--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ ফাইল্ছক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ধুমুহা। এই বিতৰ্কৰ পাছতে এইবাৰ প্ৰতিফলিত হৈছে ছবিখনৰ পাৰ্শ্বক্ৰিয়া। দিল্লীৰ এখন হোটেলৰ অভ্যৰ্থনা কক্ষত ৰেকৰ্ডিং হোৱা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পোহৰলৈ আহিছে কিছু তথ্য। এগৰাকী কাশ্মীৰী লোকক দিল্লীৰ এখন হোটেলত প্ৰৱেশত বাধা দিছিল হোটেল কৰ্তৃপক্ষই। হোটেলখনৰ অভ্যৰ্থনা কক্ষত থকা মহিলা কৰ্মচাৰীয়ে কাশ্মীৰী ব্যক্তিগৰাকীক বাধা দিছিল হোটেলত নিশা কটোৱাৰ পৰা। উল্লেখ্য যে নাছিৰ খুৱেহামি নামৰ কাশ্মীৰৰ ব্যক্তিগৰাকীয়ে দিল্লীৰ হোটেলখনত আগতীয়াকৈ বন্দবস্তি কৰিছিল এটা কোঠা। হোটেল বন্দবস্তি কৰা প্লেটফৰ্ম OYO যোগে আগতীয়া বন্দবস্তি কৰিছিল হোটেলৰ কোঠা। কিন্তু হোটেলখনত উপস্থিত হোৱাৰ পাছতে ব্যক্তিগৰাকীক কোঠা দিয়াত অমান্তি প্ৰকাশ কৰে হোটেল কৰ্তৃপক্ষই। দিল্লী আৰক্ষীৰ নিষেধাজ্ঞা মৰ্মে কাশ্মীৰী লোকক হোটেলৰ কোঠা প্ৰদান নকৰাৰ দোহাই দিয়ে হোটেল কৰ্তৃপক্ষই। শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে অভিযোগ কৰা দেখা গৈছে যে তেওঁক দিল্লীৰ এখন হোটেলত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল কিয়নো তেওঁৰ ওচৰত জম্মু কাশ্মীৰৰ পৰিচয় পত্ৰ আছিল। অৱশ্যে, বৰ্তমানলৈকে ভিডিঅ'টোৰ সত্যতা ডিজিটেলভাৱে পৰীক্ষা কৰা হোৱা নাই। ভিডিঅ'টো প্ৰথমে জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ মুখপাত্ৰ নাছেৰ খোহেহামীয়ে টুইটাৰত শ্বেয়াৰ কৰিছিল। তেওঁ গোটেই ঘটনাটোৰ বাবে 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখনক দোষাৰোপ কৰিছিল। ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ বিষয়ে নিৰ্মাণ কৰা ছবিখনক এতিয়া দেশৰ লোকসকলৰ মাজতে বিদ্বেষ সৃষ্টি কৰিছে। নাছেৰৰ মতে, "সঠিক পৰিচয় পত্ৰ আৰু নথিপত্ৰ দেখুওৱাৰ পাছতো কাশ্মীৰৰ বাসিন্দাসকলক দিল্লীৰ হোটেলত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াটো হোটেল কতৃপক্ষই বাবে এইয়া এক অক্ষমনীয় অপৰাধ। মুকলিকৈ বাতৰিটো ওলাই অহাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুয়া মৈত্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তৃণমূলৰ সাংসদজনে এই ঘটনাক লৈ আৰক্ষীক উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান