--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰ অৱস্থা ইৰাণৰ মাছা আমিনিৰ দৰে হৈছে! এইদৰে পুনৰ মুখ খুলিছে উৰ্বশী ৰাউটেলাই। শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে ব্যাপক ট্ৰ’লৰ স্বীকাৰ হৈ আহিছে। তাৰ প্ৰতিক্ৰিয়াস্বৰূপেই তেওঁ এই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে বিশ্ব কঁপাই জোৱা ইৰাণৰ হিজাব-কাণ্ডত মৃত্যু হৈছিল ২২ বৰ্ষীয় মাছা আমিনি। হিজাব পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু থানালৈ নি থকাৰ অৱস্থাতে হৃদৰোগত মাছা আমিনিয়ে মৃত্যুবৰণ কৰিছিল বুলি জানিব পৰা গৈছিল।

এই মাছা আমিনিৰ প্ৰসংগ দাঙি ধৰিয়ে উৰ্বশীয়ে ইনষ্টাগ্ৰামত লিখিছে যে কোনেও তেওঁৰ ভালকৈ নাভাবে। কোনেও তেওঁক সমৰ্থন নকৰে। তেওঁৰ স’তে কোনো নাই।

কিন্তু ইয়াৰ পাছতো তেওঁ ভাগি পৰা নাই। লিখিছে যে এগৰাকী শক্তিশালী নাৰীয়ে গভীৰভাৱে ভালপাবও পাৰে। তেওঁৰ মন যিমান কোমল, সিমানেই শক্তিশালীও। তেওঁৰ মাজত বাস্তৱবোধ যিমান আছে, সিমান পৰিমাণে আৱেগো আছে।

ইনষ্টাগ্ৰামত এইদৰে লিখাৰ পাছতে উৰ্বশীৰ শেহতীয়া বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। মূলতঃ ঋষভ পণ্ট আৰু তেওঁৰ সম্পৰ্কক লৈয়েই এইদৰে বক্তব্য প্ৰদান কৰিছে। উৰ্বশীয়ে আশংকা কৰিছে যে ইমানখিনি ট্ৰ’লৰ স্বীকাৰ হোৱাৰ পাছত তেওঁৰো যদি মাছা আমিনিৰ দৰে মৃত্যু ঘটে!

উল্লেখযোগ্য যে কৰৱা চৌঠৰ দিনাও উৰ্বশীয়ে এখনো বিশেষ ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।  কঁপালত সেন্দুৰ, ডিঙিত মংগলসূত্ৰ পৰিধান কৰি বোৱাৰীৰ বেশত তোলা ফটোখন প’ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। অনেক লোকে ফটোখনৰ স’তে ঋষভ পণ্টৰ প্ৰসংগ উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি