--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰ অৱস্থা ইৰাণৰ মাছা আমিনিৰ দৰে হৈছে! এইদৰে পুনৰ মুখ খুলিছে উৰ্বশী ৰাউটেলাই। শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে ব্যাপক ট্ৰ’লৰ স্বীকাৰ হৈ আহিছে। তাৰ প্ৰতিক্ৰিয়াস্বৰূপেই তেওঁ এই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে বিশ্ব কঁপাই জোৱা ইৰাণৰ হিজাব-কাণ্ডত মৃত্যু হৈছিল ২২ বৰ্ষীয় মাছা আমিনি। হিজাব পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু থানালৈ নি থকাৰ অৱস্থাতে হৃদৰোগত মাছা আমিনিয়ে মৃত্যুবৰণ কৰিছিল বুলি জানিব পৰা গৈছিল।

এই মাছা আমিনিৰ প্ৰসংগ দাঙি ধৰিয়ে উৰ্বশীয়ে ইনষ্টাগ্ৰামত লিখিছে যে কোনেও তেওঁৰ ভালকৈ নাভাবে। কোনেও তেওঁক সমৰ্থন নকৰে। তেওঁৰ স’তে কোনো নাই।

কিন্তু ইয়াৰ পাছতো তেওঁ ভাগি পৰা নাই। লিখিছে যে এগৰাকী শক্তিশালী নাৰীয়ে গভীৰভাৱে ভালপাবও পাৰে। তেওঁৰ মন যিমান কোমল, সিমানেই শক্তিশালীও। তেওঁৰ মাজত বাস্তৱবোধ যিমান আছে, সিমান পৰিমাণে আৱেগো আছে।

ইনষ্টাগ্ৰামত এইদৰে লিখাৰ পাছতে উৰ্বশীৰ শেহতীয়া বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। মূলতঃ ঋষভ পণ্ট আৰু তেওঁৰ সম্পৰ্কক লৈয়েই এইদৰে বক্তব্য প্ৰদান কৰিছে। উৰ্বশীয়ে আশংকা কৰিছে যে ইমানখিনি ট্ৰ’লৰ স্বীকাৰ হোৱাৰ পাছত তেওঁৰো যদি মাছা আমিনিৰ দৰে মৃত্যু ঘটে!

উল্লেখযোগ্য যে কৰৱা চৌঠৰ দিনাও উৰ্বশীয়ে এখনো বিশেষ ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।  কঁপালত সেন্দুৰ, ডিঙিত মংগলসূত্ৰ পৰিধান কৰি বোৱাৰীৰ বেশত তোলা ফটোখন প’ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। অনেক লোকে ফটোখনৰ স’তে ঋষভ পণ্টৰ প্ৰসংগ উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?