--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফোনত কথা পাতি থকাৰ সময়তে ফোনটো বিস্ফোৰণ হৈ হোৱা দুৰ্ঘটনাৰ সংখ্যাও কম নহয়। কেৱল দুৰ্ঘটনাই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে। কিছু মাহ পূৰ্বে বিহাৰৰ ভাগলপুৰত এজন ব্যক্তিৰ বিচনাৰ কাষত থকা তেওঁৰ ফোনটো হঠাতে বিস্ফোৰণ হৈছিল।

দৈনন্দিন প্রয়োজনীয় বস্তুৰ কথা কওঁতে মনলৈ অহা এটা কথা মোবাইল ফোন৷ ফোন অবিহনে এটা মুহূৰ্ত কটাব পৰাটো প্ৰায় অসম্ভৱ। কিন্তু কেতিয়াবা ফোনটোৰ বেটাৰী ফাটি আঘাত পোৱাৰ বহু খবৰ পোৱা যায়। বহুতৰ মৃত্যুও হয়। বিশেষজ্ঞসকলে কয় যে কাৰিকৰী ভুলৰ বাবে প্ৰায়ে লিথিয়াম বেটাৰী বিস্ফোৰণ হ’ব পাৰে।

ইয়াৰ বাহিৰেও ফোনটো অতিৰিক্ত চাৰ্জ কৰি ব্যৱহাৰ কৰিলেও বা একেবাৰে চাৰ্জ নকৰাকৈ থাকিলেও বিস্ফোৰণ হোৱাটো অস্বাভাৱিক নহয়। কিন্তু বিশেষজ্ঞসকলে কয় যে এনে ঘটনা হঠাতে ঘটিলেও বেছিভাগ স্মাৰ্ট ফোনেই ঘটাৰ আগতেই কিবা নহয় কিবা এটা সতৰ্কবাণী দিয়ে।

যদি আপুনি প্লাষ্টিক বা কোনো ৰাসায়নিক পদাৰ্থৰ কোনো জ্বলন্ত গোন্ধ লক্ষ্য কৰে, বা ফোনটোৰ পৰা ক্ষীণ শব্দ লক্ষ্য কৰে, বা কম সময়ৰ বাবে চাৰ্জাৰত ৰখাৰ পিছত যদি ফোনটো গৰম হয়।

ইয়াৰ উপৰিও এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ আৰু কি কি কথা জানিব লাগিব?

১) সাৱধান হ’ব লাগে যাতে ফোনটো হাতৰ পৰা মাটি বা পানী বাৰে বাৰে নপৰে।

২) ফোনটো ৰ’দত ৰাখিব নালাগে।

৩) বেটাৰীৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক।

৪) ফোনটোৰ বেটাৰী চাৰ্জ কৰিবলৈ ফোনটোৰ সৈতে দিয়া চাৰ্জাৰটো ব্যৱহাৰ কৰিব লাগে।

৫) ফোনটো বেটাৰী ধ্বংস কৰিব পৰা যিকোনো ‘মেলৱেৰ’ৰ পৰা সুৰক্ষিত হ’ব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত