--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ শেহতীয়াকৈ বিকি আৰু কেটে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ওপৰত আৰোপ কৰা কিছুমান নিষেধাজ্ঞা পোহৰলৈ আহিছে। সাধাৰণতে চেলিব্ৰেটিসকলে তেওঁলোকৰ ব্যক্তিগত জীৱন ৰাজহুৱা কৰিবলৈ বিশেষ আগ্ৰহী নহয়, ব্যতিক্ৰম নহয় কেট আৰু বিকিৰ বিয়াখনো, সেয়েহে দুয়োৱে তেওঁলোকৰ বিয়াখনত কোনো ধৰণৰ মবাইল বা ভিডিঅ’ কেমেৰা নিষিদ্ধ কৰিছে৷

গতিকে যিসকল লোকে তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকে তেওঁলোকৰ হাতত কোনো মোবাইল ফোন নাথাকিব। বিবাহ অনুষ্ঠানৰ কোনো ছবি বা ভিডিঅ' তেওঁলোকৰ অনিচ্ছা অবিহনে সামাজিক মাধ্যমত পোষ্ট কৰিব নালাগে বুলি কৈছে। একেদৰে অনুষ্কাৰ শৰ্মা আৰু সোনম কাপুৰৰ বিয়াতো একেই ঘটনা ঘটিছিল। তেওঁলোকৰ বিয়াতো এনেধৰণৰ নিষেধাজ্ঞ জাৰি কৰিছিল৷ বিকি আৰু কেটৰিনাৰ দুয়োৰে বিয়াত তেওঁলোকৰ কিছুমান ঘনিষ্ঠ বন্ধুৰ উপৰিও, দুয়োপক্ষৰ সকলো আত্মীয় উপস্থিত থাকিব। চেলিব্ৰিটি অতিথিৰ তালিকাত বৰ্তমান কৰণ জোহৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, বৰুণ আৰু নাতাশা ধাৱান, আলী আব্বাছ জাফৰ থাকিব বুলি খবৰ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু