--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউড কেৱল বিখ্যাত অভিনেতা-অভিনেত্ৰীৰ বাবেই নহয়। তাৰকা শিশুৰ বাহিৰেও এই উদ্যোগত এনে বহু আছে যিয়ে নিজৰ নাম উজলাব পাৰিছে। তেনে এজন অভিনেতা হৈছে ৰণিত ৰয়, বলীউড জগতত আজি আটাইতকৈ জনপ্ৰিয় নাম। কিন্তু তেওঁৰ বলীউড যাত্ৰা ইমান সহজ নাছিল।

 ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দালৈকে দুয়োটাতে ক্ষেত্ৰতে অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে ৰণিত ৰয়ে। কিন্তু কোনো বিশেষ যোগাযোগ নথকা এজন ‘বাহিৰৰ মানুহ’ হোৱাৰ বাবে কেৱল অভিনয়ৰ দ্বাৰাই উদ্যোগটোত স্থান পোৱাটো তেওঁৰ বাবে সহজ নাছিল। বাংলা পৰিয়ালৰ পুত্ৰ ৰণিতে হোটেল মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ আগ্ৰহ আছিল অভিনয়ত।

 ৰণিতে সকলো এৰি এদিন অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে মুম্বাইলৈ উৰা মাৰে কিন্তু তেতিয়া তেওঁৰ পকেটত আছিল মাত্ৰ ৬ টকা। মুম্বাইত জীয়াই থকাটো ইমান সহজ নহয়। খোৱা-বোৱা ঠাই কথা ভাবি তেওঁ চিন্তিত হৈ পৰিছিল। সেয়েহে ৰণিত ৰয়ে এদিন হোটেলত কাম কৰিবলৈ বাধ্য হৈছিল। অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে ৰণিতে হোটেলত চাফাই কৰাৰ পৰা বাচন ধোৱালৈকে কাম কৰিছিল। কিন্তু ইয়াৰ সমান্তৰালকৈ ৰণিতে নিজৰ সপোনৰ বাবে অহৰহ চেষ্টা কৰি গৈছিল। অৱশেষত তেওঁ প্ৰথমখন ছবি ‘জন তেৰে নাম’ত অভিনয় কৰাৰ সুযোগ পাইছিল যদিও সেই ছবিখন ফ্লপ হৈছিল। তেতিয়াই কেইবাখনো ছবিত অভিনয় কৰিও ৰণিতে বিশেষ সফলতা দেখা নাপালে।

 ডাঙৰ পৰ্দা এৰি তেওঁ সৰু পৰ্দাত মনোনিৱেশ কৰিলে। একতা কাপুৰ ‘কছৌথি জিন্দাগী কি’, ‘কিনুকি সাস ভি কভি বহু থী’, ‘আদালত’ আদি টিভি ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তাৰ শীৰ্ষ স্থান দখল কৰিছিল ৰণিত ৰয়ে। সৰু পৰ্দাত জনপ্ৰিয়তা লাভ কৰাৰ পাছত পুনৰ ডাঙৰ পৰ্দাৰ সুযোগ লাভ কৰিছিল তেওঁ।

 ৰণিতে ষ্টুডেণ্ট অব দ্য ইয়েৰ, ডু ষ্টেটছ, উডান, শ্বুটআউট এট ৱাডালা, মুন্না মাইকেল আদি ছবিত অভিনয় কৰিছিল। কোনো অতিৰিক্ত সুবিধা, যোগাযোগ নোহোৱাকৈয়ে তেওঁ বলীউডত স্থান লাভ কৰিছিল। অভিনয়ৰ প্ৰতি থকা প্ৰবল হেঁপাহ আৰু নিজৰ ওপৰত থকা প্ৰবল বিশ্বাসৰ বাবেই তেওঁ বলীউড জগতৰ যাত্ৰাত জয়লাভ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি