--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ নিষিদ্ধ মাদক দ্ৰব্য জব্দ কৰা হৈছে। মণিপুৰৰ পৃথক পৃথক স্থানত নিষিদ্ধ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাইছিল অসম ৰাইফলছে। এই অভিযানত উদ্ধাৰ হয় প্ৰায় ৫ কোটি ৮৪ লাখ টকাৰ হেৰ’ইন আৰু পপি।

শনিবাৰ আৰু দেওবাৰে অসম ৰাইফলছে মণিপুৰৰ চাণ্ডেল জিলাৰ ট্ৰেক জংচন আৰু খুলমুলেন গাঁৱত অভিযান চলাইছিল। অভিযানৰ সময়চোৱাত এটা পৰিত্যক্ত বেগ আৰু এখন দুচকীয়া বাহনৰ পৰা হেৰ'ইন আৰু পপি খিনি জব্দ কৰে অসম ৰাইফলছে। 

অভিযানত মুঠ ১০.৬৪২ কেজি হেৰ’ইন জব্দ কৰাৰ বিপৰীতে পপি জব্দ কৰা হয় ৮.২৬০ কিলোগ্ৰাম।

জব্দকৃত হেৰ'ইনৰ মূল্য ৫.৩৮ কোটি আৰু পপি খিনিৰ মুল্য ৫৬ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। 

পাছত জব্দকৃত হেৰ'ইন আৰু পপিখিনি চকপিকাৰং থানাত গতাই দিয়ে অসম ৰাইফলছে।

নিষিদ্ধ মাদক দ্ৰব্যৰ এই কাৰবাৰত চিন্তিত হৈ পৰিছে সচেতন মহল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন