--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱন হানি হ'ব পৰা সম্ভাব্য এক আক্ৰমণৰ পৰা ৰক্ষা পৰিছে উত্তৰাখণ্ডৰ পশুপালন মন্ত্ৰী সৌৰভ বহুগুণা। মন্ত্ৰীগৰাকীৰ হত্যাৰ পৰিকল্পনাৰ বিষয়ে লাভ কৰা তথ্যৰ আধাৰত আৰক্ষীৰ তাৎক্ষণিক পদক্ষেপে জীৱন ৰক্ষা কৰিছে সৌৰভ বহুগুণাৰ। উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ এগৰাকী আগশাৰীৰ নেতা তথা পশুপালন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনে ভয়াৱহ ষড়যন্ত্ৰৰ খবৰে ৰাজ্যখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই হত্যাৰ পৰিকল্পনাৰ আঁৰত থকা চাৰি অভিযুক্তক। 

লক্ষ্যণীয়ভাৱে বহুগুণা হত্যাৰ এই ষড়যন্ত্ৰ আদিস্থল হৈছে কাৰাগাৰ। প্ৰকাশিত খবৰ অনুসৰি হত্যাৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ড হৈছে হীৰা সিং নামৰ এগৰাকী ব্যক্তি। অভিযুক্ত হীৰা সিং অবৈধ খনিৰ গোচৰত পূৰ্বে কাৰাৰুদ্ধ হৈছিল। সেই সময়তে সিঙে ৰচনা কৰিছিল বহুগুণা হত্যাৰ পৰিকল্পনা। সিঙে তেওঁৰ এই কাৰাবাসৰ বাবে মন্ত্ৰী বহুগুণাকে দোষাৰোপ কৰিছিল।

সেয়ে প্ৰতিশোধৰ তাড়নাত সিঙে কাৰাগাৰত থকাৰ সময়তে বহুগুণাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। কাৰাগাৰৰ পৰা ওলাই আহি হীৰা সিঙে মন্ত্ৰী বহুগুণাৰ হত্যাৰ ষড়যন্ত্ৰক বাস্তৱায়িত কৰিবলৈ তৎপৰ হৈ পৰে আৰু ইয়াৰ বাবে আন তিনিগৰাকী ব্যক্তিৰ সৈতে লগ লাগে। এই তিনিগৰাকী অভিযুক্তক ক্ৰমে সতনাম সিং ওৰফে সত্তা, হৰভজন সিং আৰু মহম্মদ আজিজ ওৰফে গুড্ডু বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

এই বিষয়ে সম্ভেদ লাভ কৰাৰ পিছতে সৌৰভ বহুগুণাৰ সহযোগী তথা বিজেপি নেতা উমাশংকৰ দুবে আৰক্ষীৰ কাষ চাপে আৰু এক অভিযোগ দ্বাৰা দাখিল কৰে। এই অভিযোগৰ ভিত্তিত সোমবাৰে উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জৰ পৰা আৰক্ষীয়ে চাৰিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে হীৰা সিঙে জামিনত মুকলি হোৱাৰ পিছত সতনাম সিং, হৰভজন সিং আৰু মহম্মদ আজিজৰ সৈতে যোগাযোগ কৰে।

পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ বাবে সিঙে হৰভজনৰ জৰিয়তে সতনাম সিং ওৰফে সত্তাক ৫.৭০ লাখ টকা পৰিশোধ কৰে। সত্তাই বহুগুণাক হত্যাৰ বাবে মহম্মদ আজিজ ওৰফে গুড্ডু নামৰ শ্বুটাৰগৰাকীক নিযুক্তি দিয়াৰ দায়িত্ব লৈছিল। কিন্তু আৰক্ষীৰ তৎপৰতাত সিঙৰ এই ষড়যন্ত্ৰ বিফল হয় আৰু চাৰিও অভিযুক্ত আৰক্ষীৰ জালত পৰে।

উল্লেখ্য যে মন্ত্ৰী সৌৰভ বহুগুণা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণাৰ পুত্ৰ। ৰাজ্যখনত বৰ্তমান শাসনত থকা পুষ্কৰ সিং ধামীৰ মন্ত্ৰীসভাৰ কনিষ্ঠতম সদস্যসকলৰ ভিতৰত অন্যতম হৈছে সৌৰভ বহুগুণা। ইফালে তেওঁৰ হত্যাৰ ষড়যন্ত্ৰৰ কথা ফাদিল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ধামীয়ে আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। ইতিমধ্যে মন্ত্ৰীগৰাকীৰ বাসগৃহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু