--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱন হানি হ'ব পৰা সম্ভাব্য এক আক্ৰমণৰ পৰা ৰক্ষা পৰিছে উত্তৰাখণ্ডৰ পশুপালন মন্ত্ৰী সৌৰভ বহুগুণা। মন্ত্ৰীগৰাকীৰ হত্যাৰ পৰিকল্পনাৰ বিষয়ে লাভ কৰা তথ্যৰ আধাৰত আৰক্ষীৰ তাৎক্ষণিক পদক্ষেপে জীৱন ৰক্ষা কৰিছে সৌৰভ বহুগুণাৰ। উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ এগৰাকী আগশাৰীৰ নেতা তথা পশুপালন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনে ভয়াৱহ ষড়যন্ত্ৰৰ খবৰে ৰাজ্যখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই হত্যাৰ পৰিকল্পনাৰ আঁৰত থকা চাৰি অভিযুক্তক। 

লক্ষ্যণীয়ভাৱে বহুগুণা হত্যাৰ এই ষড়যন্ত্ৰ আদিস্থল হৈছে কাৰাগাৰ। প্ৰকাশিত খবৰ অনুসৰি হত্যাৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড হৈছে হীৰা সিং নামৰ এগৰাকী ব্যক্তি। অভিযুক্ত হীৰা সিং অবৈধ খনিৰ গোচৰত পূৰ্বে কাৰাৰুদ্ধ হৈছিল। সেই সময়তে সিঙে ৰচনা কৰিছিল বহুগুণা হত্যাৰ পৰিকল্পনা। সিঙে তেওঁৰ এই কাৰাবাসৰ বাবে মন্ত্ৰী বহুগুণাকে দোষাৰোপ কৰিছিল।

সেয়ে প্ৰতিশোধৰ তাড়নাত সিঙে কাৰাগাৰত থকাৰ সময়তে বহুগুণাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। কাৰাগাৰৰ পৰা ওলাই আহি হীৰা সিঙে মন্ত্ৰী বহুগুণাৰ হত্যাৰ ষড়যন্ত্ৰক বাস্তৱায়িত কৰিবলৈ তৎপৰ হৈ পৰে আৰু ইয়াৰ বাবে আন তিনিগৰাকী ব্যক্তিৰ সৈতে লগ লাগে। এই তিনিগৰাকী অভিযুক্তক ক্ৰমে সতনাম সিং ওৰফে সত্তা, হৰভজন সিং আৰু মহম্মদ আজিজ ওৰফে গুড্ডু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

এই বিষয়ে সম্ভেদ লাভ কৰাৰ পিছতে সৌৰভ বহুগুণাৰ সহযোগী তথা বিজেপি নেতা উমাশংকৰ দুবে আৰক্ষীৰ কাষ চাপে আৰু এক অভিযোগ দ্বাৰা দাখিল কৰে। এই অভিযোগৰ ভিত্তিত সোমবাৰে উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জৰ পৰা আৰক্ষীয়ে চাৰিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হীৰা সিঙে জামিনত মুকলি হোৱাৰ পিছত সতনাম সিং, হৰভজন সিং আৰু মহম্মদ আজিজৰ সৈতে যোগাযোগ কৰে।

পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ বাবে সিঙে হৰভজনৰ জৰিয়তে সতনাম সিং ওৰফে সত্তাক ৫.৭০ লাখ টকা পৰিশোধ কৰে। সত্তাই বহুগুণাক হত্যাৰ বাবে মহম্মদ আজিজ ওৰফে গুড্ডু নামৰ শ্বুটাৰগৰাকীক নিযুক্তি দিয়াৰ দায়িত্ব লৈছিল। কিন্তু আৰক্ষীৰ তৎপৰতাত সিঙৰ এই ষড়যন্ত্ৰ বিফল হয় আৰু চাৰিও অভিযুক্ত আৰক্ষীৰ জালত পৰে।

উল্লেখ্য যে মন্ত্ৰী সৌৰভ বহুগুণা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণাৰ পুত্ৰ। ৰাজ্যখনত বৰ্তমান শাসনত থকা পুষ্কৰ সিং ধামীৰ মন্ত্ৰীসভাৰ কনিষ্ঠতম সদস্যসকলৰ ভিতৰত অন্যতম হৈছে সৌৰভ বহুগুণা। ইফালে তেওঁৰ হত্যাৰ ষড়যন্ত্ৰৰ কথা ফাদিল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ধামীয়ে আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। ইতিমধ্যে মন্ত্ৰীগৰাকীৰ বাসগৃহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ