--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ নিষিদ্ধ মাদক দ্ৰব্য জব্দ কৰা হৈছে। মণিপুৰৰ পৃথক পৃথক স্থানত নিষিদ্ধ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাইছিল অসম ৰাইফলছে। এই অভিযানত উদ্ধাৰ হয় প্ৰায় ৫ কোটি ৮৪ লাখ টকাৰ হেৰ’ইন আৰু পপি।

শনিবাৰ আৰু দেওবাৰে অসম ৰাইফলছে মণিপুৰৰ চাণ্ডেল জিলাৰ ট্ৰেক জংচন আৰু খুলমুলেন গাঁৱত অভিযান চলাইছিল। অভিযানৰ সময়চোৱাত এটা পৰিত্যক্ত বেগ আৰু এখন দুচকীয়া বাহনৰ পৰা হেৰ'ইন আৰু পপি খিনি জব্দ কৰে অসম ৰাইফলছে। 

অভিযানত মুঠ ১০.৬৪২ কেজি হেৰ’ইন জব্দ কৰাৰ বিপৰীতে পপি জব্দ কৰা হয় ৮.২৬০ কিলোগ্ৰাম।

জব্দকৃত হেৰ'ইনৰ মূল্য ৫.৩৮ কোটি আৰু পপি খিনিৰ মুল্য ৫৬ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। 

পাছত জব্দকৃত হেৰ'ইন আৰু পপিখিনি চকপিকাৰং থানাত গতাই দিয়ে অসম ৰাইফলছে।

নিষিদ্ধ মাদক দ্ৰব্যৰ এই কাৰবাৰত চিন্তিত হৈ পৰিছে সচেতন মহল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস