--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) ভ্ৰমণ কৰি শনিবাৰ অৰ্থাৎ ১৫ জুলাইত উভতি আহে প্ৰধানমন্ত্ৰী মোদী। দুদিনীয়া ফ্ৰান্স ভ্ৰমণৰ অন্তত শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এদিনীয়া ভ্ৰমণৰ বাবে ইউ এ ইত উপস্থিত হয়। য’ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।


প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত কি কি চুক্তি সম্পাদন হ’ল জানো আহক সবিশেষ।ইতিমধ্যে ভাৰত আৰু ইউ এ ইয়ে নিজ নিজ মুদ্ৰাত ব্যৱসায়িক লেনদেন আৰম্ভ কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতে আমেৰিকান ডলাৰত কৰা ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ স্থানীয় মুদ্ৰাত লেনদেন প্ৰসাৰিত কৰাৰ চেষ্টা কৰিছে।


এই ক্ৰমত বহু দেশৰ সৈতে টকাত ব্যৱসায় আৰম্ভ কৰা হৈছে। এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে স্থানীয় মুদ্ৰাত ব্যৱসায় কৰাৰ বাবে ভাৰত আৰু ইউ এ ইৰ মাজত হোৱা বুজাবুজি চুক্তিতো স্থানীয় মুদ্ৰা নিষ্পত্তি ব্যৱস্থা (এল চি এছ এছ) স্থাপনৰ উদ্দেশ্য প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত ভাৰতীয় টকা আৰু ইউ এ ই ডিৰহাম উভয়ৰে দ্বিপাক্ষিক ব্যৱহাৰ বৃদ্ধি পাব।

ইয়াৰ উপৰিও ভাৰতৰ ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউ পি আই) ইউ এ ইৰ ইনষ্টেণ্ট পেমেণ্ট প্লেটফৰ্ম (আই পি পি)ৰ সৈতে সংযোগ কৰাৰ বাবেও সহমতত উপনীত হয়। ইয়াৰ লগতে দুয়োখন দেশৰ কাৰ্ড চুইচ RuPay আৰু UAESwitch সংযোগ কৰাৰ বাবেও সহমতত উপনীত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি এই দুয়োখন চুক্তিৰ জৰিয়তে সীমা অতিক্ৰম কৰি লেনদেন আৰু পেমেণ্ট সম্ভৱপৰ হ’ব আৰু অধিক অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ ঘটিব।


তদুপৰি আবু ধাবিত আই আই টি দিল্লীৰ কেম্পাছ স্থাপনৰ বাবে সহমতত উপনীত হয়। উপসাগৰীয় দেশ ইউএইত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) দিল্লী কেম্পাছ স্থাপনৰ বাবে শিক্ষা মন্ত্ৰালয় আৰু আবু ধাবিৰ শিক্ষা আৰু জ্ঞান বিভাগ চুক্তিবদ্ধ হৈছে। এই পদক্ষেপ আই আই টিক বিশ্বব্যাপী কৰি তোলাৰ অভিযানৰ অংশ।


ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ নিযুক্ত সভাপতি চুলতান আল জাবেৰকো সাক্ষাৎ কৰি চি অ’ পি-২৮ৰ অধ্যক্ষতাত ভাৰতৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া COP-28ৰ বাবে ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত প্ৰস্তুতি চলি আছে। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰ হৈছে।

২০২৩ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন বা ইউএনএফচিচিৰ দলসমূহৰ সন্মিলন, যিটো সাধাৰণতে চিঅ’পি-২৮ নামেৰে জনাজাত, ডুবাইত ৩০ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। এই ভ্ৰমণৰ সময়ত জাৰি কৰা এক যৌথ বিবৃতিত কোৱা হৈছে যে নেতাসকলে তেল, গেছ আৰু নবীকৰণযোগ্য শক্তিৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক বৃদ্ধিৰ সংকল্প গ্ৰহণ কৰিছে।


ৰাষ্ট্ৰপতি ভৱন ‘কাছৰ আল ৱাটান’ত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোডীক। য’ত ইউ এ ইৰ ৰাষ্ট্ৰপতিয়ে তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীক গাৰ্ড অৱ অনাৰো প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতিক কয় যে আমাৰ দেশসমূহৰ মাজৰ সম্পৰ্ক যিদৰে সম্প্ৰসাৰিত হৈছে তাত আপোনাৰ এক বৃহৎ অৱদান আছে। ভাৰতৰ সকলোৱে আপোনাক প্ৰকৃত বন্ধু হিচাপে গণ্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য