--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মোবাইল নেটৱৰ্কেই কাল হ’ল  উৰিষ্যাৰ তিনিজন কিশোৰৰ বাবে৷ জানিব পৰা মতে, উৰিষ্যাৰ  কন্ধমাল জিলাৰ তিনিজন কিশোৰে উন্নত নেটৱৰ্ক লাভৰ বাবে এটা পাহাৰত উঠি যোৱাৰ সময়তেই ব্ৰজপাত পৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়৷ 

আৰক্ষীয়ে কয় যে,  কন্ধমালৰ চাকাপাডা অঞ্চলৰ মুণ্ডাগাওঁ গাঁৱৰ তিনিটা শিশুৱে এখন ভাল মোবাইল ফোনৰ সংকেত পাবলৈ গাওঁখনৰ ওচৰৰ দিগিচাৰু পাহাৰৰ ওপৰলৈ গৈছিল। কিছু সময়ৰ পিছত যেতিয়া বৰষুণ আৰম্ভ হৈছিল, শিশুসকলে বজ্ৰপাতৰ দ্বাৰা আঘাত প্ৰাপ্ত হৈ  গছৰ তলত আশ্ৰয় লৈছিল।

তিনিওজন শিক্ষাৰ্থীয়ে জ্ঞান হেৰুৱাই সন্ধিয়ালৈকে ঘৰলৈ উভতি অহা নাছিল৷ পৰিয়ালে শিক্ষাৰ্থী কেইজনৰ বিচাৰ-খোচাৰ কৰোতে  সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল৷  

বৰ্তমান চিকিৎসকে বিপদমুক্ত বুলি ঘোষণা কৰা  তিনিজন শিক্ষাৰ্থী হৈছে ক্ৰমে, ধীৰেন দিগাল,পিংকু মল্লিক,  পঞ্চ বেহেৰা৷  তেওঁলোক সকলোকে প্ৰথমে ব্ৰহ্মনাপাদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।  পিছত ফুলবানীৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

উল্লেখযোগ্য যে, যোৱা বছৰৰ আগষ্ট মাহত ৰায়গদা জিলাৰ এজন ১৩ বছৰীয়া জনজাতীয় ছাত্ৰৰো মোবাইল নেটৱৰ্কৰ বাবে পাহৰলৈ যাওঁতেই হৈছিল৷   অনলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ পাহাৰলৈ যাওঁতে শিলৰ চেপাত মৃত্যু হৈছিল কিশোৰজনৰ৷ 

উল্লেখযোগ্য যে, যোৱা বছৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বৈঠকত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰতো আলোচনা কৰা  হৈছিল ৷ এই আলোচনাত  মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে , উৰিষ্যাত ৬,২৭৮ খন গাওঁ আছে য'ত ইণ্টাৰনেট সংযোগ নাই।কেন্দ্ৰীয় যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ ৰাজ্যখনত ৪,০০০ মোবাইল টাৱাৰ স্থাপন কৰাৰ আশ্বাস দিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু