--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এইবাৰো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ আম উপহাৰ প্ৰেৰণ কৰে। চৰকাৰী সূত্ৰ অনুসৰি, বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে মমতালৈ ৬০০ কেজি হিমসাগৰ আৰু লংৰা আম প্ৰেৰণ কৰিছে। সোমবাৰে জেছৌৰ-হৰিদাসপুৰৰ বেনাপোল বন্দৰ হৈ কলকাতাৰ কালিঘাটৰ মমতাৰ ঘৰত উপস্থিত হয় উপহাৰৰ আম।

প্ৰতি বছৰে হাছিনাই আমৰ বতৰত ‘ভগ্নী’ মমতালৈ উপহাৰ পঠিয়াই দিয়ে। কেৱল সেয়াই নহয়, চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এনে উপহাৰ প্ৰেৰণ কৰে। মমতাইও হাছিনাক বিভিন্ন সময়ত উপহাৰ প্ৰেৰণ কৰে। উদাহৰণ স্বৰূপে পূজাৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ শাৰী উপহাৰ পঠিয়াইছিল। পদ্মাৰ হিলছা মাছো উপহাৰ দিয়ে।

মমতা-হাছিনাৰ সম্পৰ্ক সদায় ভাল। শ্বেখ হাছিনাৰ এই বিষয়ে এইদৰে কৈছিল- “মমতা মোৰ ভনীয়েকৰ দৰেই আৰু আমি যিকোনো সময়তে লগ হ’ব পাৰো। কিছুমান সম্পৰ্ক ব্যক্তিগত, ৰাজনীতিৰ ওপৰত। গান্ধীৰ সৈতে মোৰ সম্পৰ্কৰ দৰে।''

মমতাইও বিভিন্ন সময়ত হাছিনাৰ লগত থকা ভাল সম্পৰ্কৰ কথা উল্লেখ কৰিলে। তেওঁৰ ভাষাত "হাছিনাজীৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্ক বহুত ভাল। পূজাৰ সময়ত শাৰী পঠাওঁ।'' 

ইয়াৰ পূৰ্বেও বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে মমতালৈ প্ৰেৰণ কৰিছিল আম। যোৱা বছৰ প্ৰধানমন্ত্ৰী মোডীকো বন্ধুত্বৰ উপহাৰ হিচাপে বাংলাদেশৰ পৰা আম প্ৰেৰণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস