--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোৰাদাবাদ পৌৰ নিগমৰ মেয়ৰ হিচাপে বিনোদ আগৰৱালা তৃতীয়বাৰৰ বাবে এই পদত নিৰ্বাচিত হৈছে। তেওঁ মোৰাদাবাদৰ এজন অন্যতম প্ৰতিষ্ঠিত ব্যক্তি । পত্নী বীনা আগৰৱালাও ৰাজনীতিত সক্ৰিয় আৰু তেওঁ দুবাৰকৈ মেয়ৰ নিৰ্বাচিত হৈছিল। ২০১৭ চনৰ পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰিজৱান কুৰেশীক পৰাস্ত কৰি বিনোদ আগৰৱালাই মেয়ৰৰ পদ দখল কৰিছিল। বয়স ৬৫ বছৰ আৰু তেওঁ এগৰাকী স্নাতক। তেওঁৰ পৰিয়ালৰ এখন পঞ্চ তাৰকা হোটেলো আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই ৰক্তদান কাৰ্যসূচীত বিনোদ আগৰৱালাই ৰক্তদানৰ সিদ্ধান্ত লৈছিল যদিও ঘটনাটোৱে এক অনন্য ৰূপ লয়। মোৰাদাবাদৰ মেয়ৰ বিনোদ আগৰৱালা বৰ্তমান বিতৰ্কিত পৰিস্থিতিত, তেওঁৰ বিৰুদ্ধে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ফটোশ্বুট কৰাৰ অভিযোগ উত্থাপন হৈছে। 

বিনোদ আগৰৱালাই চিকিৎসালয়ত ৰক্তদান প্ৰক্ৰিয়া আৰম্ভ কৰে, কিন্তু যেতিয়া ডাক্তৰে তেজ উলিয়াবলৈ আৰম্ভ কৰে, তেও হাঁহিবলৈ ধৰে আৰু কয়, “ডাক্তৰ চাহাব, বাদ দিয়ক, আমি এনেই আহিছো।” ইয়াৰ পিছত তেওঁ ৰক্তদান কৰিবলৈ অস্বীকাৰ কৰি তাৰ পৰা গুচি যায়।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত মানুহে তেওঁক “অভিনেতা” আখ্যা দিছে। বিনোদ আগৰৱালাই কেৱল ফটো তুলিবলৈহে তালৈ গৈছিল বুলিও একাংশ লোকে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু