--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উদ্যোগপতি গৌতম আদানীক এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে মনোনীত কৰা হৈছে। তেওঁ আদানী গোটৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। তেওঁ আদানী গ্ৰুপৰ অধ্যক্ষ আৰু সমগ্ৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি। অৰ্থনৈতিক সফলতাৰ দৌৰত গৌতম আদানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীকো অতিক্ৰম কৰিছে। তেওঁ ২০১৫ চনৰ পৰা এছিয়া আৰু ভাৰতৰ ধনী লোকৰ পদবী দখল কৰিছিল।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী পুনৰবাৰ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হ’ল৷ আদানী এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি লাভ কৰাৰ বিপৰীতে প্ৰথমজন ধনী ব্যক্তিৰ তালিকাত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী৷ শেহতীয়াকৈ আদানীয়ে চীনৰ সবাটোকৈ ধনী ব্যক্তি জংগ শ্বেনশ্বেনক অতিক্ৰম কৰি এছিয়াৰ দ্বিতীয় সবাটোকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে৷

কিন্তু এতিয়া সকলো লোকৰে মাজত চৰ্চালাভ কৰিছে, দেশত সৰ্ববৃহৎ দুটা লকডাউনৰ পাছতো কেনেকৈ তেওঁলোকৰ সম্পত্তিৰ ক্ষেত্ৰত একো পৰিৱৰ্তন নহ’ল ৷ কিয়নো দেশবাসীয়ে লকডাউনৰ কৱলত পৰি সকলোৰে অৱস্থা হৈ পৰিছিল পানীত হাঁহনচৰা অৱস্থা৷ এতিয়া সকলোৱে অভিযোগ উত্থাপন কৰিছে যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেৱল তেওঁলোকৰ হিতৰ বাবেই কাম কৰি আহিছে আৰু দেশৰ স্বাৰ্থত গ্ৰহণ কৰা সকলো উন্নয়নমূলক আঁচনি কেৱল আদানী, আম্বানীৰ দৰে লোকে সুফল ভোগ কৰে৷

সম্প্ৰতি এছিয়াৰ সবাটোকৈ ধ নী দুই ব্যক্তি হৈছে ভাৰতীয়৷ ইয়াকৈ লৈ এতিয়া দেশৰ জনসাধাৰণে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এতিয়া যেন দেশত কেৱল ধনী শ্ৰেণীটোৱে ধনী হৈ যোৱাৰ বিপৰীতে দেশত এতিয়া অনিন্ত্ৰিত হাৰত বৃদ্ধি হৈছে দৰিদ্ৰতা নিৱনুৱা সংখ্যা৷ ক’ভিডৰ পূৰ্বৰ সময়তকৈ ভাৰতত আত্মহত্যাৰ এই হাৰ ২৯%লৈ বৃদ্ধি পাইছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই প্ৰকাশ কৰা তথ্যত পোৱা গৈছে যে আত্মহত্যা কৰা ব্যৱসায়ীৰ সংখ্যাত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ সংখ্যাই অধিক৷

আন এটি উদ্বেগজনক কথা এয়ে যে অসমতো বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ সংখ্যা৷ অসমত ৩২৪৩ গৰাকী লোকে ক’ভিডকালত আত্মহত্যা কৰিছে৷ অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীবোৰে দিকবিদিক হেৰুৱাই পেলাইছে৷ হাতৰ পৰা কৰ্মসংস্থাপন নোহোৱা হৈ যোৱাত তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে বাছি লৈছে আত্মহত্যাৰ পথ৷ কিয়নো, ব্যৱসায়ীসকলক সকাহ দিবলৈ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ কোনো বিশেষ উদ্যোগ পৰিলক্ষিত হোৱা নাই৷ কেৱল মাত্ৰ এটা শ্ৰেণীৰ লোকক পাঁচ কেজিকৈ চাউল আৰু হিতাধিকাৰী সজাই চৰকাৰ চলাই গৈছে বিজেপিয়ে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই তেওঁলোকৰ অধ্যয়নত আত্মহত্যাৰ পৰিসংখ্যা অহা দুই-তিনিবছৰত আৰু বৃদ্ধি হ’ব আশংকা ব্যক্ত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র