--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৈ নো কৈ ওৰকে নপৰা হৈছে শিল্পাৰ জীৱনৰ কথা। স্মৰ্তব্য যে, পৰ্ণগ্ৰাফীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজকুন্দ্ৰা। অভিযুক্ত ৰাজকুন্দ্ৰাই এই অপৰাধৰ বাবে দুমাহৰো অধিক সময় কাৰাবাস খাটিবলগীয়া হৈছিল। স্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাই জোকাৰি গৈছিল শিল্পাক। স্বামীৰ কুকৰ্মৰ বাবে গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। কিছুদিনৰ বাবে বলীউড অভিনেত্ৰী শিল্পা ছেট্টীয়ে সকলো কাৰ্যকলাপৰ পৰাও বিৰত আছিল। নিসংগ জীৱন এটাকে আকোঁৱালি লৈছিল শিল্পাই। শিল্পাৰ নিসংগতাই সৰ্বত্ৰে লাভ কৰিছিল চৰ্চা। ৰাজকুন্দ্ৰাৰ সৈতে শিল্পাৰ বিবাহ বিচ্ছেদ হ’ব বুলিও উঠিছিল গুঞ্জন। টুইটাৰ আৰু ইনষ্টাগ্ৰামত লিখা কেইবাটাও পোষ্টে তেনে এক ঘটনাৰে ইংগিত দিয়া বুলি ধাৰণা কৰি লৈছিল সকলোৱে।

শিল্পাই নিজৰ সন্তানৰ পৰা পৃথক হোৱাৰ কথাও কৈছিল। কিন্তু এতিয়া আৰু শিল্পাই তেনে কাৰ্য সম্ভৱতঃ নকৰে। শিল্পাই আৰু অকলে থাকিব বিচৰা নাই, বিচাৰিছে ৰাজৰ সংগ সুখ। শেহতীয়াকৈ শিল্পাই তেনে এক সিদ্ধান্ত লোৱা বুলিয়েই সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজে লাভ কৰিছে জামিন। জামিন পোৱাৰ পাছত ৰাজকুন্দ্ৰাই নিজৰ ঘৰলৈ উভতি আহিছিল। ৰাজক দেখা পাইয়ে উগুল-থুগুল মন শিল্পাৰ।পূৰ্বৰ সকলো কথাৰ ইতিৰেখা টানি ৰাজৰ সৈতে নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ বিচাৰিছে শিল্পাই। শিল্পা-ৰাজৰ বিবাদ-বিচ্ছেদৰ সকলোবোৰ কথা মানুহৰ মনে সজা আছিল বুলি কয় শিল্পাই।ৰাজক এৰি যোৱাটো শিল্পাৰ বাবে এতিয়া সপোনৰো অগোচৰ! অৱশ্যে, ৰাজৰ পৰ্ণগ্ৰাফীৰ অভিযোগ গ্ৰহণ কৰে নে নাই শিল্পাই সেই বিষয়ে অৱগত নহ’লেও শিল্পাই যে তেওঁৰ স্বামীক ক্ষমা কৰি দিছে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ