--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৈ নো কৈ ওৰকে নপৰা হৈছে শিল্পাৰ জীৱনৰ কথা। স্মৰ্তব্য যে, পৰ্ণগ্ৰাফীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজকুন্দ্ৰা। অভিযুক্ত ৰাজকুন্দ্ৰাই এই অপৰাধৰ বাবে দুমাহৰো অধিক সময় কাৰাবাস খাটিবলগীয়া হৈছিল। স্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাই জোকাৰি গৈছিল শিল্পাক। স্বামীৰ কুকৰ্মৰ বাবে গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। কিছুদিনৰ বাবে বলীউড অভিনেত্ৰী শিল্পা ছেট্টীয়ে সকলো কাৰ্যকলাপৰ পৰাও বিৰত আছিল। নিসংগ জীৱন এটাকে আকোঁৱালি লৈছিল শিল্পাই। শিল্পাৰ নিসংগতাই সৰ্বত্ৰে লাভ কৰিছিল চৰ্চা। ৰাজকুন্দ্ৰাৰ সৈতে শিল্পাৰ বিবাহ বিচ্ছেদ হ’ব বুলিও উঠিছিল গুঞ্জন। টুইটাৰ আৰু ইনষ্টাগ্ৰামত লিখা কেইবাটাও পোষ্টে তেনে এক ঘটনাৰে ইংগিত দিয়া বুলি ধাৰণা কৰি লৈছিল সকলোৱে।

শিল্পাই নিজৰ সন্তানৰ পৰা পৃথক হোৱাৰ কথাও কৈছিল। কিন্তু এতিয়া আৰু শিল্পাই তেনে কাৰ্য সম্ভৱতঃ নকৰে। শিল্পাই আৰু অকলে থাকিব বিচৰা নাই, বিচাৰিছে ৰাজৰ সংগ সুখ। শেহতীয়াকৈ শিল্পাই তেনে এক সিদ্ধান্ত লোৱা বুলিয়েই সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজে লাভ কৰিছে জামিন। জামিন পোৱাৰ পাছত ৰাজকুন্দ্ৰাই নিজৰ ঘৰলৈ উভতি আহিছিল। ৰাজক দেখা পাইয়ে উগুল-থুগুল মন শিল্পাৰ।পূৰ্বৰ সকলো কথাৰ ইতিৰেখা টানি ৰাজৰ সৈতে নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ বিচাৰিছে শিল্পাই। শিল্পা-ৰাজৰ বিবাদ-বিচ্ছেদৰ সকলোবোৰ কথা মানুহৰ মনে সজা আছিল বুলি কয় শিল্পাই।ৰাজক এৰি যোৱাটো শিল্পাৰ বাবে এতিয়া সপোনৰো অগোচৰ! অৱশ্যে, ৰাজৰ পৰ্ণগ্ৰাফীৰ অভিযোগ গ্ৰহণ কৰে নে নাই শিল্পাই সেই বিষয়ে অৱগত নহ’লেও শিল্পাই যে তেওঁৰ স্বামীক ক্ষমা কৰি দিছে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু