--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউড কেৱল বিখ্যাত অভিনেতা-অভিনেত্ৰীৰ বাবেই নহয়। তাৰকা শিশুৰ বাহিৰেও এই উদ্যোগত এনে বহু আছে যিয়ে নিজৰ নাম উজলাব পাৰিছে। তেনে এজন অভিনেতা হৈছে ৰণিত ৰয়, বলীউড জগতত আজি আটাইতকৈ জনপ্ৰিয় নাম। কিন্তু তেওঁৰ বলীউড যাত্ৰা ইমান সহজ নাছিল।

 ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দালৈকে দুয়োটাতে ক্ষেত্ৰতে অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে ৰণিত ৰয়ে। কিন্তু কোনো বিশেষ যোগাযোগ নথকা এজন ‘বাহিৰৰ মানুহ’ হোৱাৰ বাবে কেৱল অভিনয়ৰ দ্বাৰাই উদ্যোগটোত স্থান পোৱাটো তেওঁৰ বাবে সহজ নাছিল। বাংলা পৰিয়ালৰ পুত্ৰ ৰণিতে হোটেল মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ আগ্ৰহ আছিল অভিনয়ত।

 ৰণিতে সকলো এৰি এদিন অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে মুম্বাইলৈ উৰা মাৰে কিন্তু তেতিয়া তেওঁৰ পকেটত আছিল মাত্ৰ ৬ টকা। মুম্বাইত জীয়াই থকাটো ইমান সহজ নহয়। খোৱা-বোৱা ঠাই কথা ভাবি তেওঁ চিন্তিত হৈ পৰিছিল। সেয়েহে ৰণিত ৰয়ে এদিন হোটেলত কাম কৰিবলৈ বাধ্য হৈছিল। অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে ৰণিতে হোটেলত চাফাই কৰাৰ পৰা বাচন ধোৱালৈকে কাম কৰিছিল। কিন্তু ইয়াৰ সমান্তৰালকৈ ৰণিতে নিজৰ সপোনৰ বাবে অহৰহ চেষ্টা কৰি গৈছিল। অৱশেষত তেওঁ প্ৰথমখন ছবি ‘জন তেৰে নাম’ত অভিনয় কৰাৰ সুযোগ পাইছিল যদিও সেই ছবিখন ফ্লপ হৈছিল। তেতিয়াই কেইবাখনো ছবিত অভিনয় কৰিও ৰণিতে বিশেষ সফলতা দেখা নাপালে।

 ডাঙৰ পৰ্দা এৰি তেওঁ সৰু পৰ্দাত মনোনিৱেশ কৰিলে। একতা কাপুৰ ‘কছৌথি জিন্দাগী কি’, ‘কিনুকি সাস ভি কভি বহু থী’, ‘আদালত’ আদি টিভি ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তাৰ শীৰ্ষ স্থান দখল কৰিছিল ৰণিত ৰয়ে। সৰু পৰ্দাত জনপ্ৰিয়তা লাভ কৰাৰ পাছত পুনৰ ডাঙৰ পৰ্দাৰ সুযোগ লাভ কৰিছিল তেওঁ।

 ৰণিতে ষ্টুডেণ্ট অব দ্য ইয়েৰ, ডু ষ্টেটছ, উডান, শ্বুটআউট এট ৱাডালা, মুন্না মাইকেল আদি ছবিত অভিনয় কৰিছিল। কোনো অতিৰিক্ত সুবিধা, যোগাযোগ নোহোৱাকৈয়ে তেওঁ বলীউডত স্থান লাভ কৰিছিল। অভিনয়ৰ প্ৰতি থকা প্ৰবল হেঁপাহ আৰু নিজৰ ওপৰত থকা প্ৰবল বিশ্বাসৰ বাবেই তেওঁ বলীউড জগতৰ যাত্ৰাত জয়লাভ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?