--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মোবাইল নেটৱৰ্কেই কাল হ’ল  উৰিষ্যাৰ তিনিজন কিশোৰৰ বাবে৷ জানিব পৰা মতে, উৰিষ্যাৰ  কন্ধমাল জিলাৰ তিনিজন কিশোৰে উন্নত নেটৱৰ্ক লাভৰ বাবে এটা পাহাৰত উঠি যোৱাৰ সময়তেই ব্ৰজপাত পৰাৰ ফলত আঘাতপ্ৰাপ্ত হয়৷ 

আৰক্ষীয়ে কয় যে,  কন্ধমালৰ চাকাপাডা অঞ্চলৰ মুণ্ডাগাওঁ গাঁৱৰ তিনিটা শিশুৱে এখন ভাল মোবাইল ফোনৰ সংকেত পাবলৈ গাওঁখনৰ ওচৰৰ দিগিচাৰু পাহাৰৰ ওপৰলৈ গৈছিল। কিছু সময়ৰ পিছত যেতিয়া বৰষুণ আৰম্ভ হৈছিল, শিশুসকলে বজ্ৰপাতৰ দ্বাৰা আঘাত প্ৰাপ্ত হৈ  গছৰ তলত আশ্ৰয় লৈছিল।

তিনিওজন শিক্ষাৰ্থীয়ে জ্ঞান হেৰুৱাই সন্ধিয়ালৈকে ঘৰলৈ উভতি অহা নাছিল৷ পৰিয়ালে শিক্ষাৰ্থী কেইজনৰ বিচাৰ-খোচাৰ কৰোতে  সংকটজনক অৱস্থাত উদ্ধাৰ কৰিছিল৷  

বৰ্তমান চিকিৎসকে বিপদমুক্ত বুলি ঘোষণা কৰা  তিনিজন শিক্ষাৰ্থী হৈছে ক্ৰমে, ধীৰেন দিগাল,পিংকু মল্লিক,  পঞ্চ বেহেৰা৷  তেওঁলোক সকলোকে প্ৰথমে ব্ৰহ্মনাপাদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।  পিছত ফুলবানীৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

উল্লেখযোগ্য যে, যোৱা বছৰৰ আগষ্ট মাহত ৰায়গদা জিলাৰ এজন ১৩ বছৰীয়া জনজাতীয় ছাত্ৰৰো মোবাইল নেটৱৰ্কৰ বাবে পাহৰলৈ যাওঁতেই হৈছিল৷   অনলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ পাহাৰলৈ যাওঁতে শিলৰ চেপাত মৃত্যু হৈছিল কিশোৰজনৰ৷ 

উল্লেখযোগ্য যে, যোৱা বছৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ বৈঠকত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰতো আলোচনা কৰা  হৈছিল ৷ এই আলোচনাত  মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে , উৰিষ্যাত ৬,২৭৮ খন গাওঁ আছে য'ত ইণ্টাৰনেট সংযোগ নাই।কেন্দ্ৰীয় যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ ৰাজ্যখনত ৪,০০০ মোবাইল টাৱাৰ স্থাপন কৰাৰ আশ্বাস দিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement