--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ ফাইল্ছক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ধুমুহা। এই বিতৰ্কৰ পাছতে এইবাৰ প্ৰতিফলিত হৈছে ছবিখনৰ পাৰ্শ্বক্ৰিয়া। দিল্লীৰ এখন হোটেলৰ অভ্যৰ্থনা কক্ষত ৰেকৰ্ডিং হোৱা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পোহৰলৈ আহিছে কিছু তথ্য। এগৰাকী কাশ্মীৰী লোকক দিল্লীৰ এখন হোটেলত প্ৰৱেশত বাধা দিছিল হোটেল কৰ্তৃপক্ষই। হোটেলখনৰ অভ্যৰ্থনা কক্ষত থকা মহিলা কৰ্মচাৰীয়ে কাশ্মীৰী ব্যক্তিগৰাকীক বাধা দিছিল হোটেলত নিশা কটোৱাৰ পৰা। উল্লেখ্য যে নাছিৰ খুৱেহামি নামৰ কাশ্মীৰৰ ব্যক্তিগৰাকীয়ে দিল্লীৰ হোটেলখনত আগতীয়াকৈ বন্দবস্তি কৰিছিল এটা কোঠা। হোটেল বন্দবস্তি কৰা প্লেটফৰ্ম OYO যোগে আগতীয়া বন্দবস্তি কৰিছিল হোটেলৰ কোঠা। কিন্তু হোটেলখনত উপস্থিত হোৱাৰ পাছতে ব্যক্তিগৰাকীক কোঠা দিয়াত অমান্তি প্ৰকাশ কৰে হোটেল কৰ্তৃপক্ষই। দিল্লী আৰক্ষীৰ নিষেধাজ্ঞা মৰ্মে কাশ্মীৰী লোকক হোটেলৰ কোঠা প্ৰদান নকৰাৰ দোহাই দিয়ে হোটেল কৰ্তৃপক্ষই। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে অভিযোগ কৰা দেখা গৈছে যে তেওঁক দিল্লীৰ এখন হোটেলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল কিয়নো তেওঁৰ ওচৰত জম্মু কাশ্মীৰৰ পৰিচয় পত্ৰ আছিল। অৱশ্যে, বৰ্তমানলৈকে ভিডিঅ'টোৰ সত্যতা ডিজিটেলভাৱে পৰীক্ষা কৰা হোৱা নাই। ভিডিঅ'টো প্ৰথমে জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ মুখপাত্ৰ নাছেৰ খোহেহামীয়ে টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ গোটেই ঘটনাটোৰ বাবে 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনক দোষাৰোপ কৰিছিল। ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ বিষয়ে নিৰ্মাণ কৰা ছবিখনক এতিয়া দেশৰ লোকসকলৰ মাজতে বিদ্বেষ সৃষ্টি কৰিছে। নাছেৰৰ মতে, "সঠিক পৰিচয় পত্ৰ আৰু নথিপত্ৰ দেখুওৱাৰ পাছতো কাশ্মীৰৰ বাসিন্দাসকলক দিল্লীৰ হোটেলত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াটো হোটেল কতৃপক্ষই বাবে এইয়া এক অক্ষমনীয় অপৰাধ। মুকলিকৈ বাতৰিটো ওলাই অহাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুয়া মৈত্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তৃণমূলৰ সাংসদজনে এই ঘটনাক লৈ আৰক্ষীক উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন