--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই তেওঁৰ অশ্লীল ভিডিঅ' নিজ স্বামী আৰু পুত্ৰই ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে কেৱল অভিযোগ উত্থাপন কৰাই নহয় আৰক্ষী থানাত স্বামী আৰু পুত্ৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ গৌৰেলা-পেন্দ্ৰা-মাৰৱাহি জিলাত। মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁ স্বামীৰ কথা শুনি নিজৰ এক নগ্ন অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিছিল। পাছত সেই ভিডিঅ'টো স্বামী আৰু পুত্ৰই ভাইৰেল কৰি দিয়ে বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে। তথ্য অনুসৰি গৌৰেলাৰ বাসিন্দা ৪৫ বছৰীয়া মহিলাগৰাকীৰ প্ৰায়ে স্বামীৰ সৈতে বিবাদ হয়। ইয়াৰ বাবে তেওঁ প্ৰায়ে মাতৃৰ ঘৰত থাকেগৈ। অলপতে মহিলাগৰাকী স্বামীগৃহলৈ ঘূৰি আহিছিল। সেই সময়তে তেওঁৰ ১৯ বছৰীয়া পুত্ৰই নিজৰ ম'বাইলটো বেয়া হোৱা বুলি কৈ মাতৃৰ ম'বাইলটো ব্যৱহাৰ কৰিবলৈ কিছু সময়ৰ বাবে লৈছিল। অলপ পাছতে পুত্ৰই মাতৃক ম'বাইলটো ঘূৰাই দিছিল কিন্তু ঘূৰাই দিয়াৰ পূৰ্বে পুত্ৰই মাতৃৰ আপত্তিজনক ভিডিঅ'টো নিজৰ ম'বাইললৈ ছেণ্ড কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পিতা-পুত্ৰক সোধপোচ কৰাত পুত্ৰই কয় যে ''মা আৰু দেউতাৰ প্ৰায়ে কাজিয়া হৈছিল। মই সদায় মা-দেউতাৰ কাজিয়াৰ সমাপ্তি বিচাৰিছিলো। মোৰ মায়ে কিমান লেতেৰা কাম কৰে সেয়া জনাবৰ বাবে এই ভিডিঅ'টো কেৱল মই মোৰ মাহীলৈ প্ৰেৰণ কৰিছিলোঁ। মোৰ মায়ে লেতেৰা কাম কৰে কাৰণেই দেউতাৰ সৈতে কাজিয়া হৈ থাকে, সেই কথাৰ প্ৰমাণ হিচাপেই ভিডিঅ'টো মাহীক দিছিলোঁ। মই জনা নাছিলো যে ভিডিঅ'টো ভাইৰেল হ'ব।'' আৰু পঢ়কঃ কি লিখা আছে আজি আপোনাৰ ভাগ্যত…চাওঁ আহক ৰাশিফল New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান