--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ শেহতীয়াকৈ বিকি আৰু কেটে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ওপৰত আৰোপ কৰা কিছুমান নিষেধাজ্ঞা পোহৰলৈ আহিছে। সাধাৰণতে চেলিব্ৰেটিসকলে তেওঁলোকৰ ব্যক্তিগত জীৱন ৰাজহুৱা কৰিবলৈ বিশেষ আগ্ৰহী নহয়, ব্যতিক্ৰম নহয় কেট আৰু বিকিৰ বিয়াখনো, সেয়েহে দুয়োৱে তেওঁলোকৰ বিয়াখনত কোনো ধৰণৰ মবাইল বা ভিডিঅ’ কেমেৰা নিষিদ্ধ কৰিছে৷

গতিকে যিসকল লোকে তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকে তেওঁলোকৰ হাতত কোনো মোবাইল ফোন নাথাকিব। বিবাহ অনুষ্ঠানৰ কোনো ছবি বা ভিডিঅ' তেওঁলোকৰ অনিচ্ছা অবিহনে সামাজিক মাধ্যমত পোষ্ট কৰিব নালাগে বুলি কৈছে। একেদৰে অনুষ্কাৰ শৰ্মা আৰু সোনম কাপুৰৰ বিয়াতো একেই ঘটনা ঘটিছিল। তেওঁলোকৰ বিয়াতো এনেধৰণৰ নিষেধাজ্ঞ জাৰি কৰিছিল৷ বিকি আৰু কেটৰিনাৰ দুয়োৰে বিয়াত তেওঁলোকৰ কিছুমান ঘনিষ্ঠ বন্ধুৰ উপৰিও, দুয়োপক্ষৰ সকলো আত্মীয় উপস্থিত থাকিব। চেলিব্ৰিটি অতিথিৰ তালিকাত বৰ্তমান কৰণ জোহৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, বৰুণ আৰু নাতাশা ধাৱান, আলী আব্বাছ জাফৰ থাকিব বুলি খবৰ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান