--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ৷ এই গণতন্ত্ৰ আছিল বহু ভাৰতীয়ৰ ত্যাগ আৰু কষ্টৰ ফচল৷ কিন্তু ভাৰতীয় নেতাই আজি জনতাক দেখুৱাইছে তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ প্ৰকৃত ছবিখন৷ 
যি দেশৰ ৮১২ মিলিয়ন জনতাই দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে সেই দেশৰ নেতাই ৰাজহুৱা ধন অপব্যয় কৰে ব্যক্তিগত বিলাস পূৰণ কৰিবলৈ৷যি দেশৰ মানুহে আজিও এসাঁজ ভাতৰ বাবে আত্মহত্যা কৰে সেই নেতাই পিন্ধে লাখ টকীয়া ছ্যুট! এইয়াই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ প্ৰকৃত ৰূপ৷ 

এফালে ৰাহুল গান্ধীৰ ৪১,০০০ হাজাৰৰ টি-ছাৰ্ট  আনফালে মোদীৰ লাখটকীয়া ছ্যুট৷ তাৰ মাজতে সুপ্ৰিয়া শ্ৰীনেটে ৰাজহুৱাভাৱে ঘোষণা কৰিলে অমিত শ্বাহৰ মাফলাৰৰ দাম৷ সুপ্ৰিয়া শ্ৰীনেটৰ মতে অমিত শ্বাহে পৰিধান কৰা এখন মাফলাৰৰ মূল্য  ৮০,০০০ টকা৷ 

শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী৷ চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জুড়ো পদযাত্ৰা৷ কংগ্ৰেছৰ এই অভিযানে  মোদী চৰকাৰক ভীতিগ্ৰস্থ কৰিছে যেন অনুভৱ হৈছে৷ সেইয়ে মূল বিষয়ৰ পৰা ফালৰি কাটি বিজেপিয়ে আৰম্ভ কৰিছে ৰাহুল গান্ধীৰ টি-ছাৰ্টক লৈ বিতৰ্ক৷ আমোদজনক কথা হ’ল, ৰাহুল গান্ধীলৈ মৰা শৰেই ওভতি আহিল মোদীলৈয়ো৷ ৰাহুল গান্ধীৰ ব্যয়বহুল টি-ছাৰ্টক লৈ বিজেপিয়ে বিতৰ্ক আৰম্ভ কৰাৰ লগে মোদীৰ ছ্যুটৰ দামক  লৈ বিজেপিক ওভতাই ধৰে কংগ্ৰেছে৷“ভাৰত জুড়ো”  অভিযানে এতিয়া ৰূপ লৈছে “ভাৰত দেখো” বিতৰ্কৰ৷ এক কথাত, কংগ্ৰেছৰ ভাৰত জুড়ো অভিযানৰ পৰা জনতাৰ দৃষ্টি বিকৰ্ষণ কৰাত সফল হৈছে মোদী চৰকাৰ৷ 

টি-ছাৰ্ট, ছ্যুটৰ বিতৰ্ক কম দিনৰ ভিতৰতে মানুহে পাহৰি যাব৷ কিন্তু ৰাজহুৱা ধনৰ এনে অপব্যয়ৰ বিষয়টো বাৰুকৈয়ে চিন্তনীয়৷জনতাই নিৰ্বাচন কৰা প্ৰতিনিধিয়ে জনতাৰ কথা নভৱাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক উদ্বেগজনক কথা৷ কেৱল কাপোৰতেই নহয়, বিদেশ ভ্ৰমণৰ বাবেও দেশৰ প্ৰধানমন্ত্ৰীজনে  বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আজি দেশখনৰ বৃহৎ জনসংখ্যাই সংস্থাপনহীনতাৰ সৈতে যুঁজি আছে৷ শিক্ষা ব্যৱস্থাতো বিনিয়োগ কৰা নাই চৰকাৰে৷এফালে কৰ, আনফালে বজাৰত জুই ! সাধাৰণ মানুহৰ বাবে আজি জীয়াই থকাই প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ ভালদিনৰ সপোনে ভাগ্য সলাব নোৱাৰিলে ভাৰতীয়ৰ৷মুঠতে ৰজাৰ বিলাস, প্ৰজাৰ বিলাই -বিপত্তি৷ 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু