--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তৃতীয় এন ডি এ চৰকাৰৰ প্ৰথমখন বাজেটত অসমৰ বাবে একো আশাৰ বতৰা নথকাটো দুৰ্ভাগ্যজনক৷ - কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আজি এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়াত কয় যে বিহাৰ, অন্ধ্ৰ প্ৰদেশ, পশ্চিম বংগ আৰু উৰিষ্যা আদি ৰাজ্যৰ বাবে একাধিক বৃহৎ পেকেজ, প্ৰকল্প আৰু অনুদান আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰে অসমৰ দৰে দুৰ্দশাগ্ৰস্ত ৰাজ্যৰ কথা এবাৰো মনত নেপেলালে ৷ 

যি সময়ত অসমৰ ২৯ খন জিলাৰ ২৪ লক্ষাধিক লোক বান-গৰাখহনীয়াত আক্ৰান্ত হৈ অপৰণীয় ক্ষতিৰ সন্নুখীন হৈছে, সেই সময়ত বিহাৰৰ বান প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় বাজেটত  ১১,৫০০ কোটি টকাৰ বিশেষ পেকেজ ধাৰ্য্য কৰিলে, অথচ অসমৰ বান-গৰাখহনীয়া প্ৰতিৰোধ আৰু আক্ৰান্তসকলৰ সাহায্য তথা পুনৰ সংস্থাপন শিতানত অসমৰ বানপানীৰ প্ৰসংগক গুৰুত্বই নিদিলে৷ অসমৰ বানপানীক 'বান সদৃশ পৰিস্থিতি' বুলি ইতিপূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উপলুঙা কৰাৰ দৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনেও এইবাৰৰ বাজেটত অসমৰ বান-গৰাখহনীয়া প্ৰতিৰোধ বা সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত এটা শব্দও উচ্ছাৰণ নকৰিলে ৷ ই অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতা কিমান, সেয়া উদঙাই দিয়ে ৷ 


গগৈ আৰু ভূঞাই কয় যে এইবাৰৰ বাজেটত বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশলৈ অভূতপূৰ্ব হাৰত ধন আৰু উন্নয়ণ প্ৰকল্প আগবঢ়োৱা বিষয়টোৱে প্ৰমাণ কৰে যে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে জনকল্যাণৰ সলনি নিজ দলৰ ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে ৷ কেন্দ্ৰীয় চৰকাৰ হিচাপে বাজেটৰ ধন দেশৰ সকলো ৰাজ্যৰ মাজত সমানুপাতিক হাৰত বন্টন হোৱাটো উচিত আছিল যদিও যিহেতু বিহাৰৰ জে ডি ইউ আৰু অন্ধ্ৰ প্ৰদেশৰ  টি ডি পি দলৰ সমৰ্থনৰ বলত কেন্দ্ৰত বিজেপিৰ চৰকাৰ টিকি আছে, সেয়ে সমগ্ৰৰ কেন্দ্ৰীয় বাজেটখনকে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশ কেন্দ্ৰিক কৰি পেলোৱা হৈছে ৷ এয়া দেশৰ যুক্তৰাষ্ট্ৰীয় কাঠামোক দুৰ্বল কৰিব পৰা এক পদক্ষেপ ৷ 


জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে মোদী চৰকাৰৰ এইবাৰৰ বাজেটত দুখীয়া আৰু মধ্য বিত্ত শ্ৰেণীৰ কল্যাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাবী কৰিছে যদিও বাস্তব ছবিখন তাৰ সম্পূৰ্ণ বিপৰীত ৷ কিয়নো মোবাইল আৰু মোবাইল চাৰ্জাৰৰ মূল্য হ্ৰাসে সাধাৰণ দুখীয়া মানুহৰ কল্যাণ সাধন নকৰে ৷ অত্যাৱশ্যকীয় সামগ্ৰী, দৰব, পেট্ৰল-ডিজেল-ৰন্ধন গেছৰ মূল্য হ্ৰাস হোৱা হ'লে দুখীয়া মানুহৰ উপকাৰ হ'লহেতেন ৷ কিন্তু তাকে নকৰি কেন্দ্ৰীয় চৰকাৰে কৰ্পোৰেট কৰ পুনৰ হ্ৰাস কৰি এইটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে বিজেপিয়ে সাধাৰণ ৰাইজৰ কল্যাণৰ কথা কয়হে, কিন্তু কাম কৰে বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ স্বাৰ্থত ৷ 


গগৈ আৰু ভূঞাই কয় যে এয়া এখন দৰিদ্ৰ বিৰোধী চৰকাৰৰ দৰিদ্ৰ বিৰোধী বাজেট।  বাজেটক এম জি এনৰেগাৰ কোনো উল্লেখ নাই, সাধাৰণ মানুহৰ উপাৰ্জনৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ উল্লেখেই পৰ্যাপ্ত নহয়।  কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে যে দেশৰ ৮০ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ তলতে থাকক  আৰু ৫ কেজি চাউলৰ ললিপপ খাই বিজেপিক ভোট দি থাকক৷ আকৌ ধনী আৰু দুখীয়াৰ মাজত আয়ৰ বৈষম্য দূৰ কৰিবলৈ তথা দেশৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত নগন্য দৃষ্টি নিক্ষেপ কৰা হ'ল৷  অভূতপূৰ্ব মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰো  কোনো পদক্ষেপ নল'লে৷


"প্ৰধান মন্ত্ৰীয়ে 'এ ফৰ অসম' বুলি কৈ অসমক দেশৰ ভিতৰত সৰবাধিক গুৰুত্ব দিয়াৰ কথা বুজাইছিল ৷ কিন্তু আন বাৰৰ দৰে এইবাৰো কেন্দ্ৰীয় বাজেটত অসম দুখ লগাকৈ উপেক্ষিত হ'ল ৷ এয়া হতাশাজনক আৰু  দুৰ্ভাগ্যজনক " - গগৈ আৰু ভূঞাই কয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ