--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৯ জুলাইত ছিডনীৰ পৰা নতুন দিল্লীলৈ অহা এখন বিমানত যাত্ৰীয়ে এয়াৰ ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ বিষয়াক চৰ শোধাই।এই ঘটনা সংঘটিত হয় তেতিয়া যেতিয়া ছিটৰ বিজুতিৰ বাবে বিজনেছ শ্ৰেণীৰ পৰা ইকনমি শ্ৰেণীলৈ নামি অহা যাত্ৰীজনৰ বিষয়াগৰাকীয়ে শুধৰণি কৰিবলৈ চেষ্টা কৰে।

সূত্ৰৰ উদ্ধৃতি দি পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি যেতিয়া এয়াৰ ইণ্ডিয়াৰ বিষয়াগৰাকীয়ে তেওঁৰ সহযাত্ৰীজনক তেওঁৰ উচ্চ কণ্ঠৰ বিষয়ে শুধৰাই দিবলৈ আৰম্ভ কৰে, তেতিয়া যাত্ৰীজনে তেওঁক চৰ মাৰে আৰু গালি-গালাজ কৰে।

পাঁচজন যুৱ কেবিন ক্ৰুৱে যাত্ৰীজনক ধৰি ৰাখিব নোৱাৰাৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিষয়াগৰাকীয়ে পাছফালৰ আসনলৈ লৰালৰিকৈ যায় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এক আনুষ্ঠানিক বিবৃতিত এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এই আক্ৰমণ সংঘটিত হোৱাটো নিশ্চিত কৰি কয় যে বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক এই বিষয়ে অৱগত কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে, ‘৯ জুলাইত ছিডনী-দিল্লী চলাচল কৰা এআই৩০১ বিমানখনৰ এজন যাত্ৰীয়ে বিমানৰ সময়ত মৌখিক আৰু লিখিত সতৰ্কবাণী দিয়াৰ পাছতো অগ্ৰহণযোগ্য আচৰণ কৰিছিল, যাৰ ফলত আমাৰ এজন কৰ্মচাৰীকে ধৰি আন যাত্ৰীসকলৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।’

বিমানখন দিল্লীত নিৰাপদ অৱতৰণ কৰাৰ লগে লগে যাত্ৰীজনক নিৰাপত্তা সংস্থাৰ হাতত গতাই দিয়া হয়, আৰু পাছত যাত্ৰীজনে লিখিতভাৱে ক্ষমা বিচাৰে। এই বিষয়ে ডিজিচিএক যথাযথভাৱে অৱগত কৰা হয়। 

শেহতীয়াকৈ বিমানত সঘনাই সমস্যাজনক যাত্ৰীৰ আচৰণক প্ৰদৰ্শন কৰি তোলা বহু গোচৰৰ ভিতৰত এই গোচৰটো অন্যতম।অভিযুক্ত যাত্ৰীজনৰ বিৰুদ্ধে, বা আক্ৰমণৰ বলি হোৱা বিষয়াজনৰ হৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে কৰ্তৃপক্ষই এতিয়ালৈকে কোনো সবিশেষ তথ্য দিয়া নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী