--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ষমতাশালী কোনো লোকৰ অবৈধ আৰু চোৰাং কাৰবাৰৰ বিৰুদ্ধে হৈ পৰিছে সোচ্চাৰ, সজাগ কৰি তুলিছে জনসাধাৰণক। আৰু ইয়াৰ ফলস্বৰূপে  হেৰুৱাবলীয়া হৈছে নিজৰ বা আন কোনো আত্মীয়ৰ প্ৰাণ। - চিনেমাৰ দৃশ্যত এয়া এক গতানুগতিক দৃশ্য। ইয়াত আচৰিত হ'বলগীয়া একো নাই। কিন্তু চিনেমাৰ এই শিহৰণকাৰী হত্যাকাণ্ড এতিয়া কেৱল চিনেমাতে সীমাবদ্ধ হোৱা নাই। আমাৰ চাৰিওফালে নিতৌ হয়তো এনে ঘটনা ঘটিছে। সম্প্ৰতি পোহৰলৈ অহা এনে এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। 

এগৰাকী বালি মাফিয়াই চলাই থকা অবৈধ বালি খননৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চকুৰ সন্মুখতে হেৰুৱাব লগা হৈছে নিজ পুত্ৰক। গুজৰাটৰ কচ্ছ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। প্ৰকাশিত খবৰ অনুসৰি,  জিলাখনৰ এগৰাকী বালি মাফিয়াৰ বিৰুদ্ধে অবৈধভাৱে বালি খননৰ অভিযোগ উত্থাপন কৰাৰ বাবেই মাফিয়াগৰাকীৰ গাড়ীৰে মহতিয়াই হত্যাৰ চেষ্টা চলোৱা হয় এগৰাকী আৰটিআই কৰ্মীক। এই ভয়াৱহ আক্ৰমণত তেওঁৰ নিজৰ জীৱন ৰক্ষা পৰে যদিও হেৰুৱাবলগীয়া হয় নিজ পুত্ৰক।

জানিব পৰা মতে লাখপত তহচিলৰ মেঘপাৰ গাঁৱৰ বাসিন্দা তথা আৰটিআই কৰ্মী ৰমেশ বালিয়া নামৰ ব্যক্তিগৰাকীয়ে নৱলসিংহ জাদেজা নামৰ বালি মাফিয়াগৰাকীৰ বিৰুদ্ধে অবৈধ বালি খননৰ অভিযোগ দাখিল কৰিছিল। ইয়াতে খৰ্গহস্ত হৈ জাদেজাই যোৱা ৩ অক্টোবৰত ৰমেশ বালিয়াক হত্যাৰ চেষ্টা চলায়। 

ঘটনাৰ দিনা সন্ধিয়া প্ৰায় ৬.৬০ বজাত বালিয়া আৰু তেওঁৰ পুত্ৰ নৰেন্দ্ৰই কোনো স্থানৰ পৰা স্কুটীত উঠি  ঘৰলৈ আহি থকাৰ সময়তে নৱলসিংহ জাদেজাই নিজৰ বিলাসী বাহনখনেৰে  তেওঁলোকক পিছফালৰ পৰা মহতিয়াই নিয়ে। এই ভয়াৱহ আক্ৰমণত নৰেন্দ্ৰ বালিয়াৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পিতৃ তথা স্থানীয় দলিত নেতা ৰমেশ বালিয়া গুৰুতৰভাৱে আহত হয়।

আঘাতপ্ৰাপ্ত ৰমেশ বালিয়াক লগে লগে চিকিৎসাৰ বাবে ভুজৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত হত্যাৰ অভিযোগৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত নৱলসিংহ জাদেজাৰ বিৰুদ্ধে এক এজাহাৰ পঞ্জীয়ন কৰা হয় বুলি স্থানীয় এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

স্থানীয় অপৰাধ শাখাৰ এটা দলে ঘটনাটোৰ এদিন পিছত অভিযুক্ত জাদেজাক গ্ৰেপ্তাৰ কৰে। কচ্ছ জিলাৰ স্থানীয় আদালতে বুধবাৰে জাদেজাক এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।  আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অবৈধ বালি খননৰ বাবে স্থানীয় খনি আৰু খনিজ বিভাগৰ ওচৰত বালিয়াই জাদেজাৰ বিৰুদ্ধে কেইবাবাৰো অভিযোগ দাখিল কৰিছিল। তাৰ পৰিণতিত বালিয়াক কেইবাবাৰো সকীয়াই দিছিল বালি মাফিয়া জাদেজাই। 

কিন্তু এনে সকীয়নিলৈ ভ্ৰুক্ষেপ নকৰি বাৰে বাৰে জাদেজাৰ অনৈতিক কাণ্ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেই অৱশেষত নিজ পুত্ৰক হেৰুৱাব লগা হ’ল বালিয়াই। ইফালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা আৰক্ষীয়ে জাদেজাৰ বিৰুদ্ধে ভূমি দখলৰো অভিযোগ আছে বুলি জানিবলৈ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement