--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই তেওঁৰ অশ্লীল ভিডিঅ' নিজ স্বামী আৰু পুত্ৰই ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে কেৱল অভিযোগ উত্থাপন কৰাই নহয় আৰক্ষী থানাত স্বামী আৰু পুত্ৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ গৌৰেলা-পেন্দ্ৰা-মাৰৱাহি জিলাত। মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁ স্বামীৰ কথা শুনি নিজৰ এক নগ্ন অশ্লীল ভিডিঅ' প্ৰস্তুত কৰিছিল। পাছত সেই ভিডিঅ'টো স্বামী আৰু পুত্ৰই ভাইৰেল কৰি দিয়ে বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে। তথ্য অনুসৰি গৌৰেলাৰ বাসিন্দা ৪৫ বছৰীয়া মহিলাগৰাকীৰ প্ৰায়ে স্বামীৰ সৈতে বিবাদ হয়। ইয়াৰ বাবে তেওঁ প্ৰায়ে মাতৃৰ ঘৰত থাকেগৈ। অলপতে মহিলাগৰাকী স্বামীগৃহলৈ ঘূৰি আহিছিল। সেই সময়তে তেওঁৰ ১৯ বছৰীয়া পুত্ৰই নিজৰ ম'বাইলটো বেয়া হোৱা বুলি কৈ মাতৃৰ ম'বাইলটো ব্যৱহাৰ কৰিবলৈ কিছু সময়ৰ বাবে লৈছিল। অলপ পাছতে পুত্ৰই মাতৃক ম'বাইলটো ঘূৰাই দিছিল কিন্তু ঘূৰাই দিয়াৰ পূৰ্বে পুত্ৰই মাতৃৰ আপত্তিজনক ভিডিঅ'টো নিজৰ ম'বাইললৈ ছেণ্ড কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পিতা-পুত্ৰক সোধপোচ কৰাত পুত্ৰই কয় যে ''মা আৰু দেউতাৰ প্ৰায়ে কাজিয়া হৈছিল। মই সদায় মা-দেউতাৰ কাজিয়াৰ সমাপ্তি বিচাৰিছিলো। মোৰ মায়ে কিমান লেতেৰা কাম কৰে সেয়া জনাবৰ বাবে এই ভিডিঅ'টো কেৱল মই মোৰ মাহীলৈ প্ৰেৰণ কৰিছিলোঁ। মোৰ মায়ে লেতেৰা কাম কৰে কাৰণেই দেউতাৰ সৈতে কাজিয়া হৈ থাকে, সেই কথাৰ প্ৰমাণ হিচাপেই ভিডিঅ'টো মাহীক দিছিলোঁ। মই জনা নাছিলো যে ভিডিঅ'টো ভাইৰেল হ'ব।'' আৰু পঢ়কঃ কি লিখা আছে আজি আপোনাৰ ভাগ্যত…চাওঁ আহক ৰাশিফল New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন