--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী আৰু ছণ্ডীগড়ৰ বিজেপি সাংসদ তথা অভিনেতা অনুপম খেৰৰ পত্নী কিৰণ খেৰে যোৱা ছয় মাহ ধৰি তেজৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি আছে। কেম’থেৰাপীৰ ফলত তেওঁৰ শৰীৰ যথেষ্ট দুৰ্বল হৈ পৰিছিল। কিন্তু লাহে লাহে সুস্থতাৰ দিশে আগবাঢ়িছে কিৰণ খেৰ। যোৱা বছৰ নৱেম্বৰত অভিনেত্ৰীগৰাকী এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিল । মুম্বাইৰ কোকিলাবেন হাস্পতালত তেওঁৰ চিকিৎসা আৰম্ভ হয়। কিৰণ খেৰৰ মনোবল ইমানেই অটুট আছে যে তেওঁ পুনৰ ইণ্ডিয়াজ গট টেলেণ্টলৈ বিচাৰকৰ ৰূপত উভতি আহিছে।

চিকিৎসাধীন হৈ থকা ৬৯ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে শিল্পা চেট্টী, ৰেপাৰ বাদশ্বাহ আৰু মনোজ মুন্তাশিৰৰ সৈতে বিচাৰকৰ পেনেলত যোগদান কৰে। ইণ্ডিয়াজ গট টেলেণ্ট হৈছে সৰু পৰ্দাত আটাইতকৈ জনপ্ৰিয় আৰু দীৰ্ঘম্যাদী চলি থকা ৰিয়েলিটি শ্ব'বোৰৰ ভিতৰত অন্যতম। এইটো অনুষ্ঠান 'America's Got Talent'ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।যোৱা মাহত স্বামী অনুপম খেৰে কৈছিল যে কিৰণ এতিয়া ভাল আৰু সোনকালেই সুস্থ হ'ব। তেওঁ মাইলোমা নামৰ তেজৰ কৰ্কট ৰোগত এতিয়াও আক্ৰান্ত হৈ আছে।

আৰু পঢ়কঃ কোনো সাধুকথা নহয়;৩০ বছৰৰ মূৰত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

কিৰণক বুধবাৰে পুত্ৰ ছিকন্দৰ খেৰৰ ইনষ্টাগ্ৰাম লাইভ চেছনৰ এটা ভিডিঅ'ত দেখা গৈছিল। অনুৰাগীসকলে ছিকন্দৰ খেৰৰ ইনষ্টাগ্ৰাম লাইভ চেছনৰ সময়ত কিৰণক চাবলৈ উৎসাহী হৈ পৰে। ভিডিঅ'টোত তেওঁক এখন পালেঙত বহি থকা দেখা গৈছে। কিৰণ খেৰে বাওঁ হাতত বেণ্ডেজ পিন্ধি আছিল। যদিও তেওঁক দেখাত আগতকৈ ক্ষীণ আৰু দুৰ্বল দেখা গৈছিল তথাপিও কিন্তু তেওঁৰ মুখত লাগি আছিল উজ্জল হাঁহিটো। অনুৰাগী আৰু শুভাকাংক্ষীসকলে কিৰণৰ মুখত হাঁহি দেখা পাই সকাহ পাইছে। কিৰণ খেৰেও অনুৰাগীসকলক তেওঁলোকৰ শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ