--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ৷ এই গণতন্ত্ৰ আছিল বহু ভাৰতীয়ৰ ত্যাগ আৰু কষ্টৰ ফচল৷ কিন্তু ভাৰতীয় নেতাই আজি জনতাক দেখুৱাইছে তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ প্ৰকৃত ছবিখন৷ 
যি দেশৰ ৮১২ মিলিয়ন জনতাই দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে সেই দেশৰ নেতাই ৰাজহুৱা ধন অপব্যয় কৰে ব্যক্তিগত বিলাস পূৰণ কৰিবলৈ৷যি দেশৰ মানুহে আজিও এসাঁজ ভাতৰ বাবে আত্মহত্যা কৰে সেই নেতাই পিন্ধে লাখ টকীয়া ছ্যুট! এইয়াই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ প্ৰকৃত ৰূপ৷ 

এফালে ৰাহুল গান্ধীৰ ৪১,০০০ হাজাৰৰ টি-ছাৰ্ট  আনফালে মোদীৰ লাখটকীয়া ছ্যুট৷ তাৰ মাজতে সুপ্ৰিয়া শ্ৰীনেটে ৰাজহুৱাভাৱে ঘোষণা কৰিলে অমিত শ্বাহৰ মাফলাৰৰ দাম৷ সুপ্ৰিয়া শ্ৰীনেটৰ মতে অমিত শ্বাহে পৰিধান কৰা এখন মাফলাৰৰ মূল্য  ৮০,০০০ টকা৷ 

শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী৷ চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জুড়ো পদযাত্ৰা৷ কংগ্ৰেছৰ এই অভিযানে  মোদী চৰকাৰক ভীতিগ্ৰস্থ কৰিছে যেন অনুভৱ হৈছে৷ সেইয়ে মূল বিষয়ৰ পৰা ফালৰি কাটি বিজেপিয়ে আৰম্ভ কৰিছে ৰাহুল গান্ধীৰ টি-ছাৰ্টক লৈ বিতৰ্ক৷ আমোদজনক কথা হ’ল, ৰাহুল গান্ধীলৈ মৰা শৰেই ওভতি আহিল মোদীলৈয়ো৷ ৰাহুল গান্ধীৰ ব্যয়বহুল টি-ছাৰ্টক লৈ বিজেপিয়ে বিতৰ্ক আৰম্ভ কৰাৰ লগে মোদীৰ ছ্যুটৰ দামক  লৈ বিজেপিক ওভতাই ধৰে কংগ্ৰেছে৷“ভাৰত জুড়ো”  অভিযানে এতিয়া ৰূপ লৈছে “ভাৰত দেখো” বিতৰ্কৰ৷ এক কথাত, কংগ্ৰেছৰ ভাৰত জুড়ো অভিযানৰ পৰা জনতাৰ দৃষ্টি বিকৰ্ষণ কৰাত সফল হৈছে মোদী চৰকাৰ৷ 

টি-ছাৰ্ট, ছ্যুটৰ বিতৰ্ক কম দিনৰ ভিতৰতে মানুহে পাহৰি যাব৷ কিন্তু ৰাজহুৱা ধনৰ এনে অপব্যয়ৰ বিষয়টো বাৰুকৈয়ে চিন্তনীয়৷জনতাই নিৰ্বাচন কৰা প্ৰতিনিধিয়ে জনতাৰ কথা নভৱাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক উদ্বেগজনক কথা৷ কেৱল কাপোৰতেই নহয়, বিদেশ ভ্ৰমণৰ বাবেও দেশৰ প্ৰধানমন্ত্ৰীজনে  বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আজি দেশখনৰ বৃহৎ জনসংখ্যাই সংস্থাপনহীনতাৰ সৈতে যুঁজি আছে৷ শিক্ষা ব্যৱস্থাতো বিনিয়োগ কৰা নাই চৰকাৰে৷এফালে কৰ, আনফালে বজাৰত জুই ! সাধাৰণ মানুহৰ বাবে আজি জীয়াই থকাই প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ ভালদিনৰ সপোনে ভাগ্য সলাব নোৱাৰিলে ভাৰতীয়ৰ৷মুঠতে ৰজাৰ বিলাস, প্ৰজাৰ বিলাই -বিপত্তি৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ