যায়।’’

শ্ব’ৰ সময়ত অক্ষয় কুমাৰে কয় যে ‘‘মোৰ সৰুৰে পৰা খেলৰ প্ৰতি অধিক আগ্ৰহ আছিল। পঢ়া-শুনাত মই শূন্য বুলি মা-দেউতাইও বুজি পাইছিল। সেইবাবেই চাগে তেওঁলোকে মোক খেলৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ অনুমতি দিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ